--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শ্লোগান আৰু প্ৰচাৰতে আবদ্ধ হৈ ৰৈছে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বহু আঁচনি। বিজেপি চৰকাৰৰ দিনত দেশত নাৰীৰ সুৰক্ষাৰ বিষয়টো এটা সদা বিতৰ্কিত বিষয়। এই প্ৰসংগক আঁতৰাই থ’লেও আন এটা প্ৰসংগই এতিয়া চৰ্চা লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বহুচৰ্চিত আঁচনি ‘বেটী বচাওঁ, বেটী পঢ়াওঁ’ সন্দৰ্ভত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। ‘কমিটী অন এম্পাৱাৰমেণ্ট অব অ’মেন’ শীৰ্ষক কমিটীখনে লোকসভাত দিয়া তথ্যই উদঙাই দিয়ে এনে আঁচনিক লৈ চৰকাৰৰ ব্যাপক প্ৰচাৰৰ বিপৰীতে ইয়াৰ অন্তঃসাৰশূন্যতাৰ বিষয়ে। এই কমিটীয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ‘বেটী বচাওঁ, বেটী পঢ়াওঁ’ আঁচনিৰ বাবে যিমান পুঁজি আবণ্টন দিয়া হৈছিল তাৰ ৭৮.৯১শতাংশ খৰচ কৰা হৈছে প্ৰচাৰ বা বিজ্ঞাপনত।

উল্লিখিত কমিটীখনে লোকসভাত বৃহস্পতিবাৰে এখন প্ৰতিবেদন দাখিল কৰে। ‘এম্পাৱাৰমেণ্ট অব অ’মেন থ্ৰু এডুকেচন উইথ স্পেচিয়েল ৰেফাৰেন্স টু বেটি বচাও বেটী পঢ়াও স্কীম’ শীৰ্ষক এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, বিগত ৫ বছৰত এই আঁচনিখনৰ বাবে আবণ্টন কৰা ৮৪৮কোটি টকাৰ ১৫৬.৪৬কোটি টকাহে আঁচনি ৰূপায়নত খৰচ কৰা হৈছে। মন কৰিবলগীয়া যে, এই কমিটীখনৰ অধ্যক্ষ হৈছে বিজেপিৰ লোকসভাৰ সাংসদ হীনা বিজয়কুমাৰ গাৱিত। বিজেপিৰ এগৰাকী সাংসদৰ নেতৃত্বতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ নামত হোৱা ভেঁকোভাওনা পোহৰলৈ অহাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

পাঁচ বছৰত আঁচনিখনৰ বাবে ৮৪৮কোটি টকা আবণ্টন


দেশৰ কন্যা শিশুক ৰক্ষা কৰা আৰু তেওঁলোকক শিক্ষিত কৰি তোলাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এই প্ৰশংসনীয় আঁচনিখন আৰম্ভ কৰিছিল। ২০১৫চনত অৰ্থাৎ কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰ শাসনলৈ অহাৰ দ্বিতীয়টো বছৰতে এই আঁচনিৰ পাতনি মেলা হৈছিল। কিন্তু আঁচনিখনৰ সফল ৰূপায়নৰ সলনি ইয়াৰ প্ৰচাৰৰ নামত ঢাক-ঢোল বজোৱা কাৰ্যই চৰকাৰৰ প্ৰকৃত উদ্দেশ্যকে সন্দেহৰ মাজলৈ থেলি দিলে। ‘অ’মেন এম্পাৱাৰমেণ্ট কমিটী’খনে বৃহস্পতিবাৰে লোকসভাত সদৰি কৰে যে, বিগত পাঁচ বছৰত আঁচনিখনৰ বাবে ৮৪৮কোটি টকা আবণ্টন দিয়া হৈছিল। ইয়াৰে ৬২২.৪৮কোটি টকা ৰাজ্যসমূহলৈ মোকলাই দিয়া হয়। কমিটীখনে উল্লেখ কৰিছে যে, ২০১৬চনৰ পৰা ২০১৯চনৰ ভিতৰত ৰাজ্যসমূহলৈ মোকলাই দিয়া হৈছিল ৪৪৬.৭২কোটি টকা।

ইয়াৰে ৭৮.৯১শতাংশ ধন খৰচ কৰা হৈছিল কেৱল সংবাদ মাধ্যমত দিয়া বিজ্ঞাপনৰ নামত। কমিটীখনে প্ৰকাশ কৰিছে যে, তাৰ বাহিৰে কন্যাৰ শিক্ষা, স্বাস্থ্য আৰু আন কল্যাণকামী কামত এই আঁচনিৰ ধন ৰাজ্য বা কেন্দ্ৰশাসিত প্ৰদেশসমূহে কিদৰে খৰচ কৰিছিল তাৰ তথ্য নাই মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয়ৰ হাতত। এই কমিটীখনে এতিয়া সংশ্লিষ্ট মন্ত্ৰণালয়ক তেওঁলোকৰ দায়িত্ব সোঁৱৰাই দি আঁচনিখনৰ ধনৰ সদ্ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে।
কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা এখন গুৰুত্বপূৰ্ণ আঁচনিৰ নামত আৱণ্টিত বৃহৎ পৰিমাণৰ ধন কেৱল প্ৰচাৰৰ চমক সৃষ্টি আৰু আত্ম-ঢোলবাদনৰ নামত খৰচ কৰা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আঁচনি এখনৰ লক্ষ্য-উদ্দেশ্যক একাষৰীয়া কৰি থৈ এনদৰে ৰাজহুৱা ধনৰ অপচয় কৰা কাৰ্য দেশৰ বাবেই ক্ষতিকাৰক বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র