--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : সুস্বাদু খাদ্যৰ প্ৰতি মানুহৰ দুবৰ্লতা অধিক। আমি আমাৰ খাদ্য তালিকাত বিভিন্ন ধৰণৰ শাক-পাচলি ব্যৱহাৰ কৰাৰ উপৰি সুগন্ধি হ’বলৈ মচলা ব্যৱহাৰ কৰো। সকলো মানুহৰ বাবে এই মচলাবোৰ ৰুচিকৰ নহ’লেও বহু মানুহৰ বাবে মচলা নহ’লে খাদ্যবস্তু জুতি নালাগে। অতীতৰে পৰা চলি অহা এই মচলাবোৰৰ মাজৰে এবিধ অতি উপকাৰী মচলা হ’ল মেথি । মেথি গুটিৰ ইংৰাজী নাম ফেনুগ্ৰীক।

ভাৰতত মচলা দিয়া খাদ্যৰ প্ৰতি মানুহৰ দুবৰ্লতা অধিক। কিন্তু অধিক মচলাযুক্ত খাদ্যই আমাৰ পাচন তন্ত্ৰ দূৰ্বল কৰিব পাৰে। কিন্তু মেথি ব্যৱহৃত খাদ্য খালে আপুনি কিছুমাণ মাৰাত্মক বেমাৰৰ পৰা মুক্ত পাৱ পাৰে। মেথিৰ গুণাগুণ সমূহ এনেধৰণৰ-

মেথি গছ হৈছে বনজাতীয় শাক। ডিম্বাকৃতিৰ সৰু সৰু পাত থাকে। পাতবোৰ দালিত দি খাব পাৰি। গুটিবোৰ হালধীয়া আৰু তিতা ভাব আছে৷ আকৃতিত সৰু মেথি গুটিবোৰৰ উপকাৰিতাও অধিক আছে বুলি গৱেষকসকলে পৰীক্ষা-নিৰীক্ষা কৰি তথ্য প্রকাশ কৰিছে। গৱেষকসকলৰ মতে, মেথি গুটি খালে চুলিৰ সমস্যা দূৰ হয়। ডায়েবেটিছ ৰোগীয়ে পুৱা মেথি গুটি খালে ছুগাৰ হ্রাস হয়। ৰক্তহীনতাত ভোগাসকলৰ বাবেও উপকাৰী। ওজন কমাবলৈ পুৱা খালী পেটত মেথি গুটি চোবাই খালেও উপকাৰিতা পায়। জ্বৰ বা অৰুচি হ’লেও মেথি গুটি খাব পাৰিলে আৰোগ্য লাভ কৰে। শ্বাস-প্ৰশ্বাসৰ অসুবিধাবোৰ, মুখত হোৱা ঘা, ডিঙিৰ বিষ, জ্বলন-পোৰণ, আঘাত আৰু টোপনি নাহিলে টোপনি অহা আদি অনেক ৰোগৰ মহৌষধ বুলি গৱেষকে কয়। মাতৃ দুগ্ধ কম হ’লে মেথি খালে দুগ্ধ বেছি হয় বুলি কয়। মাহেকীয়াত হোৱা বিষ-বেদনা উপশম কৰে বুলি জনা যায়। ডিম্বাশয় ৰোগৰ বাবে মেথিৰ উপকাৰিতা আছে। হৃদযন্ত্ৰৰ হ’বলগীয়া বিভিন্ন সমস্যা ৰোধ কৰাত মেথি গুটিৰ শক্তি আছে বুলি প্রমাণ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তানৰ ৪খন অশান্ত প্ৰদেশক খণ্ড খণ্ড কৰাৰ পৰিকল্পনা আছিম মুনিৰৰ
গুৱাহাটী আৰু শিলচৰৰ পাছত এইবাৰ গোৱালপাৰাত গ্ৰেপ্তাৰ ১২ বাংলাদেশী নাগৰিক
মন্দিয়াত ই-ৰিক্সা হঠাৎ বাগৰি পৰি থিতাতে নিহত কণমানি ছাত্ৰী; কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত
২ লাখ ভাৰতীয়ই আমেৰিকাত হেৰুৱাব ভোটাধিকাৰ!
অসমৰ ভ্ৰাম্যমাণ নাট্যজগতলৈ দুঃখবৰ! কহিনুৰ থিয়েটাৰ বন্ধ কৰাৰ ইংগিত প্ৰযোজক তপন লহকৰৰ
আজি মহালয়া; শাৰদীয় দুৰ্গোৎসৱৰ আগমনিৰ বতৰা
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে