--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সততে দেশৰ বিভিন্ন প্ৰান্তত মব লিঞ্চিঙৰ ঘটনা সংঘটিত হৈ আহিছে৷ শোহতিয়ৈকৈ পশ্চিম বংগতো কেইবাটাও মব লিঞ্চিংৰ ঘটনা পোহৰলৈ আহিছিল৷ এই বাৰ হাৰিয়ানাত পোহৰলৈ আহিছে মব লিঞ্চিঙৰ ঘটনা৷

প্ৰাপ্ত তথ্য অনুসৰি হাৰিয়ানাৰ চৰখী দাদৰী জিলাত গো-মাংস খোৱাৰ অভিযোগত এজন যুৱক মব লিঞ্চিঙৰ বলি হোৱাৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে৷ ইয়াৰ পাছতে উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে অঞ্চলটোত। শুকুৰবাৰে(৩০ আগষ্ট)এই ঘটনা সংঘটিত হৈছে।দুজন নাবালককে ধৰি ৭ জন লোকক এই হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ঘটনা এদিন পূৰ্বে হাৰিয়ানাৰ চৰখী দাদৰী জিলাৰ বধৰা চহৰত গো-মাংসক লৈ হুলস্থুলৰ সৃষ্টি কৰিছিল গো-ৰক্ষক দলৰ সদস্যই। বস্তিঅঞ্চল সমূহত ৰন্ধা মাংসক গো-মাংস বুলি অভিহিত কৰি গোৰক্ষকসকলে আৰক্ষীৰ হাতত গতাই দিছিল দুজন প্ৰব্ৰজিত যুৱকক। বধৰা নগৰ আৰক্ষী থানা এই গোচৰৰ তদন্তত ব্যস্ত থকা সময়তে, গৌ ৰক্ষক দলৰ সদস্যই দুজন প্ৰব্ৰজিত যুৱকক গুৰুতৰভবে প্ৰহাৰ কৰে৷ প্ৰহাৰত এজন যুৱকৰ মৃত্যু হয়। দ্বিতীয় যুৱকজনৰ অৱস্থা গুৰুতৰ বুলি সদৰি কৰিছে।সূত্ৰই সদৰি অনুসৰি তথাকথিত গোৰক্ষকে গৰু মাংস খোৱাৰ সন্দেহত জাবৰ সংগ্ৰহ কৰি থকা এজন যুৱকক হত্যা কৰা বুলি জানিব পৰা গৈছে৷ সম্প্ৰতি শান্তি বাহাল ৰাখিবলৈ বস্তিৰ সমীপত আৰক্ষীবাহিনী তলৱ কৰা হৈছে। ভৰতৰ দৰে গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ দেশ এখনত গৰু মাংস খোৱাৰ বাবে মৃত্যুক সাবটিব লগীয়া হোৱাটো অতি পৰিতাপৰ কথা!

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement