--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০১৪ চনৰ ২ অক্টোবৰত ভাৰত চৰকাৰে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানে দেশত স্বচ্ছতা বৰ্তাই ৰখাত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে৷ চৰকাৰে এই ছটা বছৰত দহ কোটিতকৈ অধিক ঘৰুৱা শৌচাগাৰ নিৰ্মাণ কৰিছিল আৰু ছয় লাখৰো অধিক গাঁও মুকলিত মলত্যাগ কৰাৰ পৰা মুক্ত বুলি ঘোষণা কৰিছিল। আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান আলোচনী ‘নেচাৰ’(Nature)ত প্ৰকাশিত এক অধ্যয়নত ভাৰতত স্বচ্ছ ভাৰত অভিযানৰ বাবে  শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি জানিব পৰা গৈছে৷

আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান আলোচনী 'Nature' ত প্ৰকাশিত ‘Toilet construction under the Swachh Bharat Mission and infant mortality in India’শীৰ্ষক গৱেষণা পত্ৰত  স্বচ্ছ ভাৰত অভিযানে বছৰি ৬০,০০০–৭০,০০০ শিশুৰ মৃত্যু ৰোধ কৰাত অৰিহণা যোগাইছে বুলি তথ্য প্ৰকাশ কৰিছে৷ সুমন চক্ৰৱৰ্তী, ছোয়ৰা গুনে, টিম এ ব্ৰুকনাৰ, জুলি ষ্ট্ৰমিংগাৰ, আৰু পাৰ্বতী সিঙৰ উমৈহতীয়া প্ৰচেষ্টাত প্ৰস্তুত কৰি উলিওৱা গৱেষণা পত্ৰখনত কোৱা হৈছে যে এছ বি এম আৰু কেঁচুৱা আৰু পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰৰ (U5MR) মাজৰ সম্পৰ্ক অনুসন্ধানৰ বাবে অৰ্ধ-পৰীক্ষামূলক অধ্যয়ন কৰা হৈছিল ভাৰতত। ভাৰতীয় ৩৫ খন ৰাজ্য আৰু ৬৪০ খন জিলাৰ দহ বছৰ (২০১১–২০২০)ৰ তথ্য বিশ্লেষণ কৰা হৈছিল।

ভাৰতত স্বচ্ছ ভাৰত অভিযান আৰম্ভ হোৱাৰ পাছৰ সময়ছোৱাত পূৰ্বৰ তুলনাত শিশুৰ মৃত্যুৰ হাৰ ত্বৰান্বিত হোৱা দেখা গৈছিল অধ্যয়নটোত। 

তথ্যসমূহৰ পৰ্যালোচনাৰ পৰা পোহৰলৈ  আহিছে যে ‘অনাময় ব্যৱস্থাৰ বাবে  বছৰি প্ৰায় ৬০,০০০–৭০,০০০ শিশুৰ মৃত্যু ৰোধ কৰাত অৰিহণা যোগাইছে’। অধ্যয়নৰ পৰা লাভ কৰা সিদ্ধান্ত অনুসৰি পানী আৰু অনাময় ব্যৱস্থা  উন্নত হ’লে শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস পাব পাৰে; উক্ত অধ্যয়নে ভাৰতৰ ৰাষ্ট্ৰীয় অনাময় অভিযান তথা স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা শিশু আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ সাক্ষ্য লাভ কৰিছে।

গৱেষক সকলে কয় যে তেওঁলোকৰ গৱেষণাত ৰাষ্ট্ৰীয় অনাময় অভিযানৰ দ্বাৰা শিশুৰ স্বাস্থ্যৰ উন্নত কৰাৰ ক্ষেত্ৰত  সফলতা লাভত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভাৰতৰ দৰে আন আন উন্নয়নশীল দেশসমূহতো একেধৰণৰ পদক্ষেপ  গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে গৱেষক সকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ