--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) মুৰব্বী মোহন ভাগৱতে মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ পুনৰবাৰ মোডী চৰকাৰক দায়িত্ব অৰ্পণ কৰিছে। বৃহস্পতিবাৰে  শংকৰ দিনকৰ কেনৰ শতবাৰ্ষিকী উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত ভাগৱতে মণিপুৰৰ হিংসা আৰু আৰএছএছৰ ভূমিকা সম্পৰ্কে ভাষণ দিয়ে।


আৰএছএছৰ মুৰব্বীগৰাকীয়ে কয় যে ‘এই সকল লোকে সিদ্ধান্ত লয় যে যিজন ব্যক্তিয়ে তেওঁৰ কামত সৰ্বোত্তম প্ৰদৰ্শন কৰিছে তেওঁক ভগৱান বুলি গণ্য কৰা উচিত হয় নে নহয়, সেই ব্যক্তিয়ে নিজেই এইবোৰ সিদ্ধান্ত ল’ব নোৱাৰে।’ শংকৰ দিনকৰে ১৯৭১ চনলৈকে মণিপুৰত শিশু শিক্ষাৰ ওপৰত গুৰুতৰভাৱে কাম কৰে আৰু লগতে মহাৰাষ্ট্ৰলৈ আনি তেওঁলোকৰ থকাৰ ব্যৱস্থা গ্ৰহন কৰিছিল।

কেনৰ কাম স্মৰণ কৰি ভাগৱতে কয়, ‘আমি জীৱনত যিমান পাৰো ভাল কাম কৰিবলৈ চেষ্টা কৰা উচিত। কোনেও কোৱা নাই যে আমি জিলিকিব নালাগে বা থিয় দিব নালাগে। সকলোৱে কামৰ জৰিয়তে এজন শ্ৰদ্ধাৰ ব্যক্তি হ’ব পাৰে কিন্তু আমি সেই স্তৰত উপনীত হৈছো নে নাই এই বিষয়ে আপুনি নিজে নহয়, আনে নিৰ্ণয় কৰিব।’ 

ভাগৱতে ক’লে, “নিজকে ভগৱান বুলি ঘোষণা কৰা উচিত নহয়।’’

মণিপুৰৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি আৰএছএছৰ মুৰব্বীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰে। তাত নিৰাপত্তাৰ কোনো নিশ্চয়তা নাই বুলিও তেওঁ কয়। স্থানীয় লোকসকলে তেওঁলোকৰ সুৰক্ষাক লৈ আশংকাত ভুগিছে। ব্যৱসায় বা সামাজিক কামৰ বাবে তালৈ যোৱাসকলৰ বাবে পৰিস্থিতি আৰু অধিক প্ৰত্যাহ্বানজনক যদিও এনে পৰিস্থিতিতো আৰএছএছৰ স্বেচ্ছাসেৱকসকল শক্তিশালীভাৱে নিয়োজিত হৈ আছে আৰু লগতে দুয়োটা গোটৰ সেৱা কৰি পৰিস্থিতি শান্ত কৰিবলৈ চেষ্টা অব্যাহত আছে।

ভাগৱতে ক্ষোভেৰে কয় যে সংঘৰ স্বেচ্ছাসেৱকসকলে মণিপুৰ এৰিও যোৱা নাই আৰু ঠাইতে বহি আছে। বৰঞ্চ স্বাভাৱিকতা ঘূৰাই অনা আৰু জাতীয় ঐক্যৰ ভাৱনা বৃদ্ধিৰ বাবে দুয়োটা গোটৰ মাজত উত্তেজনা হ্ৰাস কৰাৰ বাবে তেওঁলোকে সক্ৰিয়ভাৱে কাম কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ