--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পূজা যিয়েই নহওক কিয়, এজন ব্যক্তিয়ে নিজৰ সাধ্য অনুযায়ী ঈশ্বৰলৈ ভোগ আগবঢ়ায়। সাধাৰণতে মিঠাই, দৈ, ফলমূল আৰু কিছুমান বিশেষ ব্যঞ্জন আগবঢ়োৱা হয় । আজি আপোনালোকক এনে এক মন্দিৰৰ বিষয়ে জনাম য’ত দেৱীক বেলেগ ধৰণৰ প্ৰসাদ আগবঢ়োৱা হয়, যিটো হয়তো আপুনি কেতিয়াও শুনা নাই।


বিশ্বাস, হৃদয়ৰ এক অনুভূতি যাক অন্তৰে শুদ্ধ বুলি বিবেচনা কৰে ৷ আমাৰ দেশত বিশ্বাসৰ ওপৰত একো নাই। মানুহে নিজৰ নিজৰ ধৰণে ঈশ্বৰক পূজা কৰে আৰু নিজৰ বুলিয়েই গণ্য কৰি নিজে খোৱা একে খাদ্যই তেওঁলৈ আগবঢ়ায়। অৱশ্যে আজি আমি আপোনালোকক জনাম এনে এটা মন্দিৰৰ বিষয়ে য'ত কালী মাতৃক চীনা খাদ্য প্ৰসাদ হিচাপে আগবঢ়োৱা হয় ৷

এই বিশেষ মন্দিৰটো বংগৰ ৰাজধানী কলকাতাৰ টাংৰাত অৱস্থিত। ইয়াক চাইনা টাউন বুলিও জনা যায়। আচলতে ১৯৩০ চনৰ চীনৰ শীতল যুদ্ধৰ সময়ত কিছুমান মানুহ আহি ইয়াত বসবাস কৰিবলৈ লয় । জীৱিকা উপাৰ্জনৰ বাবে তেওঁলোকে খাদ্য সামগ্ৰী বিক্ৰী কৰিবলৈ আৰম্ভ কৰে আৰু ইয়াত লাহে লাহে ভাৰত-চীনা খাদ্য বিখ্যাত হ’বলৈ ধৰিলে। যিহেতু এই স্থানত কালী মন্দিৰ আছে, সেয়েহে ভক্তসকলেও দেৱীক নুডলছ, চপষ্টিক, ফ্ৰাইড ৰাইচ আদি চীনা খাদ্য আগবঢ়াবলৈ আৰম্ভ কৰিলে।পুৱা-গধূলি পূজাৰ সময়ত দেৱীক কেৱল চীনা খাদ্যহে আগবঢ়োৱা হয়।


কালী দেৱীৰ এই মন্দিৰটো ৬০ বছৰ পুৰণি, যিটো হিন্দী-চীনা সংস্কৃতিৰ সংমিশ্ৰণৰ নিদৰ্শন হিচাপে গণ্য কৰা হয়। উল্লেখ্য যে এজন চীনা শিশু অসুস্থ হোৱাত তেওঁত ইয়াতে থকা গছ এজোপাৰ তলত শুৱাই দিয়া হৈছিল আৰু অলপ সময়ৰ পিছতেই শিশুটি অলৌকিকভাৱে সুস্থ হৈ উঠে আৰু এই ঠাইত কালী মন্দিৰ নিৰ্মাণ কৰা হয়। ২০১৮ চনত World Of Kolkata নামৰ ফেচবুক পেজৰ জৰিয়তে এই মন্দিৰৰ তথ্য প্ৰকাশ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু