--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখ তেওঁৰ সময়ছোৱাত হিন্দী ছবিৰ অন্যতম শীৰ্ষ অভিনেত্ৰী আছিল। ‘কাতি পতংগ’, ‘তীছৰী মনজিল’ আৰু ‘উপকাৰ’ৰ দৰে বহু স্মৰণীয় ছবিত অভিনয় কৰা আশা পাৰেখৰ চমৎকাৰ কৃতিত্বৰ তালিকাত আন এক ডাঙৰ সন্মান অন্তৰ্ভুক্ত হৈছে।

বুধবাৰে মহাৰাষ্ট্ৰ চৰকাৰে আশা পাৰেখক ৰাজ কাপুৰ লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত কৰে। ২০২০ চনৰ আৰম্ভণিতে আশাই লাভ কৰিছে দাদাছাহেব ফাল্কে বঁটাও। চাৰি দশকত ৮৫ খনতকৈও অধিক ছবিত অভিনয় কৰা আশাক ১৯৯২ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাও প্ৰদান কৰিছিল। বুধবাৰে ৱৰলীৰ এন এছ চি আই ড’মত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত বঁটা লাভ কৰাৰ পিছতে ‘জয় মহাৰাষ্ট্ৰ’ বুলি কয় ৮১ বছৰীয়া আশা পাৰেখে।

১৯৫২ চনত শিশু শিল্পী হিচাপে আত্মপ্ৰকাশ কৰে আশা পাৰেখে। ১৬ বছৰ বয়সত ‘গুঞ্জ উঠী শ্বেহনাই’ (১৯৫৯) ছবিখনত এগৰাকী আগশাৰীৰ নায়িকা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। হিন্দী ভাষাত বহু স্মৰণীয় ছবি নিৰ্মাণ কৰা আশাই কেৰিয়াৰৰ শিখৰত গুজৰাটী ছবিতো কাম কৰিছিল। কানাড়া আৰু পাঞ্জাবী ছবিতো অভিনয় কৰিছিল। ধৰ্মেন্দ্ৰৰ সৈতে তেওঁৰ পাঞ্জাবী ছবি ‘কংকন দে ওহলে’ (১৯৭১) অতি জনপ্ৰিয় হৈ পৰে।

সুপৰিচিত প্লেবেক গায়িকা তথা ভজন গায়িকা অনুৰাধা পাড়োৱালক মহাৰাষ্ট্ৰ চৰকাৰে সম্বৰ্ধনা জনায়। তেওঁক গানসম্ৰাজ্ঞী লতা মংগেশকাৰ বঁটা প্ৰদান কৰে। মহাৰাষ্ট্ৰ চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুধীৰ মুংগনতিৱাৰে এই বঁটা প্ৰদান কৰে শিল্পীসকলক।

বঁটা লাভ কৰাৰ পাছত গায়িকা অনুৰাধা পাড়োৱালে কয় যে, ‘মই মোৰ গুৰু বুলি গণ্য কৰা লতা মংগেশকাৰ জীৰ নামত আৰম্ভ হোৱা বঁটাটো মোৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়া মই ভাষাৰে বুজাব নোৱাৰো।’

বিখ্যাত অভিনেতা শিৱাজী সাতমেও অতি জনপ্ৰিয় টিভি শ্ব’ ‘চিআইডি’ত এচিপি প্ৰদ্যুম্নৰ চৰিত্ৰত অভিনয় কৰি এই বঁটা লাভ কৰে। মহাৰাষ্ট্ৰ চৰকাৰে তেওঁক চিত্ৰপতি ভি শান্তৰাম লাইফটাইম বঁটাৰে সন্মানিত কৰে।

অনুৰাধা পাড়োৱাল আৰু শিৱাজী সতমৰ সৈতে ‘তেজব’ আৰু ‘অংকুশ’ৰ দৰে ছবিৰ বাবে পৰিচিত পৰিচালক, এন. চন্দ্ৰাক বঁটাও প্ৰদান কৰা হয়। তেওঁক ৰাজ কাপুৰ বিশেষ অৱদান বঁটাৰে সন্মানিত কৰা হয়। আনহাতে পৰিচালক দিগপাল লাঞ্জেকাৰে চিত্ৰপতি ভি শান্তৰাম বিশেষ অৱদান বঁটা লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ