--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লণ্ডনৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ে আয়োজিত কৰা বন্যপ্ৰাণী আলোকচিত্ৰ প্ৰতিযোগিতাত জিলিকিছে ভাৰতৰ এগৰাকী নবছৰীয় শিশু৷ ১১৭ খন দেশ তথা ক্ষেত্ৰৰ সকলো বয়সৰ অংশগ্ৰহণকাৰীয়ে দাখিল কৰা প্ৰায় ৬০ হাজাৰ আলোকচিত্ৰৰ ভিতৰত নিৰ্বাচিত হৈছে ৯ বছৰীয়া শ্ৰেয়ৱী মেহতাৰ  আলোকচিত্ৰ ৷ 
 
প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়(এন এইচ এম)ৰ উদ্যোগত অনুষ্ঠিত হোৱা ৬০ সংখ্যক সংস্কৰণত ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ বঁটাৰ তালিকাত ৯ বছৰীয়া শ্ৰেয়ৱী মেহতাই স্থান লাভ কৰিছে। ভৰতপুৰৰ কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যানৰ গছৰ তলত দুজনী ময়ুৰচৰাইৰ ছাঁয়া প্ৰদৰ্শিত "ইন দ্য স্পটলাইট" শীৰ্ষক ফটোখনৰ বাবে মেহতাই '১০ বছৰ আৰু তাৰ তলৰ' শাখাত ৰানাৰ্ছ আপ হোৱা বুলি সদৰি কৰিছে।

সংবাদ দাতাৰ আগত কয় যে, ‘ৱাইল্ড লাইফ ফটোগ্ৰাফীৰ আটাইতকৈ ডাঙৰ মঞ্চ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ে আমাৰ ৰাষ্ট্ৰীয় পখীৰ ফটোখন স্বীকৃতি প্ৰদান কৰা বাবে সুখী অনুভৱ কৰিছো।এনেদৰে অনাগত সময়ত অনুশীলন কৰি যাম যাতে এদিন আমাৰ ৰাষ্ট্ৰীয় পশু বাঘৰ ফটোয়েও আন্তৰাষ্ট্ৰীয় স্বিকৃতি লাভ কৰিব পাৰে।’

পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয়, মা-দেউতাকক ধন্যবাদ। ৱাইল্ড লাইফ ফটোগ্ৰাফী যদিও মোৰ দৰে শিশুৰ বাবে কঠোৰ আছিল, মোৰ সপোনবোৰ সফল কৰাত মা-দেউতাৰ মৰম আৰু উৎসাহ মোৰ আটাইতকৈ ডাঙৰ শক্তি।’ ফটোগ্ৰাফীৰ প্ৰতি থকা আকৰ্ষণ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দি কয় যে, বিশ্বৰ ডাঙৰ মঞ্চখনত ভাৰতক প্ৰতিনিধিত্ব কৰি মই অতি গৌৰৱান্বিত। ভাৰতৰ চহকী ঐতিহ্য, প্ৰাকৃতিক পৰিৱেশ তথা ইয়াত বসবাস কৰা বৈচিত্ৰময় বন্যপ্ৰণী মোৰ অন্তহীন প্ৰেৰণাৰ উৎস, এই প্ৰেৰণাৰ ফল ‘ইন দ্য স্পটলাইট’।লক্ষ্যত উপনীত হ’বলৈ কঠোৰ পৰিশ্ৰম কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে কণমানি ৱাইল্ড লাইফ ফটোগ্ৰাফৰ শ্ৰেয়ৱী মেহতাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু