--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পানী আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু পিয়াহ নিবাৰণৰ বাবে পানীতকৈ উত্তম বিকল্প আৰু নাই। সুস্বাস্থ্যৰ বাবে গোটেই দিনটো কমেও ৮ৰ পৰা ১০ গিলাচ পানী খাবলৈও বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে, কিন্তু আমি কেনেকৈ পানী খাওঁ সেয়াও অতি গুৰুত্বপূৰ্ণ। বেছিভাগ মানুহে থিয় হৈ পানী খায় বা বটলৰ পৰা পোনপটীয়াকৈ পানী খায়, কিন্তু থিয় হৈ পানী খোৱাটো স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক হ’ব পাৰে। গতিকে আজি এই অভ্যাস ত্যাগ কৰাই ভাল। থিয় হৈ পানী খালে কি কি ৰোগৰ সন্মুখীন হ’ব পাৰে জানো আহক।

 ১. অক্সিজেন যোগানত প্ৰভাৱ পৰে-

আমি যেতিয়াই থিয় হৈ পানী খাওঁ তেতিয়াই শৰীৰে যি প্ৰয়োজনীয় পুষ্টি লাভ কৰিব লাগে, সেইখিনি নাপায়। ইয়াৰ বাহিৰেও খাদ্য আৰু বতাহৰ নলীত অক্সিজেন যোগান বন্ধ হৈ যায়। কেৱল হাওঁফাওঁতে নহয় হৃদযন্ত্ৰতো ইয়াৰ বেয়া প্ৰভাৱ পৰে। সেয়েহে থিয় হৈ পানী খালে পেটত পানীৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত পেটৰ তলৰ অংশত চাপৰ সৃষ্টি হয় আৰু এনে অৱস্থাত মানুহ হাৰ্নিয়াৰ বলি হয়।

 ২. মানসিক চাপ বৃদ্ধি পায়-

থিয় হৈ পানী খালে মানসিক চাপ বৃদ্ধি পায়। বিশ্বাস নকৰিলেও কিন্তু এই অভ্যাসটোও মানসিক চাপ বৃদ্ধিৰ আঁৰৰ অন্যতম মূল কাৰণ। বিশেষজ্ঞসকলৰ মতে থিয় হৈ পানী খোৱাটোৱে স্নায়ুতন্ত্ৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় আৰু এনে অৱস্থাত পুষ্টিকৰ উপাদানসমূহ সম্পূৰ্ণ অসাৰ হৈ পৰে। গতিকে এই অভ্যাসৰ বাবেই শৰীৰে মানসিক চাপৰ সন্মুখীন হ’বলগীয়া হয়।

 ৩. গাঁঠিৰ বিষো ইয়াৰ কাৰণ-

বহুবাৰ আপুনি নিশ্চয় বয়োজ্যেষ্ঠসকলৰ পৰা শুনিছে যে থিয় হৈ পানী খালে আঁঠুত বিষ হয়। এই কথাটো একেবাৰে সত্য কাৰণ থিয় হৈ পানী খালে আঁঠুত হেঁচা পৰে, যাৰ বাবে বাতবিষৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

 ৪. গাঁঠিৰ সমস্যা-

থিয় হৈ পানী খালে বাতবিষৰ কাৰণ হ’ব পাৰে। আচলতে থিয় হৈ পানী খোৱাৰ বাবে আপোনাৰ শৰীৰৰ মাজেৰে দ্ৰুতগতিত পানীৰ প্ৰবাহ গাঁঠিত জমা হৈ হাড় আৰু গাঁঠিৰ বাবে বিপদৰ সৃষ্টি কৰে। ইয়াৰ ফলত হাড়ৰ গাঁঠিৰ অংশত তৰল পদাৰ্থৰ অভাৱ ঘটে আৰু গাঁঠিৰ বিষৰ লগে লগে হাড়বোৰ দুৰ্বল হ’বলৈ ধৰে। যাৰ ফলত মানুহে বাতবিষৰ দৰে ৰোগৰ সন্মুখীন হ’বলগীয়া হয়।

 ৫. বৃক্কৰ প্ৰভাৱ-

থিয় হৈ পানী খোৱাৰ এই অভ্যাসে আপোনাৰ বৃক্কতো প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে। যেতিয়াই মানুহে থিয় হৈ পানী খায় তেতিয়াই পানী ফিল্টাৰ নকৰাকৈ পেটৰ তলৰ অংশৰ ফালে দ্ৰুতগতিত গতি কৰে আৰু পানীৰ অশুদ্ধিবোৰ পিত্তথলীত জমা হৈ পৰাৰ ফলত বৃক্কৰ বাবে অতি ক্ষতিকাৰক হৈ পৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু