--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ মূৰৰ চুলি দুমুখীয়া হৈছে নেকি? এই সমস্যাৰ পৰা সমাধান পাব বিচাৰেনে? যদি বিচাৰে তেন্তে এই উপায় গ্ৰহণ কৰক।

১) চুলি ট্ৰিমিং কৰাঃ যদি আপুনি দুমুখীয়া চুলিৰ পৰা মুক্তি পাব বিচাৰে তেন্তে তিনি-চাৰি মাহৰ মূৰে মূৰে চুলিখিনি লাহে লাহে ট্ৰিম কৰক। ইয়াৰ ফলত কেৱল দুমুখীয়া চুলি কম হোৱাই নহয়, ফাটি যোৱা আৰু সৰাও হ্ৰাস পায়। ইয়াক অতি উত্তম সমাধান বুলি গণ্য কৰা হয়।
 
২) কলৰ পেকঃ কলৰ পৰা তৈয়াৰী হেয়াৰ পেকে এই সমস্যা সমাধান কৰিব পাৰে। ইয়াৰ বাবে পকা কল এটা লৈ ভালদৰে গুড়ি কৰি তাত দৈ, নেমুৰ ৰস আৰু গোলাপৰ পানী দি ভালদৰে মিহলাই লওক। এই পেকটোৰে গোটেই চুলিখিনি ঢাকি দিব। প্ৰায় এঘণ্টাৰ পিছত মৃদু চেম্পুৰে চুলি ধুব।
 
৩) নাৰিকল তেলঃ  নাৰিকল তেলে ইয়াৰ পৰা মুক্তি দিব পাৰে। এইটো এটা অতি পুৰণি আৰু ফলপ্ৰসূ পদ্ধতি, চুলিত নাৰিকল তেল প্ৰয়োগ কৰিলে চুলি মেৰামতি হয় আৰু মজবুত হয়। নাৰিকল তেল গৰম কৰি চুলিত ১৫ মিনিট মালিচ কৰক। প্ৰায় দুঘণ্টাৰ পিছত শ্বেম্পুৰে চুলি ধুব।
 
৪) অমিতাৰ পেকঃ অমিতাই চুলিক পুষ্টিকৰ কৰাৰ কাম কৰে। চুলিৰ হেৰাই যোৱা জিলিকনিও ঘূৰাই আনিব পাৰে। এইটো বনাবলৈ অমিতা ভালদৰে পিহি তাত দৈ মিহলাই লওক। এই মাস্কটো চুলিত প্ৰায় ৩০ মিনিটমান লগাব আৰু তাৰ পিছত চুলিখিনি ভালদৰে শ্বেম্পুৰে ধুব।
 
৫) কণীৰ পেকঃ  কণীয়ে চুলিখিনি ভালদৰে কণ্ডিচন কৰে। কণীত অলিভ অইল আৰু ১ চামুচ মৌ মিহলাই চুলিৰ দৈৰ্ঘ্য অনুযায়ী মাস্ক বনাওক আৰু কমেও ৩০ মিনিট ৰাখিব। ইয়াৰ পাছত চুলিখিনি ভালদৰে ধুব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ