--°C
Loading...
Listen to Article
2 min read
80%

তুৰস্কঃ তালিবানে আফগানিস্থান দখল কৰাৰ পাছত ক্ৰমাত অস্থিৰ হৈ পৰিছে দেশ। তালিবানী ত্ৰাসৰ সমান্তৰালকৈ প্ৰবল ৰূপত দেখা দিছে আফগান শৰণাৰ্থীৰ সমস্যাই। শেহতীয়াকৈ আফগান শৰণাৰ্থীসকলৰ নিৰাপত্তা সম্পৰ্কত তুৰ্কীৰ আপোচহীন মন্তব্যই তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে। আফগান শৰণাৰ্থীৰ বোজা ল’ব নোখোজে তুৰ্কীয়ে। ইউৰোপীয় ইউনিয়ন পৰিষদৰ সভাপতি চাৰ্লছ মিশেলৰ সৈতে টেলিফোনিক বাৰ্তালাপত এই কথা সদৰী কৰিছে দেশৰ ৰাষ্ট্ৰপতি ৰিছেপ টাইয়েপ এৰ্দোগানে।


দীৰ্ঘসময়ৰ ফ’নালাপত এৰ্দোগান আৰু মিশেলে আঞ্চলিক বিষয়ৰ লগতে আফগানিস্তানৰ শেহতীয়া পৰিস্থিতি তথা আফগান শৰণাৰ্থী সমস্যাৰ বিষয়ে আলোচনা কৰা বুলি তুৰ্কীৰ যোগাযোগ বিভাগৰ এক বিবৃতিত প্ৰকাশ পাইছে। অৱশ্যে, ইউৰোপীয় ইউনিয়নৰ সৈতে তুৰ্কীৰ সম্পৰ্ক বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা এৰ্দোগানে কৈছে যে, ‘তুৰ্কীৰ প্ৰাথমিক লক্ষ্য হৈছে আফগানিস্তানত বহনক্ষম শান্তি আৰু স্থিৰতাৰ লগতে তুৰ্কী নাগৰিকসকলক দেশখনৰ পৰা সুৰক্ষিতভাৱে ঘূৰাই অনা।’


তুৰ্কীৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে, ‘তুৰ্কীয়ে ইতিমধ্যে ৫ নিযুত শৰণাৰ্থীক স্থান দিছে। গতিকে দেশখনে শৰণাৰ্থীসকলৰ নতুনকৈ বোজা লোৱাৰ ক্ষমতা আৰু নাই।’
ইউৰোপীয় ইউনিয়নে তুৰস্কক আফগানিস্তানলৈ ইউৰোপীয় ইউনিয়ন মিছনৰ স্থানীয় কৰ্মচাৰীসকলক গ্ৰহণ কৰিবলৈ কৰা অনুৰোধৰ প্ৰত্যুত্তৰত এৰ্দোগানে এইকথা প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ