--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসমত কেইবালাখ হিন্দু বাঙালী ভোটাৰ থকা সত্ত্বেও সেই অনুপাতে ৰাজনৈতিক ক্ষেত্ৰখনত হিন্দু বাঙালীৰ উপস্থিতি প্ৰায় শূন্য বুলি তীব্ৰ আক্ষেপ প্ৰকাশ কৰে৷

ডিজিটেল ডেস্ক: সমাগত বিধানসভা নিৰ্বাচনত অতি কমেও দহটা বিধানসভা সমষ্টিত হিন্দু বঙালীক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী জনাইছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনে৷ অন্যথা নিজাববীয়া প্ৰাৰ্থী থিয় কৰাৰ হুংকাৰ ফেডাৰেছনৰ৷


কোকৰাঝাৰত আয়োজিত এখন সংবাদ মেলত সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ সভাপতি সম্ৰাট ভাৱাল আৰু সাধাৰণ সম্পাদক বাবলু সৰকাৰে শাসকীয় বিজেপি দলক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় যে অসমৰ সাম্প্ৰতিক পৰিস্থিতিত হিন্দু বাঙালী সমাজ এক গভীৰ জাতীয় সংকটত পৰিছে ৷


অসমত কেইবালাখ হিন্দু বাঙালী ভোটাৰ থকা সত্ত্বেও সেই অনুপাতে ৰাজনৈতিক ক্ষেত্ৰখনত হিন্দু বাঙালীৰ উপস্থিতি প্ৰায় শূন্য বুলি তীব্ৰ আক্ষেপ প্ৰকাশ কৰে৷


বহু বছৰ ধৰি অসমৰ ৰাজনৈতিক, প্ৰশাসনিক আৰু উন্নয়নৰ ক্ষেত্ৰত বঞ্চিত হৈ আহিছে। মাথোঁ ন্যায্য অধিকাৰ আৰু সমান ৰাজনৈতিক প্ৰতিনিধিত্ব বিচাৰোঁ ৷ এয়া এখন গণতান্ত্ৰিক দেশৰ নাগৰিকৰ মৌলিক অধিকাৰ ৷ বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত এজনো হিন্দু বাঙালী মন্ত্ৰী নিযুক্ত নোহোৱাটো কেৱল দুৰ্ভাগ্যজনকেই নহয় ৷ ই বৈষম্যৰ স্পষ্ট প্ৰতিফলন বুলিও অভিহিত কৰিছে ছাত্ৰ নেতাদ্বয়ে৷


সংবাদ মেলখনত ছাত্ৰ নেতাদ্বয়ে আৰু কয় যে অসমৰ আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলে ব্ৰহ্মপুত্ৰ উপত্যকাত পাঁচ গৰাকী হিন্দু বাঙালী প্ৰাৰ্থীক টিকট প্ৰদান কৰিব বুলি শুনিবলৈ পাইছোঁ ৷ তেনেক্ষেত্ৰত বিজেপি দলে কিমানজন হিন্দু বাঙালী প্ৰাৰ্থীক সুযোগ প্ৰদান কৰিব বুলি প্ৰশ্নৰ অৱতাৰণা কৰি সমাগত অসম বিধানসভাৰ নিৰ্বাচনত অতি কমেও ৰাজ্যৰ দহটা বিধানসভা সমষ্টিত হিন্দু বাঙালী প্ৰাৰ্থীক টিকট প্ৰদান কৰিব লাগিব বুলি দাবী জনাইছে ৷


যদি ফেব্ৰুৱাৰী মাহৰ ভিতৰত শাসকীয় বিজেপি চৰকাৰে স্থিতি স্পষ্ট নকৰে তেন্তে সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ উদ্যোগত বাঙালী অধ্যুষিত অঞ্চলত নিজস্ব প্ৰাৰ্থী মনোনীত কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ বাধ্য হ’ব বুলিও সকিয়াই দিছে বাঙালী যুৱ ফেডাৰেছনৰ নেতাদ্বয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু