--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ভিড, অ’মিক্ৰনৰ শংকাই এতিয়া বাৰুকৈয়ে খেদিছে সাধাৰণ জনতাক৷ দেশত ২১জন অ’মিক্ৰনত আক্ৰান্ত হোৱাৰ পাছৰেপৰা বৃদ্ধি পাইছে আতংকৰ৷ অ’মিক্ৰনৰ ভয়ত দিল্লী এৰিছে বহু লোকে৷ আজি দিল্লী বিমান বন্দৰত গৃহমুখী হোৱা লোকৰ সংখ্যাই চকু কপালত তুলিছে৷ কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰে অ’মিক্ৰনৰ সংক্ৰমণ ৰোধৰ বাবে কঠোৰ নীতি-নিয়ম বান্ধি দিয়াৰ পাছতো আজি শতাধিক লোকে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত এই নিয়ম উলংঘা কৰা দেখা গ’ল৷

আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোত কোনো সামাজিক দূৰত্ব মানি চলা পৰিলক্ষিত নহ’ল৷ ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হোৱা বিমান বন্দৰৰ ফটোৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য বিভাগে অন্য ৰাষ্ট্ৰৰ পৰা অহা লোকৰ বাবে কঠোৰ নিয়ম বান্ধি দিয়াৰ পাছতো যাত্ৰীসকলৰ অভাৱনীয় ভিৰ তথা অশৃংখলীত কাৰ্য-কলাপে বিপদ মাতিব পাৰে দেশবাসীলৈ৷ ইয়াৰ উপৰি বিভিন্ন ৰে’ল ষ্টেচনতসমূহতো অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে৷ কোনোধৰণৰ চৰকাৰী নীতি-নিৰ্দেশনা মানি নচলি এক অনাকাংশিত পৰিস্থিতিৰ সৃষ্টি কৰিছে এইসকললোকে৷

এই বিমান বন্দৰ তথা ৰে'লৱে ষ্টেচনসমূহত যাত্ৰী নিয়ন্ত্ৰণ তথা নীতি-নিৰ্দেশনা পালন নকৰিলে অতি সোনকালে নিসন্দেহে ‘ক’ভিড হটস্পট’ হিচাপে পৰিগণিত হ’ব৷ দক্ষিণ আফ্রিকা, বটছুৱানা, ঘানা, হংকং, হংলেণ্ড, ইটালীসহ হউৰোপীয় দেশসমূহ, ইজৰাইল, জার্মানী, কানাডা, পর্তুগাল আদিকে ধৰি বিশ্বৰ প্রায় ৩০খন দেশত শেহতীয়াকৈ উদ্বেগজনক হাৰত সংক্রমণ ধৰা পৰিছে ক’ভিডৰ নতুন প্রজাতি অ’মিক্রন৷ ভাৰততো দেওবাৰে ১৭জন নতুনকৈ আক্ৰান্ত হোৱাৰ কথা ধৰা পৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি