--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আন্না হাজাৰে৷ ভাৰতৰ সমাজ জীৱনৰ স্বনামধন্য ব্যক্তিগৰাকী শেহতীয়াকৈ অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে৷ প্ৰবীণ গান্ধীবাদী নেতা আন্না হাজাৰেক বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ পুনেৰ ৰুবি হল ক্লিনিক চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসকৰ তত্ত্বাৱধানত ৰখা হৈছে৷ ৰুবি হল ক্লিনিকৰ চিকিৎসা অধীক্ষক ডাঃ অৱধুত বোদামৱাড়েই সংবাদ মাধ্যমক জানিব দিয়া মতে আন্না হাজাৰেৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ আৰু দুই-তিনিদিনৰ ভিতৰতে তেখেতে চিকিৎসালয় এৰিব পাৰিব৷

১৯৯২ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মভূষণ’ বঁটাৰে সন্মানেৰে সন্মানিত আন্না হাজাৰেৰ নেতৃত্বত ভাৰতৰ সংসদত দুৰ্নীতিবিৰোধী জন লোকপাল বিল গৃহীত কৰাৰ কাৰণে আন্দোলন আৰম্ভ হৈছিল৷ এই আন্দোলনৰ সহযোদ্ধা হিচাপে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন বিচাৰপতি তথা কৰ্ণাটকৰ লোকায়ুক্ত এন সন্তোষ হাগৰে, উচ্চতম ন্যায়ালয়ৰ প্ৰবীণ আইনজীৱী প্ৰশান্ত ভূষণ আৰু ইণ্ডিয়া এগেইনষ্ট ক'ৰাপশ্বন আন্দোলনৰ অন্যান্য সদস্য মিলি জন লোকপাল বিলৰ বিকল্প খচৰা প্ৰস্তুত কৰিছিল৷

এইগৰাকী বিশিষ্ট সমাজকৰ্মী তথা ভাৰতৰ সমাজ জীৱনত সুদীৰ্ঘ সময় সৰৱ হৈ থকা সমাজকৰ্মীগৰাকীৰ অসুস্থতাৰ বাতৰি বিয়পি পৰাৰ লগতে দেশৰ জনসাধাৰণ চিন্তান্বিত হৈ পৰিছে৷ সম্প্ৰতি, নামহীন বিষণ্ণতাত ডুব গৈছে দেশৰ জনগণ ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক