--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ভিড, অ’মিক্ৰনৰ শংকাই এতিয়া বাৰুকৈয়ে খেদিছে সাধাৰণ জনতাক৷ দেশত ২১জন অ’মিক্ৰনত আক্ৰান্ত হোৱাৰ পাছৰেপৰা বৃদ্ধি পাইছে আতংকৰ৷ অ’মিক্ৰনৰ ভয়ত দিল্লী এৰিছে বহু লোকে৷ আজি দিল্লী বিমান বন্দৰত গৃহমুখী হোৱা লোকৰ সংখ্যাই চকু কপালত তুলিছে৷ কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰে অ’মিক্ৰনৰ সংক্ৰমণ ৰোধৰ বাবে কঠোৰ নীতি-নিয়ম বান্ধি দিয়াৰ পাছতো আজি শতাধিক লোকে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত এই নিয়ম উলংঘা কৰা দেখা গ’ল৷

আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোত কোনো সামাজিক দূৰত্ব মানি চলা পৰিলক্ষিত নহ’ল৷ ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হোৱা বিমান বন্দৰৰ ফটোৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য বিভাগে অন্য ৰাষ্ট্ৰৰ পৰা অহা লোকৰ বাবে কঠোৰ নিয়ম বান্ধি দিয়াৰ পাছতো যাত্ৰীসকলৰ অভাৱনীয় ভিৰ তথা অশৃংখলীত কাৰ্য-কলাপে বিপদ মাতিব পাৰে দেশবাসীলৈ৷ ইয়াৰ উপৰি বিভিন্ন ৰে’ল ষ্টেচনতসমূহতো অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে৷ কোনোধৰণৰ চৰকাৰী নীতি-নিৰ্দেশনা মানি নচলি এক অনাকাংশিত পৰিস্থিতিৰ সৃষ্টি কৰিছে এইসকললোকে৷

এই বিমান বন্দৰ তথা ৰে'লৱে ষ্টেচনসমূহত যাত্ৰী নিয়ন্ত্ৰণ তথা নীতি-নিৰ্দেশনা পালন নকৰিলে অতি সোনকালে নিসন্দেহে ‘ক’ভিড হটস্পট’ হিচাপে পৰিগণিত হ’ব৷ দক্ষিণ আফ্রিকা, বটছুৱানা, ঘানা, হংকং, হংলেণ্ড, ইটালীসহ হউৰোপীয় দেশসমূহ, ইজৰাইল, জার্মানী, কানাডা, পর্তুগাল আদিকে ধৰি বিশ্বৰ প্রায় ৩০খন দেশত শেহতীয়াকৈ উদ্বেগজনক হাৰত সংক্রমণ ধৰা পৰিছে ক’ভিডৰ নতুন প্রজাতি অ’মিক্রন৷ ভাৰততো দেওবাৰে ১৭জন নতুনকৈ আক্ৰান্ত হোৱাৰ কথা ধৰা পৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক