--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখ তেওঁৰ সময়ছোৱাত হিন্দী ছবিৰ অন্যতম শীৰ্ষ অভিনেত্ৰী আছিল। ‘কাতি পতংগ’, ‘তীছৰী মনজিল’ আৰু ‘উপকাৰ’ৰ দৰে বহু স্মৰণীয় ছবিত অভিনয় কৰা আশা পাৰেখৰ চমৎকাৰ কৃতিত্বৰ তালিকাত আন এক ডাঙৰ সন্মান অন্তৰ্ভুক্ত হৈছে।

বুধবাৰে মহাৰাষ্ট্ৰ চৰকাৰে আশা পাৰেখক ৰাজ কাপুৰ লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত কৰে। ২০২০ চনৰ আৰম্ভণিতে আশাই লাভ কৰিছে দাদাছাহেব ফাল্কে বঁটাও। চাৰি দশকত ৮৫ খনতকৈও অধিক ছবিত অভিনয় কৰা আশাক ১৯৯২ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাও প্ৰদান কৰিছিল। বুধবাৰে ৱৰলীৰ এন এছ চি আই ড’মত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত বঁটা লাভ কৰাৰ পিছতে ‘জয় মহাৰাষ্ট্ৰ’ বুলি কয় ৮১ বছৰীয়া আশা পাৰেখে।

১৯৫২ চনত শিশু শিল্পী হিচাপে আত্মপ্ৰকাশ কৰে আশা পাৰেখে। ১৬ বছৰ বয়সত ‘গুঞ্জ উঠী শ্বেহনাই’ (১৯৫৯) ছবিখনত এগৰাকী আগশাৰীৰ নায়িকা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। হিন্দী ভাষাত বহু স্মৰণীয় ছবি নিৰ্মাণ কৰা আশাই কেৰিয়াৰৰ শিখৰত গুজৰাটী ছবিতো কাম কৰিছিল। কানাড়া আৰু পাঞ্জাবী ছবিতো অভিনয় কৰিছিল। ধৰ্মেন্দ্ৰৰ সৈতে তেওঁৰ পাঞ্জাবী ছবি ‘কংকন দে ওহলে’ (১৯৭১) অতি জনপ্ৰিয় হৈ পৰে।

সুপৰিচিত প্লেবেক গায়িকা তথা ভজন গায়িকা অনুৰাধা পাড়োৱালক মহাৰাষ্ট্ৰ চৰকাৰে সম্বৰ্ধনা জনায়। তেওঁক গানসম্ৰাজ্ঞী লতা মংগেশকাৰ বঁটা প্ৰদান কৰে। মহাৰাষ্ট্ৰ চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুধীৰ মুংগনতিৱাৰে এই বঁটা প্ৰদান কৰে শিল্পীসকলক।

বঁটা লাভ কৰাৰ পাছত গায়িকা অনুৰাধা পাড়োৱালে কয় যে, ‘মই মোৰ গুৰু বুলি গণ্য কৰা লতা মংগেশকাৰ জীৰ নামত আৰম্ভ হোৱা বঁটাটো মোৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়া মই ভাষাৰে বুজাব নোৱাৰো।’

বিখ্যাত অভিনেতা শিৱাজী সাতমেও অতি জনপ্ৰিয় টিভি শ্ব’ ‘চিআইডি’ত এচিপি প্ৰদ্যুম্নৰ চৰিত্ৰত অভিনয় কৰি এই বঁটা লাভ কৰে। মহাৰাষ্ট্ৰ চৰকাৰে তেওঁক চিত্ৰপতি ভি শান্তৰাম লাইফটাইম বঁটাৰে সন্মানিত কৰে।

অনুৰাধা পাড়োৱাল আৰু শিৱাজী সতমৰ সৈতে ‘তেজব’ আৰু ‘অংকুশ’ৰ দৰে ছবিৰ বাবে পৰিচিত পৰিচালক, এন. চন্দ্ৰাক বঁটাও প্ৰদান কৰা হয়। তেওঁক ৰাজ কাপুৰ বিশেষ অৱদান বঁটাৰে সন্মানিত কৰা হয়। আনহাতে পৰিচালক দিগপাল লাঞ্জেকাৰে চিত্ৰপতি ভি শান্তৰাম বিশেষ অৱদান বঁটা লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু