--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ম্যানমাৰৰ ক্ষমতাচ্যুত নেত্ৰী আং চাং চ্যু কিৰ গৃহবন্দীত্বৰ সময়তে পুনৰ এক খবৰে দখল কৰিছে সংবাদ শিৰোনাম৷ গণতন্ত্ৰপন্থী নেত্ৰী আং চাং চ্যু কিৰ বিৰুদ্ধে সোমবাৰে জান্তা শাসিত বাৰ্মিজ আদালতে এক ৰায়ৰ ভিত্তিত চাৰি বছৰৰ কাৰাদণ্ড ঘোষণা কৰে৷ ৭৬বছৰীয়া নেত্ৰীগৰাকীয়ে দেশখনৰ গণতান্ত্ৰিক চৰকাৰৰ নেতৃত্ব প্ৰদান কৰিছিল৷


জানিব পৰা মতে সেনাবাহিনীৰ বিৰুদ্ধে বিভিন্ন মতপোষণ কৰা তথা ক’ভিড প্ৰট’কল উলংঘা কৰি উত্তেজনাৰ সৃষ্টি কৰাৰ অপৰাধ আছিল নেত্ৰীগৰাকীৰ বিৰুদ্ধে৷ উল্লেখ্য যে, ম্যানমাৰৰ আইন অনুসৰি এই নিয়ম ভংগ কৰা যিকোনো অভিযুক্ত লোকক সৰ্বাধিক দুই-তিনি বছৰৰ বাবে কাৰাদণ্ডৰ শাস্তি আছিল৷


নোবেল বঁটা বিজয়ী নেত্ৰীগৰাকীক ৭ ফেব্ৰুৱাৰীৰ পৰা দেশখনৰ সামৰিক অভ্যুত্থানৰ ফলশ্ৰুতিত গৃহবন্দিত্বৰ জীৱন পাৰ কৰি আহিছে৷ তেওঁৰ সৈতে নেচনেল লীগ ফৰ ডেম’ক্ৰেচীৰ বহুকেইজন নেতা-নেত্ৰীকো গৃহবন্দী কৰি ৰখা হৈছে৷ আং চাং চ্যু কিৰ বিৰুদ্ধে ক’ভিড বিধি উলংঘনৰ বহুকেইটা অভিযোগ থকাৰ লগতে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰতো অভিযুক্ত হৈ আছিল৷ সামৰিক অভ্যুত্থানৰ সময়ত আং চাং চ্যু কিৰ বিৰুদ্ধে প্ৰায় ১২টা গোচৰ ৰুজু কৰিছিল সামৰিক চৰকাৰে৷ ইয়াৰ ভিতৰত ৰাষ্ট্ৰৰ গোপন তথ্য প্ৰচাৰ, নীতি বহিঃভূতভাৱে ৱাকি টকি ৰখাৰ উপৰি বহুকেইটা গোচৰ ৰুজু হৈছিল৷


উল্লেখ্য যে জান্তা চৰকাৰে দাবী কৰা মতে গৃহবন্দীৰ সময়ছোৱাত আং চাং চ্যু কি সুস্থ অৱস্থাতে আছে৷ ইয়াৰ উপৰি গৃহবন্দী কৰি ৰখা প্ৰতিগৰাকীকে ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র