--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাৱণৰ দেহাৱসান। সাংস্কৃতিক জগতত শোকৰ ছাঁ পেলাই আঁতৰি গ’ল ৰাৱণ। জনপ্ৰিয় ধাৰাবাহিক ‘ৰামায়ণ’ত ‘ৰাৱণ’ৰ চৰিত্ৰত অভিনয়েৰে অনেকজনৰ অন্তৰ জিনা অৰবিন্দ ত্ৰিবেদীৰ দেহাৱসান৷ দীৰ্ঘদিনে শাৰীৰিক অসুস্থতাত ভুগি আছিল অভিনেতাগৰাকীয়ে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ৷ যোৱা নিশা হাৰ্ট এটেকৰ ফলত মৃত্যুক সাবটি লয় অৰবিন্দ ত্ৰিবেদীয়ে৷ ৰাৱণৰ চৰিত্ৰত অভিনয় কৰি ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিছিল অভিনেতাজন৷ প্ৰবীণ অভিনেতাজনৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে টেলিভিছন জগতৰ লগতে তেওঁৰ গুণমুগ্ধসকল৷

তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিলে কয়, ‘‘আধ্যাত্মিকভাৱে তেওঁ ৰামৰ দৰে লোক৷ সাংসাৰিক জীৱনত এজন অতি ভাল, ধৰ্মীয়, সৰল প্ৰকৃতিৰ মানুহ আৰু মোৰ মৰমৰ বন্ধু অৰবিন্দ ত্ৰিবেদীক আজি মানৱ সমাজে হেৰুৱালে।নিঃসন্দেহে তেওঁ আজি পৰমধামলৈ যাব আৰু ভগৱান শ্ৰীৰামৰ সান্নিধ্য লাভ কৰিব৷’’

উল্লেখ্য যে অৰবিন্দ ত্ৰিৱেদীৰ জন্ম হৈছিল মধ্য প্ৰদেশৰ উজ্জয়িনীত৷ গুজৰাটৰ ৰঙ্গমঞ্চত অৰবিন্দ ত্ৰিৱেদীয়ে কেৰিয়াৰৰ পাতনি মেলে৷ তেওঁ প্ৰায় ৩০০ খন হিন্দী আৰু গুজৰাটী চিনেমাত অভিনয় কৰিছে৷ ৰাৱণৰ চৰিত্ৰত জীৱন্ত অভিনয় কৰি দেশজুৰি প্ৰসিদ্ধি লাভ কৰিছিল অৰবিন্দ ত্ৰিৱেদীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ