--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘি বা ঘিউ হৈছে আমাৰ প্ৰত্যেকৰে পাকঘৰৰ আকর্ষনীয় খাদ্যসমূহৰ ভিতৰত এনে এটা খাদ্য যাক বিভিন্ন মিঠাই আৰু খাদ্যৰ লগত ব্যৱহাৰ কৰা হয়। অৱশ্যে, ইয়াক সঠিক উষ্ণতা আৰু সঠিক পৰিমাণত ব্যৱহাৰ কৰাটো দৰকাৰী। যিকোনো কাৰ্বহাইড্ৰেট জাতীয় আহাৰৰ সৈতে ঘি মিহলি কৰিলে ইয়াৰ গ্লাইচেমিক সূচক হ্ৰাস কৰে, যি ডায়েবেটিক ৰোগীৰ বাবে সামান্য হলেও উপযোগী। কিন্তু বৰ্তমান দিনত, ঘিউক দৈনন্দিন জীৱনৰ পৰা বাদ দিয়া হৈছে। বহুতে ভাৱে যে ঘিউত যথেষ্ট পৰিমানে চর্বি আৰু কলেষ্টৰেল থাকে যিয়ে ওজন বৃদ্ধি হোৱাৰ সহায় কৰে। তাৰবাবেই বহুতে ঘিউ খাব নিবিচাৰে। কিন্তু এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা। ঘিউয়ে বিভিন্ন স্বাস্থ্য সম্বন্ধীয় সমস্যা দূৰ কৰিব পাৰে। ঘৰুৱাভাৱে ঘিউৰ ব্যৱহাৰে স্বাস্থ্যৰ কি কি সমস্যাৰ পৰা প্ৰতিকাৰ পাব পাৰি জানো আহক...

১. ঘিউ এণ্টিভাইৰেল আৰু এণ্টিফাংগাল ধৰ্মৰ বাবে লাউৰিক এচিড দায়বদ্ধ হয়। ঘিউৰে হালধি মিহলাই খালে পেৰালাইচৰ পৰা আৰোগ্য কৰাৰ এক ঘৰুৱা উপায় হিচাপে গণ্য কৰা হয়।

২. ঘিউত চৰ্বি যথেষ্ট বেছি, সেয়েহে যিসকলে ওজন বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকে ঘি ভাতৰ সৈতে খাব পাৰে।

৩. ঘিউ এবিধ অতি পুষ্টিকাৰক খাদ্য হোৱা হেতুকে ইয়াত যথেষ্ট পৰিমাণৰ শক্তি আৰু ভিটামিন যুক্ত হৈ থাকে। ইয়াত থকা উপাদানসমূহ আমাৰ শৰীৰে সহজে গ্ৰহণ কৰিব পাৰে ।

৪. ঘিউ এক উচ্চ গুণবিশিষ্ট তেলজাতীয় খাদ্যদ্ৰব্য। ইয়াত প্ৰধানত: ভিটামিন- এ আৰু ভিটামিন- ই পোৱা যায় ।

৫. ঘিউ প্ৰধানত: উন্নত মানৰ এণ্টি-অক্সিডেণ্ট আৰু এণ্টি-ভাইৰেলযুক্ত উপাদানেৰে ভৰপূৰ। সেয়েহে ইয়াক সুস্বাস্থ্যৰ উৎস বুলি ক’ব পাৰি ।

৬. শৰীৰৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত ঘিউৰ যথেষ্ট অৱদান আছে। ঘিউত থকা ফেটী এচিডে আমাৰ শৰীৰ্ত থিতাপি লোৱা অলগাতিয়াল চৰ্বি দহন শৰীৰৰ ওজন হ্ৰাস হোৱাত সহায় কৰে। ইয়াৰ ফলত শৰীৰৰ পাচন প্ৰক্ৰিয়া শক্তিশালী হোৱাৰ লগতে শাৰীৰিক সক্ষমতা বৃদ্ধি পায়।

৭. ঘিউত যথেষ্ট পৰিমাণৰ Butyric acid থকা বাবে ই পাকস্থলীত থকা বেক্টেৰিয়াৰ সহায়ত খাদ্যবস্তু শক্তিলৈ ৰুপান্তৰ কৰে। গতিকে স্বাস্থ্যৱান শৰীৰ গঠনত ঘিউৰ যথেষ্ট অৰিহণা আছে। অৱশ্যে কাৰ্বহাইড্ৰেটযুক্ত খাদ্যৰ লগত ঘিউ গ্ৰহণ কৰিলে শৰীৰৰ ওজন হ্ৰাস পোৱাৰ পৰিৱৰ্তে বৃদ্ধি হোৱাহে দেখা যায়।

৮. শক্তিশালী পাচন প্ৰক্ৰিয়াৰ বাবে ঘিউ অপৰিহাৰ্য। এক গৱেষণাৰ পৰা প্ৰমাণ পোৱা গৈছে যে যিবোৰ মানুহৰ পাচন প্ৰক্ৰিয়া দুৰ্বল তেওঁলোকৰ দেহত Butyric acid উৎপন্ন নহয় অথবা অতি নিম্নহাৰত উৎপন্ন হয়। নিয়মিত ঘিউ গ্ৰহণৰ দ্বাৰা এইসকল লোকে এনে সমস্যাৰ পৰা হাত সাৰিব পাৰে ।

৯. কেন্সাৰ প্ৰতিৰোধক হিচাপে ঘিউৰ যথেষ্ট গুৰুত্ব আছে। শৰীৰৰ বিভিন্ন অংগত দেখা দিয়া বিভিন্ন উপসৰ্গ নাশ কৰিবলৈ ঘিউ গ্ৰহণৰ তথ্য গৱেষণাত প্ৰমাণিত হৈছে। আয়ুৰ্বেদিক বিজ্ঞানতো বহু ৰোগ প্ৰতিৰোধ কৰিবলৈ ঘিউ ব্যৱহাৰৰ তথ্য পোৱা যায় ।

১০. শৰীৰৰ হজম শক্তি শক্তিশালী কৰাৰ ক্ষেত্ৰত ঘিউৰ গুৰুত্ব অসীম। পাকস্থলীৰ আম্লিক এচিডৰ নি:সৰণত ঘিউৱে বাধাৰ সৃষ্টি কৰে। ফলত ই আমাৰ হজম শক্তি বৃদ্ধি কৰি আমাক সুস্থ হৈ থকাত সহায় কৰে।

    গতিকে, আজি সকলো লাভালাভ জনাৰ পিছত, আপুনি আজিৰ পৰা ঘিক আপোনাৰ খাদ্যতালিকাত নিশ্চিতমনে ৰাখিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান