--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মণিপুৰৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আঁৰত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙ জড়িত বুলি তথ্য সম্বলিত অডিঅ’ ক্লিপটো বাহিৰ হোৱা পাছতে প্ৰতিবাদমুখৰ হৈ পৰিছিল মণিপুৰৰ জনসাধাৰণ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই মণিপুৰৰ বিভিন্ন প্ৰান্তৰ লগতে নতুন দিল্লীতো কুকী-জো সম্প্ৰদায়ৰ লোকসকলে এক প্ৰতিবাদী সমদল উলিয়াই।

প্ৰতিবাদকাৰী জনসাধাৰণে কুকী-জো জনগোষ্ঠীৰ বাবে সুকীয়া প্ৰশাসনৰ বাবে দাবী উত্থাপন কৰিছে৷আৰু মণিপুৰৰ চুৰাচান্দপুৰ জিলা, কাংপকপি জিলা আৰু ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী টেংগনৌপালৰ মৰেহ চহৰতো প্ৰতিবাদী সমদল ওলাইছ্লি বুলি জানিব পৰা গৈছে৷।

ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা আয়োজল কৰা এই প্ৰতিবাদী সমাৱেশৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ পৰিছে চুৰাচান্দপুৰ আৰু কাংপকপি জিলাৰ বজাৰ আৰু বিদ্যালয়সমূহ। কাংপকপিৰ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি জি কিপগেনে কয় যে, ‘কুকী-জো জনগোষ্ঠীৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ দাবীৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ এই বিক্ষোভ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে।’

নতুন দিল্লীত আন এগৰাকী প্ৰতিবাদকাৰীয়ে কয় যে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ মণিপুৰৰ হিংসাৰ সৈতে জড়িত থকা বুলি আপত্তিজনক মন্তব্য কৰা ভাইৰেল অডিঅ’ৰ সন্দৰ্ভতো প্ৰতিবাদ কৰিছো।’ কুকী ছাত্ৰ সংগঠন দিল্লী আৰু এনচিআৰে আহ্বান কৰা প্ৰতিবাদী কাৰ্যসূচীত ক’লা পোছাক পৰিধান কৰি প্ৰায় ৫০০ লোকে যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে দেশ প্ৰেমমূলক গীতে মাতে, ‘ভাৰত মাতা কি জয়’ ধ্বনিৰে মুখ্যমন্ত্ৰী সিঙৰ বিৰুদ্ধে শ্লোগান দিয়ে। জাতীয় সংগীতৰে প্ৰতিবাদী কাৰ্যসূচী সামাপ্তি ঘটায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী লৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত কোৱা হৈছে যে কুকী-জো সম্প্ৰদায়ে ‘২০২৩ চনৰ ৩ মে’ৰ পৰা সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ দ্বাৰা অহৰহ আক্ৰমণৰ বলি হৈ আহিছে’ মেইটেই আৰু কুকীসকলৰ মাজত সংঘৰ্ষত ২০০ ৰো অধিক লোক নিহত হোৱাৰ লগতে গৃহহীন হৈ পৰিছে হাজাৰ হাজাৰ লোক। স্মাৰক পত্ৰখনত ‘বীৰেণ সিঙৰ পৰা আমি একো বিছৰা নাই। আমি কেৱল  কেন্দ্ৰীয় চৰকাৰৰ পৰা এই বিষয়টোৰ সঁহাৰিপ লগতে কুকিসকলৰ বাবে ন্যায় বিচাৰ কৰাটোহে কামনা কৰিছো।’ বুলি উল্লেখ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু