--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ১২ বছৰীয়া ছোৱালীয়ে জন্ম দিলে এটি পুত্ৰ সন্তান। পেটৰ বিষৰ বাবে হাস্পতালত ভৰ্তি হৈছিল নাবালিকাগৰাকী। ইয়াৰ পাছতেই অস্ত্ৰোপচাৰৰ পাছত পুত্ৰ সন্তানটি জন্ম দিয়ে ১২ বছৰীয়া ছোৱালীজনীয়ে। ঘটনাটোৰ সন্দৰ্ভত শিশু কল্যাণ সমিতিয়ে সদৰ থানাত এক প্ৰতিবেদন দাখিল কৰিছে। এই খবৰ লাভ কৰাৰ পাছতেই আৰক্ষীয়ে ৰুজু কৰিছে ধৰ্ষণৰ গোচৰ। ৰাজস্থানৰ বান্সৱাৰা জিলাত সংঘটিত হৈছে এই অঘটন।

জানিব পৰা অনুসৰি সদৰ থানা এলেকাৰ এগৰাকী কিশোৰীক মাতৃয়ে বান্সৱাৰাৰ মহাত্মা গান্ধী হাস্পতাললৈ আনিছিল। চিকিৎসকে সোধাত ছোৱালীজনীয়ে গেছৰ সমস্যা আৰু পেটৰ বিষ হোৱা বুলি ক’লে। ছোৱালীজনীৰ শৰীৰ পৰীক্ষা কৰি চিকিৎসকসকল হতভম্ব হৈ পৰে। নাবালিকাগৰাকীৰ পেটত ৮মহীয়া সন্তান থকাৰ কথা পোহৰলৈ আহে। অস্ত্ৰোপচাৰৰ সহায়ত ছোৱালীজনীয়ে জন্ম দিয়ে এটি পুত্ৰ সন্তান। লগে লগে চিকিৎসকে আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষী সেই স্থানত উপস্থিত হয়।

শিশু কল্যাণ সমিতিৰ অধ্যক্ষ দিলীপ ৰোকাদিয়াও সেই স্থানত উপস্থিত হয়। তেওঁ কয় যে কাউন্সেলাৰৰ জৰিয়তে আমি ভুক্তভোগী ছোৱালীজনী আৰু তাইৰ মাতৃৰ সৈতে কথা পাতিছো। খমেৰাৰ বাসিন্দা বিজয় নামৰ এজন ব্যক্তিৰ কথা আৰক্ষীক জনায় ভুক্তভোগী ছোৱালীজনীয়ে। আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত নামি পৰিছে।

বৰ্তমান নৱজাত শিশুটিক শিশু কল্যাণ সমিতিৰ তত্বাৱধানত ৰখা হৈছে। শিশুটিৰ পৰিয়ালে শিশুটিৰ দায়িত্ব লোৱাত অস্বীকাৰ কৰিছে। এই সন্দৰ্ভত আৰক্ষী অধীক্ষক ৰাজেশ কুমাৰ মীনাই কয় যে ঘটনাটোৰ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰাৰ লগতে এটা বিশেষ দল গঠন কৰা হৈছে। ছোৱালীজনীকো সোধা-পোছা কৰা হ’ব বুলি জনাইছে ৰাজস্থান আৰক্ষীয়ে। আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে জোৰদাৰ তদন্তত নামি পৰিছে। আৰক্ষীয়ে লগতে সকলো অভিভাৱকে নিজৰ সন্তানক লৈ সাৱধান তথা সচেতন হ’বলৈ আহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু