--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০১৪ চনৰ ২ অক্টোবৰত ভাৰত চৰকাৰে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানে দেশত স্বচ্ছতা বৰ্তাই ৰখাত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে৷ চৰকাৰে এই ছটা বছৰত দহ কোটিতকৈ অধিক ঘৰুৱা শৌচাগাৰ নিৰ্মাণ কৰিছিল আৰু ছয় লাখৰো অধিক গাঁও মুকলিত মলত্যাগ কৰাৰ পৰা মুক্ত বুলি ঘোষণা কৰিছিল। আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান আলোচনী ‘নেচাৰ’(Nature)ত প্ৰকাশিত এক অধ্যয়নত ভাৰতত স্বচ্ছ ভাৰত অভিযানৰ বাবে  শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি জানিব পৰা গৈছে৷

আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান আলোচনী 'Nature' ত প্ৰকাশিত ‘Toilet construction under the Swachh Bharat Mission and infant mortality in India’শীৰ্ষক গৱেষণা পত্ৰত  স্বচ্ছ ভাৰত অভিযানে বছৰি ৬০,০০০–৭০,০০০ শিশুৰ মৃত্যু ৰোধ কৰাত অৰিহণা যোগাইছে বুলি তথ্য প্ৰকাশ কৰিছে৷ সুমন চক্ৰৱৰ্তী, ছোয়ৰা গুনে, টিম এ ব্ৰুকনাৰ, জুলি ষ্ট্ৰমিংগাৰ, আৰু পাৰ্বতী সিঙৰ উমৈহতীয়া প্ৰচেষ্টাত প্ৰস্তুত কৰি উলিওৱা গৱেষণা পত্ৰখনত কোৱা হৈছে যে এছ বি এম আৰু কেঁচুৱা আৰু পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰৰ (U5MR) মাজৰ সম্পৰ্ক অনুসন্ধানৰ বাবে অৰ্ধ-পৰীক্ষামূলক অধ্যয়ন কৰা হৈছিল ভাৰতত। ভাৰতীয় ৩৫ খন ৰাজ্য আৰু ৬৪০ খন জিলাৰ দহ বছৰ (২০১১–২০২০)ৰ তথ্য বিশ্লেষণ কৰা হৈছিল।

ভাৰতত স্বচ্ছ ভাৰত অভিযান আৰম্ভ হোৱাৰ পাছৰ সময়ছোৱাত পূৰ্বৰ তুলনাত শিশুৰ মৃত্যুৰ হাৰ ত্বৰান্বিত হোৱা দেখা গৈছিল অধ্যয়নটোত। 

তথ্যসমূহৰ পৰ্যালোচনাৰ পৰা পোহৰলৈ  আহিছে যে ‘অনাময় ব্যৱস্থাৰ বাবে  বছৰি প্ৰায় ৬০,০০০–৭০,০০০ শিশুৰ মৃত্যু ৰোধ কৰাত অৰিহণা যোগাইছে’। অধ্যয়নৰ পৰা লাভ কৰা সিদ্ধান্ত অনুসৰি পানী আৰু অনাময় ব্যৱস্থা  উন্নত হ’লে শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস পাব পাৰে; উক্ত অধ্যয়নে ভাৰতৰ ৰাষ্ট্ৰীয় অনাময় অভিযান তথা স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা শিশু আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ সাক্ষ্য লাভ কৰিছে।

গৱেষক সকলে কয় যে তেওঁলোকৰ গৱেষণাত ৰাষ্ট্ৰীয় অনাময় অভিযানৰ দ্বাৰা শিশুৰ স্বাস্থ্যৰ উন্নত কৰাৰ ক্ষেত্ৰত  সফলতা লাভত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভাৰতৰ দৰে আন আন উন্নয়নশীল দেশসমূহতো একেধৰণৰ পদক্ষেপ  গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে গৱেষক সকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু