--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু লোকে শোওতে নাক বজায়। জীৱনসংগীয়ে ডাঙৰকৈ নাক বজালে বহু লোকে অশান্তি পায় কাৰণ টোপনি ক্ষতি হয়। ইয়াৰ বাবে বহু সময়ত দুয়োজনেই সুকীয়া কোঠাত শুব লগা হয়, যাৰ ফলত সম্পৰ্কত বিভাজন হ’ব পাৰে। শুওঁতে নাকৰ শব্দ কৰা বা নাক বজোৱা এটি বৰ সচৰাৰচ দেখা পোৱা (কমন) অৱস্থা, যদিও বহুক্ষেত্ৰত ই একোজন ব্যক্তিক লজ্জাত পেলাব পাৰে৷ পতি-পত্নীৰ মাজত ভাল বুজাবুজি নহলে ইয়াকেলৈ দ্বন্দ বা বিবাহ বন্ধন শিথিল হৈ পৰিব পাৰে৷

সাধাৰণতে মানুহৰ ধাৰণা নাক বজাই শোৱাটো গভীৰ নিদ্ৰাৰ লক্ষণ৷ কিন্তু দৰাচলতে সেইটো সত্য নহয়৷ নাকেৰে যিমান শব্দ কৰি শুলেও সেয়া কেতিয়াও গভীৰ টোপনি নহয়৷ নিদ্ৰাৱস্থাৰ (Polysomnography ) অধ্যয়ণত ই প্ৰমাণিত হৈছে৷ সেই সময়ত শৰীৰে সামান্য হলেও কম পৰিমাণে অক্সিজেন আহৰণ কৰে৷ সেয়ে টোপনিৰ পৰা উঠিলে সতেজতা সলনি অৱসাদ ভাৱ বা দুৰ্বলতাহে অনুভৱ কৰে৷

নাকৰ ঘোৰ্ঘোৰণি কিয় হয় ? আমাৰ শ্বাস প্ৰণালীত কিছু পৰিমাণে বাধা উৎপন্ন হোৱাৰ ফলত শব্দৰ সৃষ্টি হয়৷ তালুৰ কোমল অংশ(Soft palate) আৰু আলজিভাত হোৱা কম্পনে শব্দ উৎপন্ন কৰে৷সেই ঘোৰ্ঘোৰণি মিহি বা খহটা, এটা লয়ত বা বেসুৰা হব পাৰে৷ এনে পৰিস্থিতিত আপুনি এই সমস্যাটো সোনকালে সমাধান কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে কিছু সহজ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। 

এনেদৰে নাক বজোৱা বন্ধ কৰক

১) পিঠিত বল দি শুব নালাগে - আপুনি নিশ্চয় প্ৰায়ে লক্ষ্য কৰিছে যে পিঠিত বল দি শুলে সৰ্বাধিক নাক বাজে। সেয়েহে মানুহে ওপৰমুৱাকৈ শুব নালাগে। কাটি কৰি শুলে নাক নাবাজে।

২) ৰাতিৰ আহাৰ সীমিত খোৱা - কিছুমান মানুহৰ ৰাতি বেছিকৈ খাদ্য খোৱাৰ অভ্যাস থাকে আৰু তাৰপাছত লগে লগে শুই পৰে। ইয়াৰ উপৰিও বহু লোকে ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত গাখীৰৰ সামগ্ৰী অধিক সেৱন কৰিবলৈও ভাল পায়। এই সকলোবোৰ অভ্যাসৰ বাবেই নাক বজা সমস্যাৰ সৃষ্টি হয়।

৩) পৰ্যাপ্ত পৰিমাণৰ পানী খাব- শৰীৰৰ বাকী কামবোৰ ভালদৰে চলাবলৈ হ’লে দৈনিক ৮ৰ পৰা ১০ গিলাচ পানী খোৱাৰ প্ৰয়োজন হয়। ডিহাইড্ৰেচন হ’লে ডিঙি, নাক আৰু নাকৰ গহ্বৰ শুকান হ’ব। ইয়াৰ ফলত নাক বাজে।

৪) গৰম পানীৰে গা ধুব - শীতকালত আপুনি প্ৰায়ে গৰম পানীৰে গা ধুৱে কিন্তু গ্ৰীষ্মকালত গা ধোৱাটো অলপ কঠিন, তথাপিও ডাঙৰ কৈ নাক বজোৱা মানুহে গৰম পানীৰে গা ধোৱাৰ অভ্যাস কৰিলে সকাহ পাব।

৫) নানা কাৰণ-  ওজন বৃদ্ধি, বেছিকৈ মদ খোৱা, অত্যন্ত ভাগৰুৱা হোৱা, টোপনিৰ অভাৱ, এই সকলোবোৰ কাৰণে নাক বাজিব পাৰে। আপোনাৰ লগত কিয় এনেকুৱা হৈছে সেইটো বিচাৰি উলিয়াব লাগিব, তেতিয়াহে সঠিক সমাধান বিচাৰি উলিয়াব পাৰিব।

৬) ঘৰুৱা দিহা-   কুহুমীয়া গৰম পানীত ৰাতি শোৱাৰ আগতে সদায় মৌ জোল মিহলাই খালে নাকৰ ঘেৰ্ঘেৰণি কমিব৷ কুহুমীয়া গৰম গাখীৰত হালধি মিহলাই খাল নাকৰ ঘেৰ্ঘেৰণি কমে বুলি আয়ুৰ্বেদিক চিকিৎসকে দাবী কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement