--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ১২ বছৰীয়া ছোৱালীয়ে জন্ম দিলে এটি পুত্ৰ সন্তান। পেটৰ বিষৰ বাবে হাস্পতালত ভৰ্তি হৈছিল নাবালিকাগৰাকী। ইয়াৰ পাছতেই অস্ত্ৰোপচাৰৰ পাছত পুত্ৰ সন্তানটি জন্ম দিয়ে ১২ বছৰীয়া ছোৱালীজনীয়ে। ঘটনাটোৰ সন্দৰ্ভত শিশু কল্যাণ সমিতিয়ে সদৰ থানাত এক প্ৰতিবেদন দাখিল কৰিছে। এই খবৰ লাভ কৰাৰ পাছতেই আৰক্ষীয়ে ৰুজু কৰিছে ধৰ্ষণৰ গোচৰ। ৰাজস্থানৰ বান্সৱাৰা জিলাত সংঘটিত হৈছে এই অঘটন।

জানিব পৰা অনুসৰি সদৰ থানা এলেকাৰ এগৰাকী কিশোৰীক মাতৃয়ে বান্সৱাৰাৰ মহাত্মা গান্ধী হাস্পতাললৈ আনিছিল। চিকিৎসকে সোধাত ছোৱালীজনীয়ে গেছৰ সমস্যা আৰু পেটৰ বিষ হোৱা বুলি ক’লে। ছোৱালীজনীৰ শৰীৰ পৰীক্ষা কৰি চিকিৎসকসকল হতভম্ব হৈ পৰে। নাবালিকাগৰাকীৰ পেটত ৮মহীয়া সন্তান থকাৰ কথা পোহৰলৈ আহে। অস্ত্ৰোপচাৰৰ সহায়ত ছোৱালীজনীয়ে জন্ম দিয়ে এটি পুত্ৰ সন্তান। লগে লগে চিকিৎসকে আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষী সেই স্থানত উপস্থিত হয়।

শিশু কল্যাণ সমিতিৰ অধ্যক্ষ দিলীপ ৰোকাদিয়াও সেই স্থানত উপস্থিত হয়। তেওঁ কয় যে কাউন্সেলাৰৰ জৰিয়তে আমি ভুক্তভোগী ছোৱালীজনী আৰু তাইৰ মাতৃৰ সৈতে কথা পাতিছো। খমেৰাৰ বাসিন্দা বিজয় নামৰ এজন ব্যক্তিৰ কথা আৰক্ষীক জনায় ভুক্তভোগী ছোৱালীজনীয়ে। আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত নামি পৰিছে।

বৰ্তমান নৱজাত শিশুটিক শিশু কল্যাণ সমিতিৰ তত্বাৱধানত ৰখা হৈছে। শিশুটিৰ পৰিয়ালে শিশুটিৰ দায়িত্ব লোৱাত অস্বীকাৰ কৰিছে। এই সন্দৰ্ভত আৰক্ষী অধীক্ষক ৰাজেশ কুমাৰ মীনাই কয় যে ঘটনাটোৰ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰাৰ লগতে এটা বিশেষ দল গঠন কৰা হৈছে। ছোৱালীজনীকো সোধা-পোছা কৰা হ’ব বুলি জনাইছে ৰাজস্থান আৰক্ষীয়ে। আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে জোৰদাৰ তদন্তত নামি পৰিছে। আৰক্ষীয়ে লগতে সকলো অভিভাৱকে নিজৰ সন্তানক লৈ সাৱধান তথা সচেতন হ’বলৈ আহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ