--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পানী আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু পিয়াহ নিবাৰণৰ বাবে পানীতকৈ উত্তম বিকল্প আৰু নাই। সুস্বাস্থ্যৰ বাবে গোটেই দিনটো কমেও ৮ৰ পৰা ১০ গিলাচ পানী খাবলৈও বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে, কিন্তু আমি কেনেকৈ পানী খাওঁ সেয়াও অতি গুৰুত্বপূৰ্ণ। বেছিভাগ মানুহে থিয় হৈ পানী খায় বা বটলৰ পৰা পোনপটীয়াকৈ পানী খায়, কিন্তু থিয় হৈ পানী খোৱাটো স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক হ’ব পাৰে। গতিকে আজি এই অভ্যাস ত্যাগ কৰাই ভাল। থিয় হৈ পানী খালে কি কি ৰোগৰ সন্মুখীন হ’ব পাৰে জানো আহক।

 ১. অক্সিজেন যোগানত প্ৰভাৱ পৰে-

আমি যেতিয়াই থিয় হৈ পানী খাওঁ তেতিয়াই শৰীৰে যি প্ৰয়োজনীয় পুষ্টি লাভ কৰিব লাগে, সেইখিনি নাপায়। ইয়াৰ বাহিৰেও খাদ্য আৰু বতাহৰ নলীত অক্সিজেন যোগান বন্ধ হৈ যায়। কেৱল হাওঁফাওঁতে নহয় হৃদযন্ত্ৰতো ইয়াৰ বেয়া প্ৰভাৱ পৰে। সেয়েহে থিয় হৈ পানী খালে পেটত পানীৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত পেটৰ তলৰ অংশত চাপৰ সৃষ্টি হয় আৰু এনে অৱস্থাত মানুহ হাৰ্নিয়াৰ বলি হয়।

 ২. মানসিক চাপ বৃদ্ধি পায়-

থিয় হৈ পানী খালে মানসিক চাপ বৃদ্ধি পায়। বিশ্বাস নকৰিলেও কিন্তু এই অভ্যাসটোও মানসিক চাপ বৃদ্ধিৰ আঁৰৰ অন্যতম মূল কাৰণ। বিশেষজ্ঞসকলৰ মতে থিয় হৈ পানী খোৱাটোৱে স্নায়ুতন্ত্ৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় আৰু এনে অৱস্থাত পুষ্টিকৰ উপাদানসমূহ সম্পূৰ্ণ অসাৰ হৈ পৰে। গতিকে এই অভ্যাসৰ বাবেই শৰীৰে মানসিক চাপৰ সন্মুখীন হ’বলগীয়া হয়।

 ৩. গাঁঠিৰ বিষো ইয়াৰ কাৰণ-

বহুবাৰ আপুনি নিশ্চয় বয়োজ্যেষ্ঠসকলৰ পৰা শুনিছে যে থিয় হৈ পানী খালে আঁঠুত বিষ হয়। এই কথাটো একেবাৰে সত্য কাৰণ থিয় হৈ পানী খালে আঁঠুত হেঁচা পৰে, যাৰ বাবে বাতবিষৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

 ৪. গাঁঠিৰ সমস্যা-

থিয় হৈ পানী খালে বাতবিষৰ কাৰণ হ’ব পাৰে। আচলতে থিয় হৈ পানী খোৱাৰ বাবে আপোনাৰ শৰীৰৰ মাজেৰে দ্ৰুতগতিত পানীৰ প্ৰবাহ গাঁঠিত জমা হৈ হাড় আৰু গাঁঠিৰ বাবে বিপদৰ সৃষ্টি কৰে। ইয়াৰ ফলত হাড়ৰ গাঁঠিৰ অংশত তৰল পদাৰ্থৰ অভাৱ ঘটে আৰু গাঁঠিৰ বিষৰ লগে লগে হাড়বোৰ দুৰ্বল হ’বলৈ ধৰে। যাৰ ফলত মানুহে বাতবিষৰ দৰে ৰোগৰ সন্মুখীন হ’বলগীয়া হয়।

 ৫. বৃক্কৰ প্ৰভাৱ-

থিয় হৈ পানী খোৱাৰ এই অভ্যাসে আপোনাৰ বৃক্কতো প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে। যেতিয়াই মানুহে থিয় হৈ পানী খায় তেতিয়াই পানী ফিল্টাৰ নকৰাকৈ পেটৰ তলৰ অংশৰ ফালে দ্ৰুতগতিত গতি কৰে আৰু পানীৰ অশুদ্ধিবোৰ পিত্তথলীত জমা হৈ পৰাৰ ফলত বৃক্কৰ বাবে অতি ক্ষতিকাৰক হৈ পৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ