--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিয়াৰ গান শুনি মৃত্যু ৬৩ টা কুকুৰাৰ। শুনিবলৈ আচৰিত লগা নাইনে? এই দাবী মৃত কুকুৰাকেইটাৰ মালিকৰ। তেওঁ আনকি এই ঘটনাক লৈ থানাত এক গোচৰো ৰুজু কৰিছে। আৰক্ষীও এই গোচৰ শুনি হৈছে হায়ৰাণ। এই ঘটনা সংঘটিত হৈছে ওড়িশাৰ বালাশ্বৰৰ কাণ্ডাগাৰ্দী গাঁৱত। এখন কুকুৰা ফাৰ্মৰ গৰাকী ৰঞ্জিত পাৰিদাই অভিযোগ কৰা অনুসৰি তেওঁৰ ঘৰৰ ওচৰত অনুষ্ঠিত হোৱা এক বিবাহ অনুষ্ঠানত ডি জে মাতি গানৰ অনুষ্ঠান পাতে।

ডিজেৰ জৰিয়তে গান বজাই স্ফূৰ্তি-তামাছা কৰিছিল বিয়াঘৰত। তাত উচ্চ স্বৰত বজোৱা গান-বাজনা শুনি ৰঞ্জিত পাৰিদাৰ কুকুৰা ফাৰ্মত সেই নিশাই হাৰ্ট এৰ্টেক হৈ ৬৩টাকৈ কুকুৰাৰ মৃত্যু হয়। কুকুৰা কেইটাৰ মৃত্যুৰ বাবে বিবাহ অনুষ্ঠিত কৰা পৰিয়ালটোক জগৰীয়া কৰি তেওঁলোকৰ বিৰুদ্ধে ৰঞ্জিত পাৰিদাই নীলগিৰি আৰক্ষী থানাত কুকুৰাৰ মালিক ৰঞ্জিত পাৰিদাই থানাত দাখিল কৰিছে এজাহাৰ।

এজাহাৰত কুকুৰা মালিকগৰাকীয়ে লিখিছে- নিশা ৰামচন্দ্ৰ পাৰিদাৰ ঘৰত বিবাহ উপলক্ষে বজোৱা উচ্চস্বৰৰ সংগীতৰ বাবে তেওঁৰ কুকুৰাকেইটাৰ মৃত্যু হৈছে। ডি জে বজোৱা উচ্চস্বৰৰ গানৰ বাবে হৃদৰোগত আক্ৰান্ত হৈ কুকুৰাবোৰ অস্থিৰ হৈ ঢলি পৰিছিল। তাৰ কিছুসময়ৰ পাছতে এটা এটাকৈ ৬৩টা কুকুৰা মৃত্যুমুখত পৰিছিল। এই অভিযোগ দাখিল কৰাৰ পাছত বিবুধিত পৰিছে আৰক্ষী। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্তটো আগবঢ়াবলৈ কাষ চাপিছে পশু চিকিৎসকৰ। আৰক্ষীয়ে পশু চিকিৎসকৰ পৰা এনে ঘটনা হ’ব পাৰে নেকি সেই সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে। সেই প্ৰতিবেদনৰ ভিত্তিতেই আৰক্ষীয়ে আৰম্ভ কৰিব তদন্ত প্ৰক্ৰিয়া। কুকুৰা মালিকে মোক ন্যায় লাগিবই বুলি আৰক্ষীক জনাইছে দাবী।

আৰু পঢ়কঃ বিশ্বজুৰি চৰ্চা! নিৰ্মাণ হ’ব বিশ্বৰ প্ৰথমখন ওপঙা চহৰ; ক’ত?


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন