--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লণ্ডনৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ে আয়োজিত কৰা বন্যপ্ৰাণী আলোকচিত্ৰ প্ৰতিযোগিতাত জিলিকিছে ভাৰতৰ এগৰাকী নবছৰীয় শিশু৷ ১১৭ খন দেশ তথা ক্ষেত্ৰৰ সকলো বয়সৰ অংশগ্ৰহণকাৰীয়ে দাখিল কৰা প্ৰায় ৬০ হাজাৰ আলোকচিত্ৰৰ ভিতৰত নিৰ্বাচিত হৈছে ৯ বছৰীয়া শ্ৰেয়ৱী মেহতাৰ  আলোকচিত্ৰ ৷ 
 
প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়(এন এইচ এম)ৰ উদ্যোগত অনুষ্ঠিত হোৱা ৬০ সংখ্যক সংস্কৰণত ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ বঁটাৰ তালিকাত ৯ বছৰীয়া শ্ৰেয়ৱী মেহতাই স্থান লাভ কৰিছে। ভৰতপুৰৰ কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যানৰ গছৰ তলত দুজনী ময়ুৰচৰাইৰ ছাঁয়া প্ৰদৰ্শিত "ইন দ্য স্পটলাইট" শীৰ্ষক ফটোখনৰ বাবে মেহতাই '১০ বছৰ আৰু তাৰ তলৰ' শাখাত ৰানাৰ্ছ আপ হোৱা বুলি সদৰি কৰিছে।

সংবাদ দাতাৰ আগত কয় যে, ‘ৱাইল্ড লাইফ ফটোগ্ৰাফীৰ আটাইতকৈ ডাঙৰ মঞ্চ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ে আমাৰ ৰাষ্ট্ৰীয় পখীৰ ফটোখন স্বীকৃতি প্ৰদান কৰা বাবে সুখী অনুভৱ কৰিছো।এনেদৰে অনাগত সময়ত অনুশীলন কৰি যাম যাতে এদিন আমাৰ ৰাষ্ট্ৰীয় পশু বাঘৰ ফটোয়েও আন্তৰাষ্ট্ৰীয় স্বিকৃতি লাভ কৰিব পাৰে।’

পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয়, মা-দেউতাকক ধন্যবাদ। ৱাইল্ড লাইফ ফটোগ্ৰাফী যদিও মোৰ দৰে শিশুৰ বাবে কঠোৰ আছিল, মোৰ সপোনবোৰ সফল কৰাত মা-দেউতাৰ মৰম আৰু উৎসাহ মোৰ আটাইতকৈ ডাঙৰ শক্তি।’ ফটোগ্ৰাফীৰ প্ৰতি থকা আকৰ্ষণ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দি কয় যে, বিশ্বৰ ডাঙৰ মঞ্চখনত ভাৰতক প্ৰতিনিধিত্ব কৰি মই অতি গৌৰৱান্বিত। ভাৰতৰ চহকী ঐতিহ্য, প্ৰাকৃতিক পৰিৱেশ তথা ইয়াত বসবাস কৰা বৈচিত্ৰময় বন্যপ্ৰণী মোৰ অন্তহীন প্ৰেৰণাৰ উৎস, এই প্ৰেৰণাৰ ফল ‘ইন দ্য স্পটলাইট’।লক্ষ্যত উপনীত হ’বলৈ কঠোৰ পৰিশ্ৰম কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে কণমানি ৱাইল্ড লাইফ ফটোগ্ৰাফৰ শ্ৰেয়ৱী মেহতাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ