--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: সদায়ে হাঁহি-ধেমালি কৰি থকা এজন মানুহ। প্ৰতিটো সাক্ষাততে বৰ আগ্ৰহেৰে মাত এষাৰ দিয়ে। কথা পাতে। সিদিনা খবৰ আহিল- - মানুহজনে আত্মহত্যা কৰিলে।বহু পৰলৈ স্তব্ধ হৈ ৰ’লো। এনে কি দুখ আছিল মানুহজনৰ যাৰ বাবে তেওঁ জীৱনতকৈ মৃত্যুকে শ্ৰেয় বুলি জ্ঞান কৰিলে।এনে কি দুখ আছিল তেওঁৰ যাৰ বাবে জীয়াই থকাতকৈ কম যন্ত্ৰণাদায়ক হ’ল তেওঁৰ বাবে মৃত্যু! আমাৰ হাতত উত্তৰ নাছিল।

দেখাত অতিকে সুখী মানুহ এজনো ভিতৰি কিভাৱে ভুগিব পাৰে নৈৰাশ্যৰ পুতিগোন্ধময় অন্ধকাৰত তাৰেই ইংগিত এনে ধৰণৰ আত্মহত্যাৰ ঘটনাবোৰ। এয়াও সঁচা যে জীৱনত এবাৰৰ বাবে হ’লেও প্ৰায় প্ৰতিজন মানুহৰেই মৰিবলৈ হেঁপাহ জাগে।জীৱনতকৈ মৰণ উজু যেন লাগে।হতাশা, ডিপ্ৰেছন আদি প্ৰত্যেকৰে জীৱনলৈ আহে।কিন্তু সকলোৱে আত্মহত্যা নকৰে। হতাশাৰ চৰম সীমাত থিয় হৈ মানুহে লয় নিজকে শেষ কৰি পেলোৱাৰ সিদ্ধান্ত। কিন্তু আত্মহত্যাই জানো দিয়ে সমাধান? জীৱন থকালৈকেই আশা আৰু সম্ভাৱনা আছে। এই কথা কিয় পাহৰি যায় মানুহে।মানুহ তেতিয়ালৈকে হাৰি নাযায় যেতিয়ালৈকে তেওঁ নিজেই হাৰ নামানে। সেই সহজ সত্যকো কিদৰে পাহৰি পেলাওঁ আমি?


আজি আত্মহত্যা প্ৰতিৰোধী দিৱস।অৱশ্যে সেইবাবেই লিখা নাই এইবোৰ কথা। জীৱন জীওৱাৰ বাবে লাগতিয়াল প’জিটিভিটিকণ অন্তৰত জীপাল কৰি ৰখাৰ স্বাৰ্থত আমি সদায়েই মনত ৰাখিব লাগে এইকেইটা কথা। মানুহ অপৰাজেয়।মানুহৰ জীৱন সম্ভাৱনাৰ উজ্জ্বল বন্তি। কথাবোৰ এইভাৱে ভাবিব পৰালৈকে, নিজৰ সমস্যাৰ কথা মনতে চেপি নাৰাখি আপোনজনক খুলি-ভাঙি ক’ব পৰাকৈ মনটো মোকলাই ৰখালৈকে আত্মহত্যাৰ দৰে ঋণাত্মক প্ৰৱণতাই আমাক বশ কৰিব নোৱাৰে। আহক, আজিৰ এই বিশেষ দিনটোত আমি পণ লওঁ পৰিপূৰ্ণভাৱে জীৱনৰ প্ৰতিপল উপভোগ কৰাৰ,হতাশাগ্ৰস্ত জনৰ বাবে সাহস হোৱাৰ!


FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তানৰ ৪খন অশান্ত প্ৰদেশক খণ্ড খণ্ড কৰাৰ পৰিকল্পনা আছিম মুনিৰৰ
গুৱাহাটী আৰু শিলচৰৰ পাছত এইবাৰ গোৱালপাৰাত গ্ৰেপ্তাৰ ১২ বাংলাদেশী নাগৰিক
মন্দিয়াত ই-ৰিক্সা হঠাৎ বাগৰি পৰি থিতাতে নিহত কণমানি ছাত্ৰী; কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত
২ লাখ ভাৰতীয়ই আমেৰিকাত হেৰুৱাব ভোটাধিকাৰ!
অসমৰ ভ্ৰাম্যমাণ নাট্যজগতলৈ দুঃখবৰ! কহিনুৰ থিয়েটাৰ বন্ধ কৰাৰ ইংগিত প্ৰযোজক তপন লহকৰৰ
আজি মহালয়া; শাৰদীয় দুৰ্গোৎসৱৰ আগমনিৰ বতৰা
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে