--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) মুৰব্বী মোহন ভাগৱতে মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ পুনৰবাৰ মোডী চৰকাৰক দায়িত্ব অৰ্পণ কৰিছে। বৃহস্পতিবাৰে  শংকৰ দিনকৰ কেনৰ শতবাৰ্ষিকী উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত ভাগৱতে মণিপুৰৰ হিংসা আৰু আৰএছএছৰ ভূমিকা সম্পৰ্কে ভাষণ দিয়ে।


আৰএছএছৰ মুৰব্বীগৰাকীয়ে কয় যে ‘এই সকল লোকে সিদ্ধান্ত লয় যে যিজন ব্যক্তিয়ে তেওঁৰ কামত সৰ্বোত্তম প্ৰদৰ্শন কৰিছে তেওঁক ভগৱান বুলি গণ্য কৰা উচিত হয় নে নহয়, সেই ব্যক্তিয়ে নিজেই এইবোৰ সিদ্ধান্ত ল’ব নোৱাৰে।’ শংকৰ দিনকৰে ১৯৭১ চনলৈকে মণিপুৰত শিশু শিক্ষাৰ ওপৰত গুৰুতৰভাৱে কাম কৰে আৰু লগতে মহাৰাষ্ট্ৰলৈ আনি তেওঁলোকৰ থকাৰ ব্যৱস্থা গ্ৰহন কৰিছিল।

কেনৰ কাম স্মৰণ কৰি ভাগৱতে কয়, ‘আমি জীৱনত যিমান পাৰো ভাল কাম কৰিবলৈ চেষ্টা কৰা উচিত। কোনেও কোৱা নাই যে আমি জিলিকিব নালাগে বা থিয় দিব নালাগে। সকলোৱে কামৰ জৰিয়তে এজন শ্ৰদ্ধাৰ ব্যক্তি হ’ব পাৰে কিন্তু আমি সেই স্তৰত উপনীত হৈছো নে নাই এই বিষয়ে আপুনি নিজে নহয়, আনে নিৰ্ণয় কৰিব।’ 

ভাগৱতে ক’লে, “নিজকে ভগৱান বুলি ঘোষণা কৰা উচিত নহয়।’’

মণিপুৰৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি আৰএছএছৰ মুৰব্বীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰে। তাত নিৰাপত্তাৰ কোনো নিশ্চয়তা নাই বুলিও তেওঁ কয়। স্থানীয় লোকসকলে তেওঁলোকৰ সুৰক্ষাক লৈ আশংকাত ভুগিছে। ব্যৱসায় বা সামাজিক কামৰ বাবে তালৈ যোৱাসকলৰ বাবে পৰিস্থিতি আৰু অধিক প্ৰত্যাহ্বানজনক যদিও এনে পৰিস্থিতিতো আৰএছএছৰ স্বেচ্ছাসেৱকসকল শক্তিশালীভাৱে নিয়োজিত হৈ আছে আৰু লগতে দুয়োটা গোটৰ সেৱা কৰি পৰিস্থিতি শান্ত কৰিবলৈ চেষ্টা অব্যাহত আছে।

ভাগৱতে ক্ষোভেৰে কয় যে সংঘৰ স্বেচ্ছাসেৱকসকলে মণিপুৰ এৰিও যোৱা নাই আৰু ঠাইতে বহি আছে। বৰঞ্চ স্বাভাৱিকতা ঘূৰাই অনা আৰু জাতীয় ঐক্যৰ ভাৱনা বৃদ্ধিৰ বাবে দুয়োটা গোটৰ মাজত উত্তেজনা হ্ৰাস কৰাৰ বাবে তেওঁলোকে সক্ৰিয়ভাৱে কাম কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু