--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মৰ্মান্তিক! এক কৰুণ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ছয়গৰাকী মন্দিৰ দৰ্শনাৰ্থীয়ে। এই কৰুণ ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশত। বালাজী মন্দিৰ চাই ঘৰলৈ উভতি অহাৰ পথত অন্ধ্ৰপ্ৰদেশৰ চিত্তোৰ জিলাত দেওবাৰে এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে, মন্দিৰ দৰ্শনাৰ্থী কঢ়িওৱা তীব্ৰবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

বাহনখনত আছিল ৮গৰাকী লোক।ডিভাইডাৰত খুন্দা মৰাৰ পাছতে বাহনখন ৰাজপথৰ মাজত লুটি খাই পৰে আৰু বাহনখনত জুই জ্বলি উঠে। মৰ্মান্তিক দুৰ্ঘটনাটোত ৫জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে এজনৰ হাস্পতালত মৃত্যু হয়। এই দুৰ্ঘটনাত মৃত্যুমুখত পৰিল এটি ছমহীয়া শিশুও। দুজন লোকৰ প্ৰাণ ৰক্ষা পৰে।

গুৰুতৰভাৱে আহত লোক দুজনক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত অন্ধ্ৰপ্ৰদেশ আৰক্ষীৰ এটা দল উপস্থিত হয় আৰু মৃতদেহসমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই ঘটনাই সমগ্ৰ অন্ধ্ৰপ্ৰদেশত গভীৰ শোকৰ ছাঁ পেলাইছে।

আৰু পঢ়কঃ বনভোজ খাবলৈ গৈ ধনশিৰিৰ বুকুত নিখোজ নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ অভিযন্তা


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র