--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ যাত্ৰাপথত আপুনিও পাৰ হৈছে টোলগেট ৷ বৰ্তমান সময়ত জনসাধাৰণৰ বাবে টোলগেট এক প্ৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছে৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তথ্য মতে দেশত বৰ্তমান টোলগেটৰ সংখ্যা হৈছে ৩৭৪টা। মধ্য প্ৰদেশৰ ইন্দোৰ-পিথমপুৰ টোলগেটেই হ’ল ভাৰতৰ প্ৰথমটো টোলগেট৷ এই টোলগেটখন মুকলি কৰা হৈছিল ১৯৯৫ চনৰ ৩১মাৰ্চত৷ আনহাতে, ভাৰতৰ প্ৰথম ইলেকট্ৰ’নিক টোল সংগ্ৰহ পদ্ধতি মুকলি কৰা হৈছে আহমেদাবাদ-মুম্বাই হাইৱে’ত৷


যাত্ৰাপথত থকা টোলগেট হ’ল এনে এখন গেট য’ত নিদিষ্ট পৰিমাণৰ মূল্য পৰিশোধ কৰিহে আপুনি পাৰ হ’ব লাগিব৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ(National Highways Authority of India) চমুকৈ NHAIৰ অধীনৰ ৰাষ্ট্ৰীয় ঘাইপথবোৰ নিৰ্মাণৰ দায়িত্বত ৰাজহুৱা খণ্ড বা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক অৰ্পণ কৰা হয়। নিৰ্মাণ কৰা পথ আৰু পথৰ লগতে থকা দলং বা উৰণীয়া সেতুৰ ৭৫% সম্পূৰ্ণ হোৱাৰ পাছতে চৰকাৰে উক্ত নিৰ্মাতা প্ৰতিষ্ঠানসমূহক, পথনিৰ্মাণত হোৱা খৰছখিনি আদায় কৰিবলৈ টোলগেটৰ অনুমতি দিয়ে। বিভাগীয় অনুমতি পোৱাৰ পাছত চৰকাৰে বান্ধি দিয়া নিৰিখ অনুসাৰে টোলগেট এজেন্সীয়ে সেই পথেৰে পাৰ হৈ যোৱা যান-বাহনসমূহৰ পৰা ধন আদায় কৰে। ইয়াৰ জৰিয়তে এজেন্সীটোৱে সেই পথছোৱাৰ চোৱা-চিতা বা মেৰামতিৰ দায়িত্ব পালন কৰে।


কিন্তু এতিয়া টোল কৰ মানুহৰ বাবে গুণ্ডা কৰলৈ পৰিণত হৈছে, টোল কৰ যদিও বৈধ, বৰ্তমান টোলগেটৰ এজেন্সীয়ে অধিক পৰিমাণত ধনসংগ্ৰহ কৰাৰ অভিযোগ উঠাৰ লগতে কৰ্তৃপক্ষই মানুহৰ পৰা ভয়-ভাবুকিৰে টোল কৰ আদায় কৰাৰ বহুতো ঘটনা আছে৷ শেহতীয়াকৈ কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে টোলগেটৰ জৰিয়তে চৰকাৰৰ অধিক লাভবান হ’ব বুলি মতপোষণ কৰে৷ আগন্তুক তিনি বছৰত টোলগেটৰ পৰা লাভ কৰা পৰিমাণ হ’ল ৪০,০০০ কোটিৰ পৰা বছৰি বৃদ্ধি প্ৰায় ১.৪০ লাখ হ’বগৈ বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে কয়৷ মন্ত্ৰীজনে লগতে কয় যে, ‘দেশৰ আন্তঃগাঁথনিত উন্নয়নত এতিয়া টোলগেটেই আমাৰ বাবে শেষ ভৰসা৷’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ