--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিটামিন এ, ভিটামিন বি ৬, ভিটামিন চি, আইৰণ, কপাৰ, পটাছিয়াম, প্ৰটিন আৰু বিটা-কেৰটিন আদি মৌল সেউজীয়া জলকীয়াত প্ৰচুৰ পৰিমাণে পোৱা যায়। যিয়ে আপোনাক বহু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে। গতিকে দৈনিক সেউজীয়া জলকীয়া খোৱাৰ স্বাস্থ্যজনিত উপকাৰ কি কি জানি লওক। সেউজীয়া জলকীয়াই খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ বাবেও বহু উপকাৰ সাধন কৰে। হয় কাৰণ সেউজীয়া জলকীয়া ঔষধি গুণেৰে ভৰপূৰ। 

যদি আপুনি দৈনিক খাদ্যত এটাকৈ সেউজীয়া জলকীয়া অন্তৰ্ভুক্ত কৰে তেন্তে ই ৰক্তচাপ আৰু ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু ইয়াৰ সেৱনে স্বাস্থ্য সম্পৰ্কীয় আন বহুতো সমস্যাও দূৰ কৰে। ভিটামিন এ, ভিটামিন বি ৬, ভিটামিন চি, আইৰণ, কপাৰ, পটাছিয়াম, প্ৰটিন আৰু বিটা-কেৰটিন আদি উপাদান সেউজীয়া জলকীয়াত প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে আপোনাক বহু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে। গতিকে দৈনিক সেউজীয়া জলকীয়া খোৱাৰ স্বাস্থ্যজনিত উপকাৰ কি কি সেয়া জানো আহক।

দৈনিক ১ টা সেউজীয়া জলকীয়া খালে আপুনি এই ৭ টা আচৰিত উপকাৰ লাভ কৰিব

১) ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰেঃ  যদি আপুনি প্ৰতিদিনে ১ টা সেউজীয়া জলকীয়া খায়, তেন্তে ইয়াত থকা ভিটামিন চি আৰু ভিটামিন এয়ে আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে, যাৰ ফলত ভাইৰাছৰ সংক্ৰমণৰ পৰা ই আপোনাক ৰক্ষা কৰে।

২) ৰক্তচাপ নিয়ন্ত্ৰণ কৰে: উচ্চ ৰক্তচাপ ৰোগীয়ে যদি দৈনিক খাদ্যত ১ টা সেউজীয়া জলকীয়া অন্তৰ্ভুক্ত কৰে তেন্তে ই অতি উপকাৰী। 
কাৰণ ইয়াত পোৱা এণ্টিহাইপাৰটেনচিভ গুণে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।



৩) চকু সুস্থ কৰি ৰাখকঃ যদি আপুনি দৈনিক এটা জলকীয়া খায় তেন্তে ই চকুৰ বাবে উপকাৰী। ইয়াত পোৱা ভিটামিন এ আৰু বিটা কেৰটিনে চকুক সুস্থ কৰি ৰখাত আৰু চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে।

৪) ওজন নিয়ন্ত্ৰণ কৰেঃ  যদি আপুনি দৈনিক এটা সেউজীয়া জলকীয়া খায় তেন্তে ই ওজন কমোৱাত সহায় কৰে। কাৰণ ইয়াত কেলৰি কম আৰু আঁহ বেছি থাকে। যিয়ে ওজন কমোৱাত সহায় কৰে।

৫) ডায়েবেটিছত উপকাৰীঃ  যদি আপুনি ডায়েবেটিছ ৰোগী তেন্তে আপুনি দৈনিক ১ টা সেউজীয়া জলকীয়া আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াত থকা ডায়েবেটিছ প্ৰতিৰোধী গুণে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৬) কলেষ্টেৰল নিয়ন্ত্ৰণত থাকেঃ যদি আপোনাৰ কলেষ্টেৰল বেছি হয় তেন্তে দৈনিক ১ টা সেউজীয়া জলকীয়া খালে ই উপকাৰী। ইয়াত পোৱা আঁহে বেয়া কলেষ্টেৰল কমোৱাত সহায় কৰে। যাৰ বাবে হৃদৰোগৰ আশংকা কমি যায়।

৭) ছালখন সুস্থ কৰি ৰাখেঃ  যদি আপুনি দৈনিক ১ টা সেউজীয়া জলকীয়া খায় তেন্তে ই ছালৰ বাবে উপকাৰী। ইয়াত পোৱা ভিটামিন চি আৰু ভিটামিন ইয়ে ছালৰ লগত জড়িত সমস্যা দূৰ কৰাত আৰু ছালখনক সুস্থ কৰি ৰখাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক