--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ঠেঁতুৱৈ ধৰা জাৰত এতিয়া কঁপিছে দিল্লীবাসী৷ ঘন কুঁৱলীৰ চাদৰে আৱৰি ৰখা ৰাজধানী দিল্লীত হঠাৎ বৃদ্ধি পাইছে জাৰৰ প্ৰকোপ৷ আজি পুৱা ৮.৩ ডিগ্ৰী ছেলছিয়াছলৈ নামি অহা উষ্ণতাই দিল্লীত এই সময়ছোৱাত সবাতোকৈ ঠাণ্ডাৰ দিন হিচাপে জানিব পৰা গ’ল৷ কিছুদিন আগৰলৈকে দিল্লীত বায়ু প্ৰদূষণৰ হাৰ অত্যধিক বৃদ্ধি পাই ডাঠ কুঁৱলীৰ এক আচ্ছাদনৰ দৰে অৱস্থাৰ সৃষ্টি কৰাৰ পাছতে পাছতে এতিয়া শীতৰ কুঁৱলীয়ে আৱৰি ৰাখিছে দিল্লীবাসীক৷

দিল্লীৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে শুকুৰবাৰলৈকে দিল্লীত ২৩৭ ডিগ্ৰী ছেলছিয়াছ চলি আছিল উষ্ণতা যদিও হঠাতে শুকুৰবাৰৰ নিশাই যথেষ্ট হ্ৰাস পাই আহিল মাত্ৰা৷ এইবৰ্ষত দিল্লীৰ উষ্ণতা ৯ ডিগ্ৰীলৈ নামিছিল যদিও কালি নিশাৰ মাত্ৰা সবাতোকৈ কম বুলি জানিবলৈ দিয়ে বিভাগীয় কৰ্তৃপক্ষই৷

ইপিনে দেৱালীৰ পাছৰ পৰাই হঠাতে বৃদ্ধি পোৱা বায়ু প্ৰদূষণে স্তব্ধ কৰিছিল দিল্লীবাসীৰ জনজীৱন৷ প্ৰায় দুসপ্তাহ বায়ু প্ৰদূষণৰ মাত্ৰা ইমানেই বৃদ্ধি পাইছিল যে, বিদ্যালয়, কলেজৰ বা অন্যান্য কাম-কাজ বন্ধ কৰি দিব লগা অৱস্থাত আহি পৰিছিল৷ ক’ভিডৰ পাছতে যেন বায়ু প্ৰদূষণৰ এক লকডাউনৰ পৰিৱেশহে বিৰাজ কৰিছিল৷ অৱশ্যে বৰ্তমানেও দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা উন্নত হোৱা নাই যদিও পূৰ্বৰ তুলনাত যথেষ্ট নিয়ন্ত্ৰণলৈ আহিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক