--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত আমি নেমু ব্যৱহাৰ কৰোঁ। গৰমৰ দিনত আহাৰৰ তালিকাত আপোনাৰো হয়তো নিশ্চয় প্ৰিয় নেমু। পুৱা, গধূলি অথবা দুপৰীয়াৰ আহাৰৰ তালিকাত নেমু নাথাকিলে বহুতৰ বাবে আকৌ অসম্পূৰ্ণ হৈ থাকে ভাতৰ কাঁহী। আমাৰ দেশত ভিটামিন-চিৰ সকলোতকৈ শ্ৰেষ্ঠ উৎস হিচাপে ধৰা হয় নেমুক। 

নেমুৰ ৰস উলিওৱাৰ পাছত বাকলিখিনি আপুনি পেলাই দিয়ে নেকি? আপোনাৰ স্বাস্থ্য আৰু ছালৰ বাবে নেমুৰ বাকলি কিমান দৰকাৰী আপুনি জানেনে? 

আজিৰ এই প্ৰতিবেদনত নেমু আৰু নেমুৰ বাকলিৰ উপকাৰিতা সম্পকে আলোচনা জানো আহক...

১.কেন্সাৰ প্ৰতিৰোধক: নেমুৰ ৰসৰ দৰে বাকলিও চাইট্ৰাছ বায়োফ্লাভোনয়েড সমৃদ্ধ, যিয়ে জাৰণ চাপৰ মাত্ৰা কমোৱাত উল্লেখযোগ্য অৱদান আগবঢ়াব পাৰে। লগতে দেহৰ ভিতৰক ক্ষাৰীয় কৰি তোলে। নেমুৰ বাকলিয়ে কেন্সাৰো প্ৰতিৰোধ কৰিব পাৰে। নেমুৰ বাকলিয়ে দেহৰ ভিতৰত কেন্সাৰ কোষবোৰ বৃদ্ধি পোৱাৰ বিৰুদ্ধে যুঁজ কৰাৰ দৰে উপাদান লিমোনিন আৰু ছালভস্ট্রোল কিউ-৪০ সৰবৰাহ কৰি থাকে ।

২. বেক্টেৰিয়া প্ৰতিৰোধ : ভিটামিন-চিৰ এন্টিবেক্টেৰিয়েল ক্ষমতাই নাড়ীৰ ভিতৰত থকা কৃমি আৰু পৰজীৱী বীজাণু ধ্বংস কৰে৷ ইয়াৰ উপৰি দেহৰ বিভিন্ন অংগক বিভিন্ন বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰি থাকে৷

৩. পুষ্টি সৰবৰাহ: নেমুৰ ৰসৰ দৰে বাকলিতো আছে প্ৰচুৰ পৰিমাণে ভিটামিন, কেলচিয়াম, ফাইবাৰ, পটাচিয়াম, মেগনেচিয়াম আৰু বিটা কেটিন। এক কথাত ক'বলৈ গ'লে, ৰসতকৈও ইয়াৰ বাকলিয়ে প্রায় ৫ৰ পৰা ১০ গুণ বেছি পুষ্টি সৰবৰাহ কৰিব পাৰে। প্ৰায় ১০০ গ্ৰাম নেমুৰ বাকলিত ১৩৪ মিলিগ্রাম কেলচিয়াম, ১৬০ মিলিগ্রাম পটাচিয়াম, ১২৯ মিলিগ্রাম ভিটামিন-চি আৰু ১০.৬ গ্রাম ফাইবাৰ থাকে ।

৪. হাড় মজবুত কৰে: আপোনাৰ হাড় মজবুত আৰু হাড়ৰ স্বাস্থ্যগত উন্নতি কৰিব পাৰে ভিটামিন-চি আৰু কেলচিয়ামে।নেমুৰ বাকলিত এই পুষ্টিসমূহে প্রদাহজনিত পলি আর্থ্রাইটিছ, অস্টিঅপোৰোছিছ, ৰিউমেটয়েড আর্থ্রাইটিছৰ দৰে ৰোগো প্ৰতিৰোধ কৰাত সহায় কৰে ।

কেনেদৰে খাব নেমুৰ বাকলি?

নেমুৰ পৰা বাকলি এৰুওৱাৰ পিছত ইয়াক আপুনি শুকাই ৰাখিব পাৰে, যাতে ইয়াক ভালেদৰে গুড়ি কৰিব পৰা যায়। বাকলি শুকোৱাৰ সহজ এটি উপায় হ'ল, অভেন ব্যৱহাৰ কৰি ২০০ ডিগ্ৰী ফাৰেনহাইট তাপমাত্ৰাত তাক ভাজাৰ দৰে কৰিব পাৰে আৰু তাৰ পিছত গুড়ি কৰি লওক। ইয়াৰ পিছত সেই গুড়ি বিভিন্ন ধৰণে প্ৰতিদিনৰ খাদ্য, পানীয়, অৰ্গেনিক চাহ বা চুপৰ লগত মিহলাই খাব পাৰে। লগতে মনত ৰাখিব 
নেমুৰ বাকলি অক্সালেটৰ এক ডাঙৰ উৎস। দেহত প্রতিদিনে ৮০ মিলিগ্ৰামৰ বেছি অক্সালেট গ্রহণ কৰিলে কিডনি আৰু পিত্তথলিত পাথৰ সৃষ্টি কৰিব পাৰে। আৰু ১ চাহ চামুচ নেমুৰ বাকলিত প্রায় ২৫ মিলিগ্রাম অক্সালেট থাকিব পাৰে। সেয়ে, প্রতিদিনে সর্বাধিক ৩ চাহ চামুচৰ অধিক নেমুৰ বাকলি গ্ৰহণ কৰা উচিত নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক