--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনত ভিক্ষা খুজে আৰু ৰাতি হোটেলত থাকে। এয়া এদল ভিক্ষাৰীৰ কাহিনী। মধ্য প্ৰদেশৰ ইন্দোৰ চহৰৰ কৰ্তৃপক্ষই মহানগৰীত ভিক্ষা খুজি থকা ১১টা শিশুসহ ২২ জনীয়া এটা দলক ৰাজস্থানৰ জন্মস্থানলৈ ঘূৰাই পঠিয়াইছে।

মহিলা আৰু শিশু উন্নয়ন বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে, মহানগৰীৰ এখন হোটেলত ভিক্ষাৰীৰ দল এটাই বাহৰ পাতিছিল। তাত ১১টা সন্তান আৰু ১১ সংখ্যক মহিলা আছিল। দিনটো চহৰৰ বিভিন্ন ঠাইত ভিক্ষা খুজি ৰাতি তেওঁলোক হোটেললৈ উভতি আহে।

বিষয়াগৰাকীয়ে এটা সংবাদ সংস্থাক জনোৱা মতে, ভিক্ষাৰীসকলক তেওঁলোকৰ গৃহ ৰাজ্যলৈ ঘূৰাই পঠোৱাৰ পূৰ্বে পৰামৰ্শ দিয়া হৈছিল। ইয়াৰ পিছত মহানগৰীৰ সকলো হোটেল, লজ আৰু অন্যান্য আশ্ৰয় শিবিৰৰ পৰিচালকসকলক সকীয়াই দিয়া হৈছে যে ভিক্ষা কৰা মানুহক থাকিবলৈ নিদিব, অন্যথা তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

১০খন চহৰক ভিক্ষাৰী মুক্ত কৰাৰ পদক্ষেপ

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে দেশৰ ১০খন চহৰক ভিক্ষাৰীমুক্ত কৰাৰ বাবে এক পাইলট প্ৰজেক্ট আৰম্ভ কৰিছে। ইয়াৰে ইন্দোৰ অন্যতম আৰু স্থানীয় প্ৰশাসনে ইন্দোৰত ভিক্ষা খুজাত নিষেধাজ্ঞা আৰোপ কৰিছে। এই পৰ্যন্ত ইন্দোৰৰ পৰা ভিক্ষাত নিয়োজিত ১০০ জন লোকক পুনৰ সংস্থাপন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু