--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ম্যানমাৰৰ ক্ষমতাচ্যুত নেত্ৰী আং চাং চ্যু কিৰ গৃহবন্দীত্বৰ সময়তে পুনৰ এক খবৰে দখল কৰিছে সংবাদ শিৰোনাম৷ গণতন্ত্ৰপন্থী নেত্ৰী আং চাং চ্যু কিৰ বিৰুদ্ধে সোমবাৰে জান্তা শাসিত বাৰ্মিজ আদালতে এক ৰায়ৰ ভিত্তিত চাৰি বছৰৰ কাৰাদণ্ড ঘোষণা কৰে৷ ৭৬বছৰীয়া নেত্ৰীগৰাকীয়ে দেশখনৰ গণতান্ত্ৰিক চৰকাৰৰ নেতৃত্ব প্ৰদান কৰিছিল৷


জানিব পৰা মতে সেনাবাহিনীৰ বিৰুদ্ধে বিভিন্ন মতপোষণ কৰা তথা ক’ভিড প্ৰট’কল উলংঘা কৰি উত্তেজনাৰ সৃষ্টি কৰাৰ অপৰাধ আছিল নেত্ৰীগৰাকীৰ বিৰুদ্ধে৷ উল্লেখ্য যে, ম্যানমাৰৰ আইন অনুসৰি এই নিয়ম ভংগ কৰা যিকোনো অভিযুক্ত লোকক সৰ্বাধিক দুই-তিনি বছৰৰ বাবে কাৰাদণ্ডৰ শাস্তি আছিল৷


নোবেল বঁটা বিজয়ী নেত্ৰীগৰাকীক ৭ ফেব্ৰুৱাৰীৰ পৰা দেশখনৰ সামৰিক অভ্যুত্থানৰ ফলশ্ৰুতিত গৃহবন্দিত্বৰ জীৱন পাৰ কৰি আহিছে৷ তেওঁৰ সৈতে নেচনেল লীগ ফৰ ডেম’ক্ৰেচীৰ বহুকেইজন নেতা-নেত্ৰীকো গৃহবন্দী কৰি ৰখা হৈছে৷ আং চাং চ্যু কিৰ বিৰুদ্ধে ক’ভিড বিধি উলংঘনৰ বহুকেইটা অভিযোগ থকাৰ লগতে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰতো অভিযুক্ত হৈ আছিল৷ সামৰিক অভ্যুত্থানৰ সময়ত আং চাং চ্যু কিৰ বিৰুদ্ধে প্ৰায় ১২টা গোচৰ ৰুজু কৰিছিল সামৰিক চৰকাৰে৷ ইয়াৰ ভিতৰত ৰাষ্ট্ৰৰ গোপন তথ্য প্ৰচাৰ, নীতি বহিঃভূতভাৱে ৱাকি টকি ৰখাৰ উপৰি বহুকেইটা গোচৰ ৰুজু হৈছিল৷


উল্লেখ্য যে জান্তা চৰকাৰে দাবী কৰা মতে গৃহবন্দীৰ সময়ছোৱাত আং চাং চ্যু কি সুস্থ অৱস্থাতে আছে৷ ইয়াৰ উপৰি গৃহবন্দী কৰি ৰখা প্ৰতিগৰাকীকে ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক