--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাণৰ প্ৰতি সকলোৰে মমতা থাকে৷ সেয়া লাগিলে মানুহেই হওক বা জন্তুৱেই হওক৷ বিপদ যেতিয়া সমুখত উপস্থিত হয় নিজৰ প্ৰাণ বচাবলৈ সকলোৱে চেষ্টা কৰে। শেহতীয়াকৈ এক ঘটনাত মানৱীয়তাৰ বৰ সুন্দৰ নিৰ্দশন দেখিবলৈ পোৱা গ’ল। 

গুজৰাটত হোৱা বানপানীয়ে ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বানৰ তাণ্ডৱত ক্ষতিগ্ৰস্ত হৈ জনজীৱন। এনে বিপদগ্ৰস্ত সময়ৰ মাজতে এক হৃদয়স্পৰ্শী মুহূৰ্তৰ উন্মেষ ঘটিছে যিয়ে সকলোৰে হৃদয় আকৰ্ষণ কৰিছে। এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে গভীৰ পানীৰ মাজেৰে খোজ কাঢ়ি যোৱা কেইজনমান সাহসী ব্যক্তিয়ে খাট এখনত উঠাই বানপানীৰ পৰা উদ্ধাৰ কৰিছে এটা অসহায় কুকুৰক। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এই ভিডিঅ’টোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

ভিডিঅ’টোত দেখা গৈছে বানত ডুব যোৱা ঘৰ আৰু খাটত কুকুৰ কঢ়িয়াই লৈ ফুৰা কেইজনমান মানুহক। 

গুজৰাটৰ এই ভিডিঅ’টো ভাইৰেল হৈ পৰিল আৰু মানুহে মানৱতা এতিয়াও জীয়াই আছে বুলি মন্তব্য প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ