--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চুবুৰীয়া পাকিস্তানৰ ৰাজনৈতিক সংকটৰ পাছত এইবাৰ শ্ৰীলংকাতো সৃষ্টি হৈছে সংকটৰ। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান ইতিমধ্যেই অপসাৰিত হৈছে গাদীৰ পৰা। দেশখনত কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱৰাৰ পৰম্পৰা অব্যাহত ৰাখি ইমাৰাণ খানেও আধাতে সামৰিছে কাৰ্যকাল। পিছে এইবাৰ আন এখন চুবুৰীয়া দেশ শ্ৰীলংকাতো একেই সংকটে গা কৰি উঠিছে।

অৰ্থনৈতিক সংকটত জৰ্জৰিত শ্ৰীলংকাত এতিয়া ৰাজনৈতিক সংকটৰো সৃষ্টি হৈছে। দেশখনৰ শাসকীয় মিত্ৰজোঁটৰ পৰা ৪১গৰাকীকৈ সাংসদ ওলাই অহাৰ পাছত এতিয়া শাসকীয় মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা হেৰুৱাবলগীয়া হৈছে। শাসকীয় পক্ষৰ মিত্ৰদলে দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্সেৰ পদত্যাগ দাবী কৰি এই পদক্ষেপ গ্ৰহণ কৰিছিল। দেশখনৰ স্বাধীনতাৰ পাছৰ আটাইতকৈ বৃহৎ অৰ্থনৈতিক সংকটৰ বাবে যি অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ পৰিপ্ৰেক্ষিততে এতিয়া ৰাজনৈতিক সংকট অৱধাৰিত হৈ পৰিছে দেশখনত।

আনকি দায়িত্বভাৰ গ্ৰহণৰ এদিনৰ পাছতে দেশখনৰ বিত্তমন্ত্ৰী আলী ছাবৰেও পদত্যাগ কৰিছে। দেশখনত খাদ্যৰ পৰা আৰম্ভ কৰি ঔষধলৈকে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ যিমানে গাঢ় হৈ পৰিছে সিমানেই অস্থিৰতা বৃদ্ধি পাইছে আৰু ব্যাপক প্ৰতিবাদে গা কৰি উঠিছে। সৰ্বস্তৰৰ জনতাৰ এই প্ৰতিবাদৰ আগত থিৰেৰে থকাটো প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে চৰকাৰৰ বাবে।
উল্লেখ্য যে, দেশখনৰ ৰাষ্ট্ৰপতি ৰাজাপাক্সেই সোমবাৰে চাৰিগৰাকী নতুন মন্ত্ৰীক কেবিনেটত অন্তৰ্ভুক্ত কৰিছিল। তেওঁলোকৰ মাজৰে এগৰাকী আছিল বিত্তমন্ত্ৰী ছাৰবে। কিন্তু প্ৰৱল অৰ্থনৈতিক সংকটৰ পৰিপ্ৰেক্ষিতত তেওঁ এই দায়িত্বত ন্যস্ত হৈ থকাৰ সাহ কৰিব নোৱাৰিলে।

উল্লেখ্য যে, দেশখনৰ বিৰোধী দলসমূহে কালি ৰাষ্ট্ৰপতিয়ে আহ্বান জনোৱা সৰ্বদলীয় বৈঠকৰ আমন্ত্ৰণ প্ৰত্যাখ্যান কৰিথিল আৰু ইয়াক অৰ্থহীন আখ্যা দিছিল। তেওঁলোকে ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবী সজোৰে উত্থাপন কৰে। 

ইফালে, দেশখনৰ সংসদৰ উপাধ্যক্ষ ৰণজিথ ছিয়ামবালাপিটিয়াইও ইতিমধ্যে পদত্যাগ কৰিছে। ইফালে, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি চমুকৈ আইএমএফ-এ মঙলবাৰে প্ৰকাশ কৰে যে, তেওঁলোকে দেশখনৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক সংকটক গভীৰভাৱে নিৰীক্ষণ কৰি আছে। চৰকাৰৰ বিৰুদ্ধে ব্যাপক গণজাগৰণৰ বিষয়টোৱে ইতিমধ্যেই আন্তঃৰাষ্ট্ৰীয় মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু ইয়াৰ পৰ্শ্ব প্ৰতিক্ৰিয়াক লৈ আন্তঃৰাষ্ট্ৰীয় মহল উদ্বিগ্ন হৈ পৰিছে।

ভাৰতে চুবুৰীয়া দেশখনক সংক্টৰ সৈতে মোকাবিলা কৰাত সহায় কৰিবলৈ তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ভাৰতৰ পৰা ভালেমান সাহায্য সামগ্ৰী ইতিমধ্যে প্ৰেৰণ কৰা হৈছে দেশখনলৈ। ভাৰতে দেশখনলৈ এক সুস্থিৰ অৱস্থা নহালৈকে এনে সাহায্য প্ৰেৰণ কৰি থাকিব বুলি প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ