--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ঠেঁতুৱৈ ধৰা জাৰত এতিয়া কঁপিছে দিল্লীবাসী৷ ঘন কুঁৱলীৰ চাদৰে আৱৰি ৰখা ৰাজধানী দিল্লীত হঠাৎ বৃদ্ধি পাইছে জাৰৰ প্ৰকোপ৷ আজি পুৱা ৮.৩ ডিগ্ৰী ছেলছিয়াছলৈ নামি অহা উষ্ণতাই দিল্লীত এই সময়ছোৱাত সবাতোকৈ ঠাণ্ডাৰ দিন হিচাপে জানিব পৰা গ’ল৷ কিছুদিন আগৰলৈকে দিল্লীত বায়ু প্ৰদূষণৰ হাৰ অত্যধিক বৃদ্ধি পাই ডাঠ কুঁৱলীৰ এক আচ্ছাদনৰ দৰে অৱস্থাৰ সৃষ্টি কৰাৰ পাছতে পাছতে এতিয়া শীতৰ কুঁৱলীয়ে আৱৰি ৰাখিছে দিল্লীবাসীক৷

দিল্লীৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে শুকুৰবাৰলৈকে দিল্লীত ২৩৭ ডিগ্ৰী ছেলছিয়াছ চলি আছিল উষ্ণতা যদিও হঠাতে শুকুৰবাৰৰ নিশাই যথেষ্ট হ্ৰাস পাই আহিল মাত্ৰা৷ এইবৰ্ষত দিল্লীৰ উষ্ণতা ৯ ডিগ্ৰীলৈ নামিছিল যদিও কালি নিশাৰ মাত্ৰা সবাতোকৈ কম বুলি জানিবলৈ দিয়ে বিভাগীয় কৰ্তৃপক্ষই৷

ইপিনে দেৱালীৰ পাছৰ পৰাই হঠাতে বৃদ্ধি পোৱা বায়ু প্ৰদূষণে স্তব্ধ কৰিছিল দিল্লীবাসীৰ জনজীৱন৷ প্ৰায় দুসপ্তাহ বায়ু প্ৰদূষণৰ মাত্ৰা ইমানেই বৃদ্ধি পাইছিল যে, বিদ্যালয়, কলেজৰ বা অন্যান্য কাম-কাজ বন্ধ কৰি দিব লগা অৱস্থাত আহি পৰিছিল৷ ক’ভিডৰ পাছতে যেন বায়ু প্ৰদূষণৰ এক লকডাউনৰ পৰিৱেশহে বিৰাজ কৰিছিল৷ অৱশ্যে বৰ্তমানেও দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা উন্নত হোৱা নাই যদিও পূৰ্বৰ তুলনাত যথেষ্ট নিয়ন্ত্ৰণলৈ আহিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি