--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ আহমেদাবাদত ২২ বছৰীয়া শত্ৰুতাৰ এক চাঞ্চল্যকৰ গোচৰ পোহৰলৈ আহিছে, য’ত পিতৃৰ হত্যাৰ প্ৰতিশোধ ল’বলৈ এজন যুৱকে এজন লোকক হত্যা কৰিছিল। এই হত্যাকাণ্ডৰ পাছত লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি গোচৰৰ তদন্ত আৰম্ভ কৰে। তদন্তত প্ৰকাশ পাইছে যে বলেৰো চালক গোপাল সিঙে পিতৃৰ হত্যাৰ প্ৰতিশোধ ল’বলৈ এই পদক্ষেপ গ্ৰহণ কৰিছিল।


আৰক্ষীৰ তথ্য অনুসৰি ২০০২ চনত জয়ছলমেৰত গোপাল সিঙৰ পিতৃ হৰি সিঙক এখন গাড়ীয়ে খুন্দিয়াই মাৰিছিল। এই হত্যাকাণ্ডৰ লগত জড়িত আছিল নখাত সিং নামৰ এজন লোক। সেই সময়ত হৰি সিং আৰু ভায়েকে জয়ছালমেৰত এখন হোটেল খুলিছিল আৰু হোটেলতে খাদ্যৰ বিলক লৈ নখাত সিঙৰ লগত হোৱা বিবাদ হিংস্ৰ হৈ পৰিছিল। এই বিবাদৰ সময়তে নখাত সিং আৰু তেওঁৰ সহযোগীসকলে হৰি সিংহক গাড়ীৰে চেপি হত্যা কৰে। গোপাল সিঙৰ চকুৰ সমুখতে ঘটিছিল সমগ্ৰ ঘটনা। এই গোচৰত নখাত সিং আৰু অন্যান্য অভিযুক্তক শাস্তি প্ৰদান কৰা হৈছিল যদিও পিছত উচ্চ ন্যায়ালয়ৰ পৰা জামিনত মুকলি কৰি দিয়া হৈছিল নখাত সিঙক।

পিতৃ হত্যাৰ সময়ত গোপাল সিঙৰ বয়স মাত্ৰ ৮ বছৰ আছিল যদিও সেইদিনাই তেওঁ পিতৃৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ সংকল্পবদ্ধ হৈছিল। সময়ৰ লগে লগে গোপালে নিজৰ আত্মীয়ৰ পৰা ঘটনাৰ সকলো তথ্য লাভ কৰি প্ৰতিশোধৰ পৰিকল্পনা কৰিবলৈ ধৰিলে। ব্যৱসায়িক কামৰ পৰা সময় উলিয়াই কেইবাবাৰো আহমেদাবাদ ভ্ৰমণ কৰি নখাত সিঙৰ কাম-কাজত চকু ৰাখিছিল গোপাল সিঙে। লাহে লাহে তেওঁ নখাত সিঙৰ দৈনন্দিন কাম-কাজ আৰু কাম-কাজৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিলে।

ঘটনাৰ দিনটোত আহমেদাবাদৰ জ্ঞানবাগ পাৰ্টি প্লটৰ পৰা চাইকেলেৰে গৈ আছিল নখাত সিং। একে সময়তে গোপাল সিঙে তীব্ৰবেগী বলেৰো গাড়ীৰে আহি পিছফালৰ পৰা নখাত সিঙক খুন্দা মাৰে। সংঘৰ্ষ ইমানেই প্ৰবল আছিল যে থিতাতে মৃত্যু হয় নখাত সিঙৰ। ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্ত গোপাল সিঙক গ্ৰেপ্তাৰ কৰি জেৰা আৰম্ভ কৰে।

আহমেদাবাদ আৰক্ষীৰ এচিপি এছএম পেটেলে কয় যে গোপাল সিঙে সম্পূৰ্ণ পৰিকল্পনাৰে এই হত্যাকাণ্ড সংঘটিত কৰিছিল। ২২ বছৰে লৈ থকা প্ৰতিশোধৰ প্ৰবণতাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হয়। 

পিতৃৰ হত্যাকাৰীক চিৰদিনৰ বাবে পৃথিৱীৰ পৰা বিদায় দি সুখী গোপাল সিং। এই হত্যাকাণ্ডক লৈ অনুতপ্ত নহয় গোপাল।

এচিপিয়ে কয় এই ঘটনাই প্ৰমাণ কৰে যে কিছুমান ঘাঁ সময়ৰ লগে লগে কেতিয়াও ভাল নহয় আৰু প্ৰতিশোধৰ অনুভূতিয়ে মানুহক বিপদজনক সীমালৈ লৈ যাব পাৰে। সম্প্ৰতি আৰক্ষীয়ে বিষয়টোৰ গভীৰ তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement