--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: সদায়ে হাঁহি-ধেমালি কৰি থকা এজন মানুহ। প্ৰতিটো সাক্ষাততে বৰ আগ্ৰহেৰে মাত এষাৰ দিয়ে। কথা পাতে। সিদিনা খবৰ আহিল- - মানুহজনে আত্মহত্যা কৰিলে।বহু পৰলৈ স্তব্ধ হৈ ৰ’লো। এনে কি দুখ আছিল মানুহজনৰ যাৰ বাবে তেওঁ জীৱনতকৈ মৃত্যুকে শ্ৰেয় বুলি জ্ঞান কৰিলে।এনে কি দুখ আছিল তেওঁৰ যাৰ বাবে জীয়াই থকাতকৈ কম যন্ত্ৰণাদায়ক হ’ল তেওঁৰ বাবে মৃত্যু! আমাৰ হাতত উত্তৰ নাছিল।

দেখাত অতিকে সুখী মানুহ এজনো ভিতৰি কিভাৱে ভুগিব পাৰে নৈৰাশ্যৰ পুতিগোন্ধময় অন্ধকাৰত তাৰেই ইংগিত এনে ধৰণৰ আত্মহত্যাৰ ঘটনাবোৰ। এয়াও সঁচা যে জীৱনত এবাৰৰ বাবে হ’লেও প্ৰায় প্ৰতিজন মানুহৰেই মৰিবলৈ হেঁপাহ জাগে।জীৱনতকৈ মৰণ উজু যেন লাগে।হতাশা, ডিপ্ৰেছন আদি প্ৰত্যেকৰে জীৱনলৈ আহে।কিন্তু সকলোৱে আত্মহত্যা নকৰে। হতাশাৰ চৰম সীমাত থিয় হৈ মানুহে লয় নিজকে শেষ কৰি পেলোৱাৰ সিদ্ধান্ত। কিন্তু আত্মহত্যাই জানো দিয়ে সমাধান? জীৱন থকালৈকেই আশা আৰু সম্ভাৱনা আছে। এই কথা কিয় পাহৰি যায় মানুহে।মানুহ তেতিয়ালৈকে হাৰি নাযায় যেতিয়ালৈকে তেওঁ নিজেই হাৰ নামানে। সেই সহজ সত্যকো কিদৰে পাহৰি পেলাওঁ আমি?


আজি আত্মহত্যা প্ৰতিৰোধী দিৱস।অৱশ্যে সেইবাবেই লিখা নাই এইবোৰ কথা। জীৱন জীওৱাৰ বাবে লাগতিয়াল প’জিটিভিটিকণ অন্তৰত জীপাল কৰি ৰখাৰ স্বাৰ্থত আমি সদায়েই মনত ৰাখিব লাগে এইকেইটা কথা। মানুহ অপৰাজেয়।মানুহৰ জীৱন সম্ভাৱনাৰ উজ্জ্বল বন্তি। কথাবোৰ এইভাৱে ভাবিব পৰালৈকে, নিজৰ সমস্যাৰ কথা মনতে চেপি নাৰাখি আপোনজনক খুলি-ভাঙি ক’ব পৰাকৈ মনটো মোকলাই ৰখালৈকে আত্মহত্যাৰ দৰে ঋণাত্মক প্ৰৱণতাই আমাক বশ কৰিব নোৱাৰে। আহক, আজিৰ এই বিশেষ দিনটোত আমি পণ লওঁ পৰিপূৰ্ণভাৱে জীৱনৰ প্ৰতিপল উপভোগ কৰাৰ,হতাশাগ্ৰস্ত জনৰ বাবে সাহস হোৱাৰ!


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ