--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিয়াৰ গান শুনি মৃত্যু ৬৩ টা কুকুৰাৰ। শুনিবলৈ আচৰিত লগা নাইনে? এই দাবী মৃত কুকুৰাকেইটাৰ মালিকৰ। তেওঁ আনকি এই ঘটনাক লৈ থানাত এক গোচৰো ৰুজু কৰিছে। আৰক্ষীও এই গোচৰ শুনি হৈছে হায়ৰাণ। এই ঘটনা সংঘটিত হৈছে ওড়িশাৰ বালাশ্বৰৰ কাণ্ডাগাৰ্দী গাঁৱত। এখন কুকুৰা ফাৰ্মৰ গৰাকী ৰঞ্জিত পাৰিদাই অভিযোগ কৰা অনুসৰি তেওঁৰ ঘৰৰ ওচৰত অনুষ্ঠিত হোৱা এক বিবাহ অনুষ্ঠানত ডি জে মাতি গানৰ অনুষ্ঠান পাতে।

ডিজেৰ জৰিয়তে গান বজাই স্ফূৰ্তি-তামাছা কৰিছিল বিয়াঘৰত। তাত উচ্চ স্বৰত বজোৱা গান-বাজনা শুনি ৰঞ্জিত পাৰিদাৰ কুকুৰা ফাৰ্মত সেই নিশাই হাৰ্ট এৰ্টেক হৈ ৬৩টাকৈ কুকুৰাৰ মৃত্যু হয়। কুকুৰা কেইটাৰ মৃত্যুৰ বাবে বিবাহ অনুষ্ঠিত কৰা পৰিয়ালটোক জগৰীয়া কৰি তেওঁলোকৰ বিৰুদ্ধে ৰঞ্জিত পাৰিদাই নীলগিৰি আৰক্ষী থানাত কুকুৰাৰ মালিক ৰঞ্জিত পাৰিদাই থানাত দাখিল কৰিছে এজাহাৰ।

এজাহাৰত কুকুৰা মালিকগৰাকীয়ে লিখিছে- নিশা ৰামচন্দ্ৰ পাৰিদাৰ ঘৰত বিবাহ উপলক্ষে বজোৱা উচ্চস্বৰৰ সংগীতৰ বাবে তেওঁৰ কুকুৰাকেইটাৰ মৃত্যু হৈছে। ডি জে বজোৱা উচ্চস্বৰৰ গানৰ বাবে হৃদৰোগত আক্ৰান্ত হৈ কুকুৰাবোৰ অস্থিৰ হৈ ঢলি পৰিছিল। তাৰ কিছুসময়ৰ পাছতে এটা এটাকৈ ৬৩টা কুকুৰা মৃত্যুমুখত পৰিছিল। এই অভিযোগ দাখিল কৰাৰ পাছত বিবুধিত পৰিছে আৰক্ষী। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্তটো আগবঢ়াবলৈ কাষ চাপিছে পশু চিকিৎসকৰ। আৰক্ষীয়ে পশু চিকিৎসকৰ পৰা এনে ঘটনা হ’ব পাৰে নেকি সেই সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে। সেই প্ৰতিবেদনৰ ভিত্তিতেই আৰক্ষীয়ে আৰম্ভ কৰিব তদন্ত প্ৰক্ৰিয়া। কুকুৰা মালিকে মোক ন্যায় লাগিবই বুলি আৰক্ষীক জনাইছে দাবী।

আৰু পঢ়কঃ বিশ্বজুৰি চৰ্চা! নিৰ্মাণ হ’ব বিশ্বৰ প্ৰথমখন ওপঙা চহৰ; ক’ত?


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক