--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পূজা যিয়েই নহওক কিয়, এজন ব্যক্তিয়ে নিজৰ সাধ্য অনুযায়ী ঈশ্বৰলৈ ভোগ আগবঢ়ায়। সাধাৰণতে মিঠাই, দৈ, ফলমূল আৰু কিছুমান বিশেষ ব্যঞ্জন আগবঢ়োৱা হয় । আজি আপোনালোকক এনে এক মন্দিৰৰ বিষয়ে জনাম য’ত দেৱীক বেলেগ ধৰণৰ প্ৰসাদ আগবঢ়োৱা হয়, যিটো হয়তো আপুনি কেতিয়াও শুনা নাই।


বিশ্বাস, হৃদয়ৰ এক অনুভূতি যাক অন্তৰে শুদ্ধ বুলি বিবেচনা কৰে ৷ আমাৰ দেশত বিশ্বাসৰ ওপৰত একো নাই। মানুহে নিজৰ নিজৰ ধৰণে ঈশ্বৰক পূজা কৰে আৰু নিজৰ বুলিয়েই গণ্য কৰি নিজে খোৱা একে খাদ্যই তেওঁলৈ আগবঢ়ায়। অৱশ্যে আজি আমি আপোনালোকক জনাম এনে এটা মন্দিৰৰ বিষয়ে য'ত কালী মাতৃক চীনা খাদ্য প্ৰসাদ হিচাপে আগবঢ়োৱা হয় ৷

এই বিশেষ মন্দিৰটো বংগৰ ৰাজধানী কলকাতাৰ টাংৰাত অৱস্থিত। ইয়াক চাইনা টাউন বুলিও জনা যায়। আচলতে ১৯৩০ চনৰ চীনৰ শীতল যুদ্ধৰ সময়ত কিছুমান মানুহ আহি ইয়াত বসবাস কৰিবলৈ লয় । জীৱিকা উপাৰ্জনৰ বাবে তেওঁলোকে খাদ্য সামগ্ৰী বিক্ৰী কৰিবলৈ আৰম্ভ কৰে আৰু ইয়াত লাহে লাহে ভাৰত-চীনা খাদ্য বিখ্যাত হ’বলৈ ধৰিলে। যিহেতু এই স্থানত কালী মন্দিৰ আছে, সেয়েহে ভক্তসকলেও দেৱীক নুডলছ, চপষ্টিক, ফ্ৰাইড ৰাইচ আদি চীনা খাদ্য আগবঢ়াবলৈ আৰম্ভ কৰিলে।পুৱা-গধূলি পূজাৰ সময়ত দেৱীক কেৱল চীনা খাদ্যহে আগবঢ়োৱা হয়।


কালী দেৱীৰ এই মন্দিৰটো ৬০ বছৰ পুৰণি, যিটো হিন্দী-চীনা সংস্কৃতিৰ সংমিশ্ৰণৰ নিদৰ্শন হিচাপে গণ্য কৰা হয়। উল্লেখ্য যে এজন চীনা শিশু অসুস্থ হোৱাত তেওঁত ইয়াতে থকা গছ এজোপাৰ তলত শুৱাই দিয়া হৈছিল আৰু অলপ সময়ৰ পিছতেই শিশুটি অলৌকিকভাৱে সুস্থ হৈ উঠে আৰু এই ঠাইত কালী মন্দিৰ নিৰ্মাণ কৰা হয়। ২০১৮ চনত World Of Kolkata নামৰ ফেচবুক পেজৰ জৰিয়তে এই মন্দিৰৰ তথ্য প্ৰকাশ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ