--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মৰ্মান্তিক! এক কৰুণ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ছয়গৰাকী মন্দিৰ দৰ্শনাৰ্থীয়ে। এই কৰুণ ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশত। বালাজী মন্দিৰ চাই ঘৰলৈ উভতি অহাৰ পথত অন্ধ্ৰপ্ৰদেশৰ চিত্তোৰ জিলাত দেওবাৰে এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে, মন্দিৰ দৰ্শনাৰ্থী কঢ়িওৱা তীব্ৰবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

বাহনখনত আছিল ৮গৰাকী লোক।ডিভাইডাৰত খুন্দা মৰাৰ পাছতে বাহনখন ৰাজপথৰ মাজত লুটি খাই পৰে আৰু বাহনখনত জুই জ্বলি উঠে। মৰ্মান্তিক দুৰ্ঘটনাটোত ৫জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে এজনৰ হাস্পতালত মৃত্যু হয়। এই দুৰ্ঘটনাত মৃত্যুমুখত পৰিল এটি ছমহীয়া শিশুও। দুজন লোকৰ প্ৰাণ ৰক্ষা পৰে।

গুৰুতৰভাৱে আহত লোক দুজনক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত অন্ধ্ৰপ্ৰদেশ আৰক্ষীৰ এটা দল উপস্থিত হয় আৰু মৃতদেহসমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই ঘটনাই সমগ্ৰ অন্ধ্ৰপ্ৰদেশত গভীৰ শোকৰ ছাঁ পেলাইছে।

আৰু পঢ়কঃ বনভোজ খাবলৈ গৈ ধনশিৰিৰ বুকুত নিখোজ নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ অভিযন্তা


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক