--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : তালিবান অধ্যুষিত আফগানিস্তানত এক সফল অভিযান সামৰাৰ দিশে অগ্ৰসৰ হৈছে ভাৰত। দেশখনত আবদ্ধ হৈ পৰা ভাৰতীয়সকলক সুকলমে দেশলৈ ঘূৰাই অনাৰ প্ৰচেষ্টাত সফল হৈছে ভাৰত। সোমবাৰে কাবুলৰ পৰা আন দুখন বিমানে আবদ্ধ লোকক কঢ়িয়াই উভতি অহাৰ পাছত অতি প্ৰত্যাহ্বানপূৰ্ণ এই অভিযানে এতিয়া শেষ পৰ্যায়ত উপনীত হৈছে।

ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে এইকথা প্ৰকাশ কৰিছে। ১৫আগষ্টৰ দিনটোত তালিবানে কাবুল দখল কৰাৰ সময়ত এই অভিযান অসম্ভৱপ্ৰায় বোধ হৈছিল যদিও ভাৰত চৰকাৰে তৎপৰতাৰে এই অসম্ভৱক সম্ভৱ কৰি তুলিলে। আজি কাবুলৰ পৰা ওভটা আন দুখন বিমানে ভাৰতত অৱতৰণ কৰাৰ সম্ভাৱনা আছে। এতিয়ালৈ এই বিমানসমূহৰ জৰিয়তে ৭০০ৰো অধিক ভাৰতীয়ক দেশলৈ ঘূৰাই অনা হৈছে। ১৬ আগষ্টত আৰম্ভ হোৱা এই অভিযানক নেতৃত্ব দিছিল ভাৰতীয় বায়ুসেনা আৰু এয়াৰ ইণ্ডিয়াৰ বিমানে।

ইয়াৰে ছখন বিমানে নিজৰ অভিযান সম্পূৰ্ণ কৰি তুলিছে। দিল্লী আৰু কাবুলত থকা ভাৰতীয় কূটনীতিবিদে প্ৰকাশ কৰা অনুসৰি সন্ত্ৰাসজৰ্জৰ দেশখনৰ পৰা ভাৰতীয়সকলক ঘূৰাই অনাৰ এই প্ৰক্ৰিয়াত বহুদেশীয় কূটনৈতিক আৰু নিৰাপত্তজনিত ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছিল। বিদেশমন্ত্ৰী এছ জয়শংকৰে এই দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ৱাশ্বিংটন, দোহা, ডুছানবে, তাছকেণ্ট, আংকাৰা আৰু কাবুলৰে আলোচনাৰ জৰিয়তে জয়শংকৰে এনে সফলতাৰ বাট মুকলি কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ