--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনত ভিক্ষা খুজে আৰু ৰাতি হোটেলত থাকে। এয়া এদল ভিক্ষাৰীৰ কাহিনী। মধ্য প্ৰদেশৰ ইন্দোৰ চহৰৰ কৰ্তৃপক্ষই মহানগৰীত ভিক্ষা খুজি থকা ১১টা শিশুসহ ২২ জনীয়া এটা দলক ৰাজস্থানৰ জন্মস্থানলৈ ঘূৰাই পঠিয়াইছে।

মহিলা আৰু শিশু উন্নয়ন বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে, মহানগৰীৰ এখন হোটেলত ভিক্ষাৰীৰ দল এটাই বাহৰ পাতিছিল। তাত ১১টা সন্তান আৰু ১১ সংখ্যক মহিলা আছিল। দিনটো চহৰৰ বিভিন্ন ঠাইত ভিক্ষা খুজি ৰাতি তেওঁলোক হোটেললৈ উভতি আহে।

বিষয়াগৰাকীয়ে এটা সংবাদ সংস্থাক জনোৱা মতে, ভিক্ষাৰীসকলক তেওঁলোকৰ গৃহ ৰাজ্যলৈ ঘূৰাই পঠোৱাৰ পূৰ্বে পৰামৰ্শ দিয়া হৈছিল। ইয়াৰ পিছত মহানগৰীৰ সকলো হোটেল, লজ আৰু অন্যান্য আশ্ৰয় শিবিৰৰ পৰিচালকসকলক সকীয়াই দিয়া হৈছে যে ভিক্ষা কৰা মানুহক থাকিবলৈ নিদিব, অন্যথা তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

১০খন চহৰক ভিক্ষাৰী মুক্ত কৰাৰ পদক্ষেপ

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে দেশৰ ১০খন চহৰক ভিক্ষাৰীমুক্ত কৰাৰ বাবে এক পাইলট প্ৰজেক্ট আৰম্ভ কৰিছে। ইয়াৰে ইন্দোৰ অন্যতম আৰু স্থানীয় প্ৰশাসনে ইন্দোৰত ভিক্ষা খুজাত নিষেধাজ্ঞা আৰোপ কৰিছে। এই পৰ্যন্ত ইন্দোৰৰ পৰা ভিক্ষাত নিয়োজিত ১০০ জন লোকক পুনৰ সংস্থাপন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement