--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু লোকে শোওতে নাক বজায়। জীৱনসংগীয়ে ডাঙৰকৈ নাক বজালে বহু লোকে অশান্তি পায় কাৰণ টোপনি ক্ষতি হয়। ইয়াৰ বাবে বহু সময়ত দুয়োজনেই সুকীয়া কোঠাত শুব লগা হয়, যাৰ ফলত সম্পৰ্কত বিভাজন হ’ব পাৰে। শুওঁতে নাকৰ শব্দ কৰা বা নাক বজোৱা এটি বৰ সচৰাৰচ দেখা পোৱা (কমন) অৱস্থা, যদিও বহুক্ষেত্ৰত ই একোজন ব্যক্তিক লজ্জাত পেলাব পাৰে৷ পতি-পত্নীৰ মাজত ভাল বুজাবুজি নহলে ইয়াকেলৈ দ্বন্দ বা বিবাহ বন্ধন শিথিল হৈ পৰিব পাৰে৷

সাধাৰণতে মানুহৰ ধাৰণা নাক বজাই শোৱাটো গভীৰ নিদ্ৰাৰ লক্ষণ৷ কিন্তু দৰাচলতে সেইটো সত্য নহয়৷ নাকেৰে যিমান শব্দ কৰি শুলেও সেয়া কেতিয়াও গভীৰ টোপনি নহয়৷ নিদ্ৰাৱস্থাৰ (Polysomnography ) অধ্যয়ণত ই প্ৰমাণিত হৈছে৷ সেই সময়ত শৰীৰে সামান্য হলেও কম পৰিমাণে অক্সিজেন আহৰণ কৰে৷ সেয়ে টোপনিৰ পৰা উঠিলে সতেজতা সলনি অৱসাদ ভাৱ বা দুৰ্বলতাহে অনুভৱ কৰে৷

নাকৰ ঘোৰ্ঘোৰণি কিয় হয় ? আমাৰ শ্বাস প্ৰণালীত কিছু পৰিমাণে বাধা উৎপন্ন হোৱাৰ ফলত শব্দৰ সৃষ্টি হয়৷ তালুৰ কোমল অংশ(Soft palate) আৰু আলজিভাত হোৱা কম্পনে শব্দ উৎপন্ন কৰে৷সেই ঘোৰ্ঘোৰণি মিহি বা খহটা, এটা লয়ত বা বেসুৰা হব পাৰে৷ এনে পৰিস্থিতিত আপুনি এই সমস্যাটো সোনকালে সমাধান কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে কিছু সহজ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। 

এনেদৰে নাক বজোৱা বন্ধ কৰক

১) পিঠিত বল দি শুব নালাগে - আপুনি নিশ্চয় প্ৰায়ে লক্ষ্য কৰিছে যে পিঠিত বল দি শুলে সৰ্বাধিক নাক বাজে। সেয়েহে মানুহে ওপৰমুৱাকৈ শুব নালাগে। কাটি কৰি শুলে নাক নাবাজে।

২) ৰাতিৰ আহাৰ সীমিত খোৱা - কিছুমান মানুহৰ ৰাতি বেছিকৈ খাদ্য খোৱাৰ অভ্যাস থাকে আৰু তাৰপাছত লগে লগে শুই পৰে। ইয়াৰ উপৰিও বহু লোকে ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত গাখীৰৰ সামগ্ৰী অধিক সেৱন কৰিবলৈও ভাল পায়। এই সকলোবোৰ অভ্যাসৰ বাবেই নাক বজা সমস্যাৰ সৃষ্টি হয়।

৩) পৰ্যাপ্ত পৰিমাণৰ পানী খাব- শৰীৰৰ বাকী কামবোৰ ভালদৰে চলাবলৈ হ’লে দৈনিক ৮ৰ পৰা ১০ গিলাচ পানী খোৱাৰ প্ৰয়োজন হয়। ডিহাইড্ৰেচন হ’লে ডিঙি, নাক আৰু নাকৰ গহ্বৰ শুকান হ’ব। ইয়াৰ ফলত নাক বাজে।

৪) গৰম পানীৰে গা ধুব - শীতকালত আপুনি প্ৰায়ে গৰম পানীৰে গা ধুৱে কিন্তু গ্ৰীষ্মকালত গা ধোৱাটো অলপ কঠিন, তথাপিও ডাঙৰ কৈ নাক বজোৱা মানুহে গৰম পানীৰে গা ধোৱাৰ অভ্যাস কৰিলে সকাহ পাব।

৫) নানা কাৰণ-  ওজন বৃদ্ধি, বেছিকৈ মদ খোৱা, অত্যন্ত ভাগৰুৱা হোৱা, টোপনিৰ অভাৱ, এই সকলোবোৰ কাৰণে নাক বাজিব পাৰে। আপোনাৰ লগত কিয় এনেকুৱা হৈছে সেইটো বিচাৰি উলিয়াব লাগিব, তেতিয়াহে সঠিক সমাধান বিচাৰি উলিয়াব পাৰিব।

৬) ঘৰুৱা দিহা-   কুহুমীয়া গৰম পানীত ৰাতি শোৱাৰ আগতে সদায় মৌ জোল মিহলাই খালে নাকৰ ঘেৰ্ঘেৰণি কমিব৷ কুহুমীয়া গৰম গাখীৰত হালধি মিহলাই খাল নাকৰ ঘেৰ্ঘেৰণি কমে বুলি আয়ুৰ্বেদিক চিকিৎসকে দাবী কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ