--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সততে দেশৰ বিভিন্ন প্ৰান্তত মব লিঞ্চিঙৰ ঘটনা সংঘটিত হৈ আহিছে৷ শোহতিয়ৈকৈ পশ্চিম বংগতো কেইবাটাও মব লিঞ্চিংৰ ঘটনা পোহৰলৈ আহিছিল৷ এই বাৰ হাৰিয়ানাত পোহৰলৈ আহিছে মব লিঞ্চিঙৰ ঘটনা৷

প্ৰাপ্ত তথ্য অনুসৰি হাৰিয়ানাৰ চৰখী দাদৰী জিলাত গো-মাংস খোৱাৰ অভিযোগত এজন যুৱক মব লিঞ্চিঙৰ বলি হোৱাৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে৷ ইয়াৰ পাছতে উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে অঞ্চলটোত। শুকুৰবাৰে(৩০ আগষ্ট)এই ঘটনা সংঘটিত হৈছে।দুজন নাবালককে ধৰি ৭ জন লোকক এই হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ঘটনা এদিন পূৰ্বে হাৰিয়ানাৰ চৰখী দাদৰী জিলাৰ বধৰা চহৰত গো-মাংসক লৈ হুলস্থুলৰ সৃষ্টি কৰিছিল গো-ৰক্ষক দলৰ সদস্যই। বস্তিঅঞ্চল সমূহত ৰন্ধা মাংসক গো-মাংস বুলি অভিহিত কৰি গোৰক্ষকসকলে আৰক্ষীৰ হাতত গতাই দিছিল দুজন প্ৰব্ৰজিত যুৱকক। বধৰা নগৰ আৰক্ষী থানা এই গোচৰৰ তদন্তত ব্যস্ত থকা সময়তে, গৌ ৰক্ষক দলৰ সদস্যই দুজন প্ৰব্ৰজিত যুৱকক গুৰুতৰভবে প্ৰহাৰ কৰে৷ প্ৰহাৰত এজন যুৱকৰ মৃত্যু হয়। দ্বিতীয় যুৱকজনৰ অৱস্থা গুৰুতৰ বুলি সদৰি কৰিছে।সূত্ৰই সদৰি অনুসৰি তথাকথিত গোৰক্ষকে গৰু মাংস খোৱাৰ সন্দেহত জাবৰ সংগ্ৰহ কৰি থকা এজন যুৱকক হত্যা কৰা বুলি জানিব পৰা গৈছে৷ সম্প্ৰতি শান্তি বাহাল ৰাখিবলৈ বস্তিৰ সমীপত আৰক্ষীবাহিনী তলৱ কৰা হৈছে। ভৰতৰ দৰে গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ দেশ এখনত গৰু মাংস খোৱাৰ বাবে মৃত্যুক সাবটিব লগীয়া হোৱাটো অতি পৰিতাপৰ কথা!

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু