--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিজেপি চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ এতিয়া নতুন কথা হৈ থকা নাই। বিৰোধী দলবোৰত চাপত ৰাখিবলৈ বাৰম্বাৰ এই কৌশলকে বিজেপিয়ে গ্ৰহণ কৰি অহা বুলি অভিযোগ উত্থাপন কৰি অহা হৈছে। অবিজেপি শাসিত প্ৰায় প্ৰতিখন ৰাজ্যতে চলিছে এই চাপ সৃষ্টিৰ ৰাজনীতি। নিৰ্বাচনৰ আগে আগে বা অন্য যিকোনো স্পৰ্শকাতৰ সময়তে বিজেপিয়ে এই কৌশল গ্ৰহণ কৰি অহা বুলি অভিযোগ উত্থাপন হৈছে। সেই পুৰণি কৌশল হৈছে বিভিন্ন কেন্দ্ৰীয় সংস্থাক বিভিন্ন বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে ব্যৱহাৰ কৰা। পশ্চিমবংগৰ নিৰ্বাচনৰ সময়ত তৃণমূল কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে, উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ সময়ত সমাজবাদীৰ নেতাৰ বিৰুদ্ধে অভিযান চলাইছিল একাধিক কেন্দ্ৰীয় সংস্থাই। যাক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই পৰম্পৰা কিন্তু এতিয়াও ৰুদ্ধ হোৱা নাই। এইবাৰ মহাৰাষ্ট্ৰত চলিছে এই অভিযান। মহাৰাষ্ট্ৰ শিৱসেনা, এনচিপি আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ মহাবিৰাশ আঘাড়ী চৰকাৰৰ সৈতে কেন্দ্ৰ সংঘাত নতুন কথা নহয়। শিৱসেনাই বিজেপিৰে দীৰ্ঘদিনীয়া সম্পৰ্ক ছেদ কৰি এনচিপি আৰু কংগ্ৰেছৰে মিলি চৰকাৰ গঠন কৰাৰ পাছতে সংঘাতৰ সূত্ৰপাত ঘটিছিল। তাৰ পাছতে এতিয়া সন্মুখেৰে নোৱাৰি পিছ দুৱাৰেৰে চৰকাৰত আঘাত কৰাৰ চেষ্টা কৰি গৈছে কেন্দ্ৰই। এই অভিযোগেই এতিয়া কৰি আহিছে বিভিন্ন বিৰোধী দলে। বিভিন্ন সময়ত শিৱসেনা আৰু বিজেপিৰ মাজত বাক যুদ্ধৰ সূত্ৰপাত ঘটি আহিছে। অলপতে এগৰাকী বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰীয়ে শিৱসেনাৰ মুৰব্বী তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ চমন সাজু হৈছে বুলি মন্তব্য কৰিছিল। যাৰ তীক্ষ্ণ প্ৰত্যুত্তৰ দিছিল শিৱসেনাই। মন কৰিবলগীয়া যে, মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক গ্ৰেপ্তাৰ কৰিছিল চিবিআই-এ। এনচিপিৰ আন এগৰাকী নেতা তথা মন্ত্ৰী অজিত পাৱাৰৰ বিৰুদ্ধেও তদন্ত চলাই আছে আয়কৰ বিভাগে। কেৱল এয়াই নহয়, ধনৰ অবৈধ লেনদেনৰ গোচৰত ইডি-এ গ্ৰেপ্তাৰ কৰিছে আন এগৰাকী মন্ত্ৰী নৱাব মালিকক। এনে পৰিপ্ৰেক্ষিতত এইবাৰ ধৈৰ্যচ্যুতি ঘটিছে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ। থাকৰেই এইবাৰ বিজেপিক সকীয়াই দিছে পোনপটীয়াকৈ। এনেদৰে পিছ দুৱাৰেৰে ক্ষমতা দখলৰ প্ৰচেষ্টাক অগণতান্ত্ৰিক আৰু দুৰাগ্ৰহী আখ্যা দিছে উদ্ধৱ থাকৰেই। তেওঁ কয়, ‘তালাচীৰ পাছত তালাচী চলোৱা হৈছে। কিন্তু মনত ৰাখিব, আপোনালোকৰো এদিন সময় আহিব। ক্ষমতা কোনে দখল কৰিব নিবিচাৰে, কিন্তু এজন লোকে কেতিয়াও গণতন্ত্ৰক পাহৰি যোৱা উচিত নহয় আৰু জনগণৰ মতক মানি লোৱা উচিত। ক্ষমতা দখলৰ বাবে আপোনাৰ হাতত থকা ক্ষমতাৰ অপব্যৱহাৰ উচিত কথা নহয়। থাকৰেৰ এই মন্তব্যই কেন্দ্ৰ সৈতে তেওঁৰ চৰকাৰৰ সংঘাতৰ ছবিখন অধিক তীব্ৰ ৰূপত প্ৰকট কৰি তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ