--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ যাত্ৰাপথত আপুনিও পাৰ হৈছে টোলগেট ৷ বৰ্তমান সময়ত জনসাধাৰণৰ বাবে টোলগেট এক প্ৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছে৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তথ্য মতে দেশত বৰ্তমান টোলগেটৰ সংখ্যা হৈছে ৩৭৪টা। মধ্য প্ৰদেশৰ ইন্দোৰ-পিথমপুৰ টোলগেটেই হ’ল ভাৰতৰ প্ৰথমটো টোলগেট৷ এই টোলগেটখন মুকলি কৰা হৈছিল ১৯৯৫ চনৰ ৩১মাৰ্চত৷ আনহাতে, ভাৰতৰ প্ৰথম ইলেকট্ৰ’নিক টোল সংগ্ৰহ পদ্ধতি মুকলি কৰা হৈছে আহমেদাবাদ-মুম্বাই হাইৱে’ত৷


যাত্ৰাপথত থকা টোলগেট হ’ল এনে এখন গেট য’ত নিদিষ্ট পৰিমাণৰ মূল্য পৰিশোধ কৰিহে আপুনি পাৰ হ’ব লাগিব৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ(National Highways Authority of India) চমুকৈ NHAIৰ অধীনৰ ৰাষ্ট্ৰীয় ঘাইপথবোৰ নিৰ্মাণৰ দায়িত্বত ৰাজহুৱা খণ্ড বা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক অৰ্পণ কৰা হয়। নিৰ্মাণ কৰা পথ আৰু পথৰ লগতে থকা দলং বা উৰণীয়া সেতুৰ ৭৫% সম্পূৰ্ণ হোৱাৰ পাছতে চৰকাৰে উক্ত নিৰ্মাতা প্ৰতিষ্ঠানসমূহক, পথনিৰ্মাণত হোৱা খৰছখিনি আদায় কৰিবলৈ টোলগেটৰ অনুমতি দিয়ে। বিভাগীয় অনুমতি পোৱাৰ পাছত চৰকাৰে বান্ধি দিয়া নিৰিখ অনুসাৰে টোলগেট এজেন্সীয়ে সেই পথেৰে পাৰ হৈ যোৱা যান-বাহনসমূহৰ পৰা ধন আদায় কৰে। ইয়াৰ জৰিয়তে এজেন্সীটোৱে সেই পথছোৱাৰ চোৱা-চিতা বা মেৰামতিৰ দায়িত্ব পালন কৰে।


কিন্তু এতিয়া টোল কৰ মানুহৰ বাবে গুণ্ডা কৰলৈ পৰিণত হৈছে, টোল কৰ যদিও বৈধ, বৰ্তমান টোলগেটৰ এজেন্সীয়ে অধিক পৰিমাণত ধনসংগ্ৰহ কৰাৰ অভিযোগ উঠাৰ লগতে কৰ্তৃপক্ষই মানুহৰ পৰা ভয়-ভাবুকিৰে টোল কৰ আদায় কৰাৰ বহুতো ঘটনা আছে৷ শেহতীয়াকৈ কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে টোলগেটৰ জৰিয়তে চৰকাৰৰ অধিক লাভবান হ’ব বুলি মতপোষণ কৰে৷ আগন্তুক তিনি বছৰত টোলগেটৰ পৰা লাভ কৰা পৰিমাণ হ’ল ৪০,০০০ কোটিৰ পৰা বছৰি বৃদ্ধি প্ৰায় ১.৪০ লাখ হ’বগৈ বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে কয়৷ মন্ত্ৰীজনে লগতে কয় যে, ‘দেশৰ আন্তঃগাঁথনিত উন্নয়নত এতিয়া টোলগেটেই আমাৰ বাবে শেষ ভৰসা৷’


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ