--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আন্না হাজাৰে৷ ভাৰতৰ সমাজ জীৱনৰ স্বনামধন্য ব্যক্তিগৰাকী শেহতীয়াকৈ অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে৷ প্ৰবীণ গান্ধীবাদী নেতা আন্না হাজাৰেক বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ পুনেৰ ৰুবি হল ক্লিনিক চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসকৰ তত্ত্বাৱধানত ৰখা হৈছে৷ ৰুবি হল ক্লিনিকৰ চিকিৎসা অধীক্ষক ডাঃ অৱধুত বোদামৱাড়েই সংবাদ মাধ্যমক জানিব দিয়া মতে আন্না হাজাৰেৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ আৰু দুই-তিনিদিনৰ ভিতৰতে তেখেতে চিকিৎসালয় এৰিব পাৰিব৷

১৯৯২ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মভূষণ’ বঁটাৰে সন্মানেৰে সন্মানিত আন্না হাজাৰেৰ নেতৃত্বত ভাৰতৰ সংসদত দুৰ্নীতিবিৰোধী জন লোকপাল বিল গৃহীত কৰাৰ কাৰণে আন্দোলন আৰম্ভ হৈছিল৷ এই আন্দোলনৰ সহযোদ্ধা হিচাপে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন বিচাৰপতি তথা কৰ্ণাটকৰ লোকায়ুক্ত এন সন্তোষ হাগৰে, উচ্চতম ন্যায়ালয়ৰ প্ৰবীণ আইনজীৱী প্ৰশান্ত ভূষণ আৰু ইণ্ডিয়া এগেইনষ্ট ক'ৰাপশ্বন আন্দোলনৰ অন্যান্য সদস্য মিলি জন লোকপাল বিলৰ বিকল্প খচৰা প্ৰস্তুত কৰিছিল৷

এইগৰাকী বিশিষ্ট সমাজকৰ্মী তথা ভাৰতৰ সমাজ জীৱনত সুদীৰ্ঘ সময় সৰৱ হৈ থকা সমাজকৰ্মীগৰাকীৰ অসুস্থতাৰ বাতৰি বিয়পি পৰাৰ লগতে দেশৰ জনসাধাৰণ চিন্তান্বিত হৈ পৰিছে৷ সম্প্ৰতি, নামহীন বিষণ্ণতাত ডুব গৈছে দেশৰ জনগণ ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন