--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মাৰ্জিত পোছাকেৰে বিভূষিত হয় প্ৰত্যকজনৰ সৌন্দৰ্য৷ ভিন্ন পোছাকৰ সৌন্দয্যও ভিন্নৰূপী৷ তাতে আকৌ পৰম্পৰাগত পোছাক বুলিলে ভাৰতত সৌন্দৰ্য্য সংজ্ঞা বেলেগকৈ বহন কৰিব নালাগে৷ থিক তেনেদৰে শাড়ীৰ বিশেষ মৰ্যদাও আছে এইখন দেশত৷ এগৰাকী নাৰীয়ে শাড়ী পৰিধান কৰিলে বহন কৰা অতুলনীয় সৌন্দয্য সকলোৰে গুণমুগদ্ধ হয়৷ কিন্তু তেনে এখন দেশতেই শাড়ী পৰিধান কৰাৰ বাবে প্ৰবেশ কৰিব নিদিয়াৰ ঘটনাই চকু কপলাত উঠাইছে সকলোকে৷ অসমত হাফপেণ্ট বিতৰ্কই খলকনি তোলাৰ সময়তে এইবাৰ ৰাষ্ট্ৰীয় মাধ্যমত বতৰ্কৰ বিষয় হৈ পৰিছে শাড়ী। দিল্লীৰ ৰেস্তোঁৰাত শাড়ী পিন্ধা মহিলাক প্ৰৱেশ কৰিবলৈ নিদিয়াক লৈ এই বিতৰ্ক।

দৰাচলতে এগৰাকী শাড়ী পৰিধান কৰি সাংবাদিক অনিতা চৌধুৰীয়ে ‘অক্কিলা দিল্লী’ নামৰ ৰেস্তোঁৰালৈ গৈছিল। কিন্তু প্ৰৱেশদ্বাৰতে তেওঁ বাধাৰ সন্মুখীন হ’ল। ৰেস্তোঁৰাৰ কৰ্মচাৰীয়ে তেওঁক শাড়ী পিন্ধি যোৱাৰ বাবেই ৰেস্তোঁৰাত প্ৰৱেশৰ অনুমতি নিদিলে। কৰ্মচাৰীজনৰ মতে কেৱল স্মাৰ্ট কাপোৰ পিন্ধা লোককহে প্ৰৱেশৰ অনুমতি দিয়া হয়। তেতিয়া সাংবাদিকগৰাকীয়ে মন্তব্য কৰে—অনুগ্ৰহ কৰি আপুনি স্মাৰ্ট কাপোৰ কি হয় জনাওক। সাংবাদিক অনিতা আৰু ৰেস্তোঁৰাৰ কৰ্মচাৰীজনৰ বাৰ্তালাপৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যম ফেচবুকত।

ফেচবুকত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে ভিডিঅ’টোৱে। তেজপুৰত হাফপেণ্ট পৰিধান কৰা যুৱতীক পৰীক্ষা হলত প্ৰৱেশ কৰিব নিদিয়াত অসমত সামাজিক মাধ্যমত বিপৰীত দৃষ্টিভংগীৰ দুই পক্ষৰ মাজত প্ৰৱল বিতৰ্কৰ সৃষ্টি হৈছিল। এতিয়া দিল্লীৰ এই ঘটনাক লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছে একে ধৰণৰ বিতৰ্কৰ। সাংবাদিক অনিতাই ফেচবুকত ভিডিঅ’টো পোষ্ট কৰি মন্তব্য কৰিছিল—শাড়ী পিন্ধাৰ বাবেই মোক দিল্লীৰ এখন ৰেস্তোঁৰাত প্ৰৱেশৰ অনুমতি দিয়া নহ’ল। কাৰণ ভাৰতত শাড়ী স্মাৰ্ট পোচাক নহয়! দিল্লীৰ ৰেস্তোঁৰাখনত হোৱা অপমান মই জীৱনকালত সন্মুখীন হোৱা সবাতোকৈ তীব্ৰ অপমান। ‘মই দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, দিল্লীৰ মুখ্যমন্ত্ৰী, দিল্লী আৰক্ষী আৰু ৰাষ্ট্রীয় মহিলা আয়োগক আহ্বান জনাইছো তেওঁলোকে যাতে স্মাৰ্ট পোচাকৰ প্ৰকৃত সংজ্ঞা সন্দৰ্ভত মোক অৱগত কৰে’। ইয়াৰ পাছতেই বিষয়টোক লৈ সামাজিক মাধ্যমত বহু লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যথেষ্ট সংখ্যক লোকে ইয়াক ভাৰতীয় সাজ-পোচাকৰ বাবে চৰম অপমানজনক আখ্যা দিছে। ইফালে, সাংবাদিক অনিতা চৌধুৰীয়ে ৰাষ্ট্রীয় মহিলা আয়োগক বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ