--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ প্ৰখ্যাত মহিলাৰ অধিকাৰ কৰ্মী কমলা ভাছিনৰ দেহাৱসান। নাৰীৰ অধিকাৰৰ হকে বিভিন্ন সংগ্ৰামৰ নেতৃত্ব দিয়া কমলা ভাছিনৰ মৃত্যু মহিলা অধিকাৰ সংগ্ৰামৰ ক্ষেত্ৰখনৰ এক বৃহৎ ক্ষতি হিচাপে চিহ্নিত হৈছে। তেওঁ আন ভালেমান আন্দোলনৰ নেতৃত্ব দিয়াৰ লগতে দক্ষিণ এছিয়াত গঢ়ি তোলা ‘ৱান বিলিয়ন ৰাইজিং’ অভিযানৰো অংশ আছিল। ৭৫বছৰ বয়সত শনিবাৰে তেওঁৰ মৃত্যু হয়।

লিংগ, উন্নয়ন, শান্তি আৰু মানৱ অধিকাৰৰ দৰে বিষয়ক লৈ তেওঁ তিনি দশকৰো অধিক সময় কাম কৰি আছিল। কেৱল ভাৰততে নহয়, দক্ষিণ এছিয়াৰ বিভিন্ন দেশলৈ তেওঁৰ কামৰ পৰিসৰ বিস্তৃত হৈছিল। এগৰাকী কবি আৰু লেখক হিচাপেও প্ৰখ্যাত কমলা ভাছিনে নিজকে এগৰাকী ‘অনুশীলনৰ জৰিয়তে হোৱা সমাজ-বিজ্ঞানী’ বুলি আখ্যা দিছিল।

তেওঁ ৰচনা কৰা বিভিন্ন গ্ৰন্থৰ ভিতৰত নাৰীবাদ আৰু নাৰীৰ সৈতে জড়িত বিষয়ৰ গ্ৰন্থই আছিল সৰ্বাধিক। ভাছিনম মৃত্যুত দেশৰ বিভিন্নজন বিশিষ্ট ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ শিশোদিয়া, সমাজকৰ্মী হৰ্ষ মন্দেৰ, প্ৰখ্যাত অধিবক্তা তথা সংগ্ৰামী প্ৰশান্ত ভূষণ আদিয়েও তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement