--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ মূৰৰ চুলি দুমুখীয়া হৈছে নেকি? এই সমস্যাৰ পৰা সমাধান পাব বিচাৰেনে? যদি বিচাৰে তেন্তে এই উপায় গ্ৰহণ কৰক।

১) চুলি ট্ৰিমিং কৰাঃ যদি আপুনি দুমুখীয়া চুলিৰ পৰা মুক্তি পাব বিচাৰে তেন্তে তিনি-চাৰি মাহৰ মূৰে মূৰে চুলিখিনি লাহে লাহে ট্ৰিম কৰক। ইয়াৰ ফলত কেৱল দুমুখীয়া চুলি কম হোৱাই নহয়, ফাটি যোৱা আৰু সৰাও হ্ৰাস পায়। ইয়াক অতি উত্তম সমাধান বুলি গণ্য কৰা হয়।
 
২) কলৰ পেকঃ কলৰ পৰা তৈয়াৰী হেয়াৰ পেকে এই সমস্যা সমাধান কৰিব পাৰে। ইয়াৰ বাবে পকা কল এটা লৈ ভালদৰে গুড়ি কৰি তাত দৈ, নেমুৰ ৰস আৰু গোলাপৰ পানী দি ভালদৰে মিহলাই লওক। এই পেকটোৰে গোটেই চুলিখিনি ঢাকি দিব। প্ৰায় এঘণ্টাৰ পিছত মৃদু চেম্পুৰে চুলি ধুব।
 
৩) নাৰিকল তেলঃ  নাৰিকল তেলে ইয়াৰ পৰা মুক্তি দিব পাৰে। এইটো এটা অতি পুৰণি আৰু ফলপ্ৰসূ পদ্ধতি, চুলিত নাৰিকল তেল প্ৰয়োগ কৰিলে চুলি মেৰামতি হয় আৰু মজবুত হয়। নাৰিকল তেল গৰম কৰি চুলিত ১৫ মিনিট মালিচ কৰক। প্ৰায় দুঘণ্টাৰ পিছত শ্বেম্পুৰে চুলি ধুব।
 
৪) অমিতাৰ পেকঃ অমিতাই চুলিক পুষ্টিকৰ কৰাৰ কাম কৰে। চুলিৰ হেৰাই যোৱা জিলিকনিও ঘূৰাই আনিব পাৰে। এইটো বনাবলৈ অমিতা ভালদৰে পিহি তাত দৈ মিহলাই লওক। এই মাস্কটো চুলিত প্ৰায় ৩০ মিনিটমান লগাব আৰু তাৰ পিছত চুলিখিনি ভালদৰে শ্বেম্পুৰে ধুব।
 
৫) কণীৰ পেকঃ  কণীয়ে চুলিখিনি ভালদৰে কণ্ডিচন কৰে। কণীত অলিভ অইল আৰু ১ চামুচ মৌ মিহলাই চুলিৰ দৈৰ্ঘ্য অনুযায়ী মাস্ক বনাওক আৰু কমেও ৩০ মিনিট ৰাখিব। ইয়াৰ পাছত চুলিখিনি ভালদৰে ধুব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement