--°C
Loading...
Listen to Article
2 min read
80%

বাণিজ্যতো পুৰুষতকৈ আগবাঢ়িছে নাৰী

ডিজিটেল ডেস্ক: আজি আন্তৰ্জাতিক নাৰী দিৱস৷ নাৰী দিৱসৰ শুভক্ষণতে প্ৰকাশ পাইছে এক তথ্য৷ ভাৰতত স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে মহিলাৰ সংখ্যা পুৰুষতকৈ অধিক হৈছে। লিংগ অনুপাতত গাঁওবোৰে চহৰবোৰক অতিক্ৰম কৰিছে৷ পঞ্চম ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্য জৰীপে প্ৰকাশ কৰা এক প্ৰতিবেদনত পোহৰলৈ আহিছে সম্প্ৰতি ভাৰতত প্ৰতি এহেজাৰগৰাকী পুৰুষৰ বিপৰীতে আছে ১,০২০গৰাকী মহিলা৷ স্বাধীনতাৰ পিছত অৰ্থাৎ ১৯৫১ চনত এই সংখ্যা আছিল ৯৪৬। আৰু ২০১৫লৈ পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা ৯৯১ত উপণীত হৈছিল। ভাৰতৰ গাঁওবোৰত প্ৰতি ১০০০গৰাকী পুৰুষত মহিলাৰ সংখ্যা চহৰতকৈ বেছি৷ ইয়াৰ কাৰণ হিচাপে ধৰিব পাৰি যে, ভাৰতত আগতে নাৰীভ্ৰূণ হত্যা কৰা হৈছিল৷ অৰ্থাৎ, ল’ৰাবোৰৰ তুলনাত তেওঁলোকৰ জীৱনৰ সম্ভাৱনা অতি কম আছিল, তাত তেওঁলোক এতিয়া আগবাঢ়ি আছে। এতিয়া গাঁওবোৰত প্ৰতি ১,০০০গৰাকী ১,০৩৭গৰাকী মহিলা আৰু চহৰত ৯৮৫গৰাকী মহিলা আছে। চতুৰ্থ ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্য জৰীপ অনুসৰি, গাঁওবোৰত ১,০০০গৰাকী পুৰুষৰ তুলনাত ১,০০৯ গৰাকী মহিলা আৰু চহৰত ৯৫৬গৰাকী মহিলা আছিল। শিশুৰ লিংগ অনুপাত উন্নত হোৱাৰ বাবে মহিলাৰ সংখ্যাও বৃদ্ধি পাইছে। দেশত পুৰুষতকৈ অধিক মহিলা থকাৰ কাৰণ হ’ল জন্মৰ সময়ত লিংগ অনুপাতো উন্নত হৈছে। লিংগ অনুপাতৰ অৰ্থ হৈছে দেশত জন্মগ্ৰহণ কৰা ল’ৰাৰ সৈতে ছোৱালীৰ অনুপাত। ২০১৫-১৬ বৰ্ষত জন্মৰ সময়ত লিংগ অনুপাত আছিল প্ৰতি ১,০০০ গৰাকী শিশুত ৯১৯গৰাকী ছোৱালী, যি সংখ্যা এতিয়া ৯২৯লৈ বৃদ্ধি হৈছে। ইয়াৰ ফলত, চহৰ আৰু গাঁও দুয়ো ঠাইতে প্ৰতি হাজাৰ পুৰুষত মহিলাৰ সংখ্যা বৃদ্ধি পাইছে। আটাইতকৈ শুভদায়ক কথা এয়াই যে, চহৰতকৈ গাঁওবোৰত লিংগ অনুপাত বৃদ্ধি পাইছে৷ উন্নতি ভাল হৈছ। আনকি, এয়া কেৱল সংখ্যাই নহয়, অধ্যয়ন আৰু কৰ্মৰত মহিলাৰ ক্ষেত্ৰতো৷ এতিয়া দেশৰ মহিলাসকলে কেৱল সংখ্যাতে নহয়, অধ্যয়ন আৰু কামৰ ক্ষেত্ৰতো আগবাঢ়িছে। দেশৰ বিজ্ঞান আৰু গণিতৰ স্নাতকসকলৰ ৪৩ শতাংশই মহিলা। এই সংখ্যা আমেৰিকা যুক্তৰাষ্ট্ৰত ৩৪%, ইংলেণ্ডত ৩৪%, জাৰ্মানীত ২৭%তকৈ যথেষ্ট বেছি। একেদৰে, কৰ্মক্ষেত্ৰত দেশত পঞ্জীয়ন কৰা ৫০,০০০ ষ্টাৰ্ট-আপৰ ৪৫% মহিলা উদ্যোগী। মহিলা ষ্টাৰ্ট-আপবোৰে ৫ বছৰৰ ম্যাদত পুৰুষতকৈ ১০% অধিক ৰাজহ উপাৰ্জন কৰে আৰু তিনিগুণ অধিক মহিলাক নিযুক্তি দিয়ে। এই পৰিসংখ্যাবোৰে মহিলাৰ সামাজিক আৰু উত্তৰণৰ আৰম্ভণিকে সূচাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ