--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : স্বয়ম্ভূ ভগৱান আশাৰাম বাপু এতিয়া কাৰাগাৰত। স্বসৃষ্ট ভগৱানৰ ৰূপ লৈ আশ্ৰম প্ৰতিষ্ঠাৰ নামত নানা অপৰাধিক কাৰ্য সংঘটিত কৰি অহাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল আৰু তাৰ আধাৰতে তেওঁক গ্ৰেপ্তাৰো হৈছিল। এতিয়াও কাৰাবন্দী হৈ আছে স্বয়ম্ভূ ভগৱান আশাৰাম বাপু। কিন্তু এতিয়াও যেন বিতৰ্কৰ অন্ত পৰা নাই। আশাৰাম বাপুৰ আশ্ৰমৰ নাম পুনৰ সাঙোৰ খাই পৰিছে এক বিতৰ্কৰ সৈতে। বাপুৰ আশ্ৰমত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

উত্তৰ প্ৰদেশত গোণ্ডাত থকা আশাৰাম বাপুৰ আশ্ৰমত ৰখাই থোৱা এখন গাড়ীৰ পৰা এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। ঘটনাৰ বিষয়ে সদৰি হোৱাৰ পাছতে ঘটনাস্থলীত বিশাল জনসমাগম দেখিবলৈ পোৱা গৈছে। মৃতদেহটো খবৰ পোৱাৰ লগে লগে, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো জিম্মাত লয়। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু ঘটনাটোৰ তদন্ত কৰি আছে।

৪ দিনে ধৰি সন্ধানহীন হৈ আছিল যুৱতী

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ছোৱালীজনী চাৰি দিন আগতে তাইৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল। তাৰ চাৰিদিনৰ পাছত তেওঁৰ মৃতদেহ আশাৰাম বাপুৰ আশ্ৰমত ৰখাই থোৱা এখন গাড়ীৰ ভিতৰত উদ্ধাৰ হোৱাটোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতদহে থকা গাড়ীখন কেইবাদিনো ধৰি সেই স্থানত আছিল বুলি সন্দেহ কৰা হৈছে। গাড়ীখনৰ ভিতৰৰ পৰা দুৰ্গন্ধ আহিবলৈ আৰম্ভ কৰাৰ পাছতহে ঘটনাটোৰ কথা সদৰি হয়।  আশ্ৰমৰ কৰ্মচাৰীসকলে বাহনখন খোলাৰ পাছতে তাৰ ভিতৰত মৃতদেহটো দেখিবলৈ পায়। তাৰ পাছতে আৰক্ষীক ঘটনাৰ সবিশেষ অৱগত কৰা হয়।

আৰক্ষীয়ে গাড়ীখন  জব্দ কৰাৰ লগতে আশ্ৰমখন বন্ধ কৰে

ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে গাড়ীখন জব্দ কৰাৰ লগতে সমগ্ৰ আশ্ৰমখন বন্ধ কৰি দিছে আৰু তদন্ত চলাই আছে। আৰক্ষীয়ে প্ৰকাশ কৰে যে প্ৰাৰম্ভিক অনুসন্ধান অনুসৰি ধাৰণা কৰা হৈছে যে, হত্যাকাণ্ড সংঘটিত কৰি মৃতদেহ লুকুৱাই ৰখাৰ চেষ্টা কৰা হৈছিল। ঘটনাটো নগৰ কোতৱালী অঞ্চলৰ বিমৌৰ গাঁৱত অৱস্থিত আশাৰাম বাপুৰ আশ্ৰমত সংঘটিত হৈছিল, য'ত গাড়ীখন যোৱা কেইবাদিনো ধৰি ৰখাই থোৱা আছিল।

আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে

আৰক্ষীয়ে প্ৰকশ কৰে যে যেতিয়া আশ্ৰমৰ চকীদাৰে গাড়ীখন খুলি মৃতদেহটো উদ্ধাৰ কৰে তাৰ পাছতে তেওঁলোকে আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে গাড়ীখন জব্দ কৰে আৰু আশ্ৰমখন বন্ধ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষী আৰু ফৰেনচিক দলে আশ্ৰম আৰু গাড়ীখনৰ অনুসন্ধান কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস