--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মণিপুৰৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আঁৰত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙ জড়িত বুলি তথ্য সম্বলিত অডিঅ’ ক্লিপটো বাহিৰ হোৱা পাছতে প্ৰতিবাদমুখৰ হৈ পৰিছিল মণিপুৰৰ জনসাধাৰণ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই মণিপুৰৰ বিভিন্ন প্ৰান্তৰ লগতে নতুন দিল্লীতো কুকী-জো সম্প্ৰদায়ৰ লোকসকলে এক প্ৰতিবাদী সমদল উলিয়াই।

প্ৰতিবাদকাৰী জনসাধাৰণে কুকী-জো জনগোষ্ঠীৰ বাবে সুকীয়া প্ৰশাসনৰ বাবে দাবী উত্থাপন কৰিছে৷আৰু মণিপুৰৰ চুৰাচান্দপুৰ জিলা, কাংপকপি জিলা আৰু ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী টেংগনৌপালৰ মৰেহ চহৰতো প্ৰতিবাদী সমদল ওলাইছ্লি বুলি জানিব পৰা গৈছে৷।

ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা আয়োজল কৰা এই প্ৰতিবাদী সমাৱেশৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ পৰিছে চুৰাচান্দপুৰ আৰু কাংপকপি জিলাৰ বজাৰ আৰু বিদ্যালয়সমূহ। কাংপকপিৰ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি জি কিপগেনে কয় যে, ‘কুকী-জো জনগোষ্ঠীৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ দাবীৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ এই বিক্ষোভ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে।’

নতুন দিল্লীত আন এগৰাকী প্ৰতিবাদকাৰীয়ে কয় যে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ মণিপুৰৰ হিংসাৰ সৈতে জড়িত থকা বুলি আপত্তিজনক মন্তব্য কৰা ভাইৰেল অডিঅ’ৰ সন্দৰ্ভতো প্ৰতিবাদ কৰিছো।’ কুকী ছাত্ৰ সংগঠন দিল্লী আৰু এনচিআৰে আহ্বান কৰা প্ৰতিবাদী কাৰ্যসূচীত ক’লা পোছাক পৰিধান কৰি প্ৰায় ৫০০ লোকে যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে দেশ প্ৰেমমূলক গীতে মাতে, ‘ভাৰত মাতা কি জয়’ ধ্বনিৰে মুখ্যমন্ত্ৰী সিঙৰ বিৰুদ্ধে শ্লোগান দিয়ে। জাতীয় সংগীতৰে প্ৰতিবাদী কাৰ্যসূচী সামাপ্তি ঘটায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী লৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত কোৱা হৈছে যে কুকী-জো সম্প্ৰদায়ে ‘২০২৩ চনৰ ৩ মে’ৰ পৰা সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ দ্বাৰা অহৰহ আক্ৰমণৰ বলি হৈ আহিছে’ মেইটেই আৰু কুকীসকলৰ মাজত সংঘৰ্ষত ২০০ ৰো অধিক লোক নিহত হোৱাৰ লগতে গৃহহীন হৈ পৰিছে হাজাৰ হাজাৰ লোক। স্মাৰক পত্ৰখনত ‘বীৰেণ সিঙৰ পৰা আমি একো বিছৰা নাই। আমি কেৱল  কেন্দ্ৰীয় চৰকাৰৰ পৰা এই বিষয়টোৰ সঁহাৰিপ লগতে কুকিসকলৰ বাবে ন্যায় বিচাৰ কৰাটোহে কামনা কৰিছো।’ বুলি উল্লেখ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ