--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ আহমেদাবাদত ২২ বছৰীয়া শত্ৰুতাৰ এক চাঞ্চল্যকৰ গোচৰ পোহৰলৈ আহিছে, য’ত পিতৃৰ হত্যাৰ প্ৰতিশোধ ল’বলৈ এজন যুৱকে এজন লোকক হত্যা কৰিছিল। এই হত্যাকাণ্ডৰ পাছত লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি গোচৰৰ তদন্ত আৰম্ভ কৰে। তদন্তত প্ৰকাশ পাইছে যে বলেৰো চালক গোপাল সিঙে পিতৃৰ হত্যাৰ প্ৰতিশোধ ল’বলৈ এই পদক্ষেপ গ্ৰহণ কৰিছিল।


আৰক্ষীৰ তথ্য অনুসৰি ২০০২ চনত জয়ছলমেৰত গোপাল সিঙৰ পিতৃ হৰি সিঙক এখন গাড়ীয়ে খুন্দিয়াই মাৰিছিল। এই হত্যাকাণ্ডৰ লগত জড়িত আছিল নখাত সিং নামৰ এজন লোক। সেই সময়ত হৰি সিং আৰু ভায়েকে জয়ছালমেৰত এখন হোটেল খুলিছিল আৰু হোটেলতে খাদ্যৰ বিলক লৈ নখাত সিঙৰ লগত হোৱা বিবাদ হিংস্ৰ হৈ পৰিছিল। এই বিবাদৰ সময়তে নখাত সিং আৰু তেওঁৰ সহযোগীসকলে হৰি সিংহক গাড়ীৰে চেপি হত্যা কৰে। গোপাল সিঙৰ চকুৰ সমুখতে ঘটিছিল সমগ্ৰ ঘটনা। এই গোচৰত নখাত সিং আৰু অন্যান্য অভিযুক্তক শাস্তি প্ৰদান কৰা হৈছিল যদিও পিছত উচ্চ ন্যায়ালয়ৰ পৰা জামিনত মুকলি কৰি দিয়া হৈছিল নখাত সিঙক।

পিতৃ হত্যাৰ সময়ত গোপাল সিঙৰ বয়স মাত্ৰ ৮ বছৰ আছিল যদিও সেইদিনাই তেওঁ পিতৃৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ সংকল্পবদ্ধ হৈছিল। সময়ৰ লগে লগে গোপালে নিজৰ আত্মীয়ৰ পৰা ঘটনাৰ সকলো তথ্য লাভ কৰি প্ৰতিশোধৰ পৰিকল্পনা কৰিবলৈ ধৰিলে। ব্যৱসায়িক কামৰ পৰা সময় উলিয়াই কেইবাবাৰো আহমেদাবাদ ভ্ৰমণ কৰি নখাত সিঙৰ কাম-কাজত চকু ৰাখিছিল গোপাল সিঙে। লাহে লাহে তেওঁ নখাত সিঙৰ দৈনন্দিন কাম-কাজ আৰু কাম-কাজৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিলে।

ঘটনাৰ দিনটোত আহমেদাবাদৰ জ্ঞানবাগ পাৰ্টি প্লটৰ পৰা চাইকেলেৰে গৈ আছিল নখাত সিং। একে সময়তে গোপাল সিঙে তীব্ৰবেগী বলেৰো গাড়ীৰে আহি পিছফালৰ পৰা নখাত সিঙক খুন্দা মাৰে। সংঘৰ্ষ ইমানেই প্ৰবল আছিল যে থিতাতে মৃত্যু হয় নখাত সিঙৰ। ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্ত গোপাল সিঙক গ্ৰেপ্তাৰ কৰি জেৰা আৰম্ভ কৰে।

আহমেদাবাদ আৰক্ষীৰ এচিপি এছএম পেটেলে কয় যে গোপাল সিঙে সম্পূৰ্ণ পৰিকল্পনাৰে এই হত্যাকাণ্ড সংঘটিত কৰিছিল। ২২ বছৰে লৈ থকা প্ৰতিশোধৰ প্ৰবণতাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হয়। 

পিতৃৰ হত্যাকাৰীক চিৰদিনৰ বাবে পৃথিৱীৰ পৰা বিদায় দি সুখী গোপাল সিং। এই হত্যাকাণ্ডক লৈ অনুতপ্ত নহয় গোপাল।

এচিপিয়ে কয় এই ঘটনাই প্ৰমাণ কৰে যে কিছুমান ঘাঁ সময়ৰ লগে লগে কেতিয়াও ভাল নহয় আৰু প্ৰতিশোধৰ অনুভূতিয়ে মানুহক বিপদজনক সীমালৈ লৈ যাব পাৰে। সম্প্ৰতি আৰক্ষীয়ে বিষয়টোৰ গভীৰ তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু