--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : স্বয়ম্ভূ ভগৱান আশাৰাম বাপু এতিয়া কাৰাগাৰত। স্বসৃষ্ট ভগৱানৰ ৰূপ লৈ আশ্ৰম প্ৰতিষ্ঠাৰ নামত নানা অপৰাধিক কাৰ্য সংঘটিত কৰি অহাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল আৰু তাৰ আধাৰতে তেওঁক গ্ৰেপ্তাৰো হৈছিল। এতিয়াও কাৰাবন্দী হৈ আছে স্বয়ম্ভূ ভগৱান আশাৰাম বাপু। কিন্তু এতিয়াও যেন বিতৰ্কৰ অন্ত পৰা নাই। আশাৰাম বাপুৰ আশ্ৰমৰ নাম পুনৰ সাঙোৰ খাই পৰিছে এক বিতৰ্কৰ সৈতে। বাপুৰ আশ্ৰমত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

উত্তৰ প্ৰদেশত গোণ্ডাত থকা আশাৰাম বাপুৰ আশ্ৰমত ৰখাই থোৱা এখন গাড়ীৰ পৰা এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। ঘটনাৰ বিষয়ে সদৰি হোৱাৰ পাছতে ঘটনাস্থলীত বিশাল জনসমাগম দেখিবলৈ পোৱা গৈছে। মৃতদেহটো খবৰ পোৱাৰ লগে লগে, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো জিম্মাত লয়। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু ঘটনাটোৰ তদন্ত কৰি আছে।

৪ দিনে ধৰি সন্ধানহীন হৈ আছিল যুৱতী

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ছোৱালীজনী চাৰি দিন আগতে তাইৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল। তাৰ চাৰিদিনৰ পাছত তেওঁৰ মৃতদেহ আশাৰাম বাপুৰ আশ্ৰমত ৰখাই থোৱা এখন গাড়ীৰ ভিতৰত উদ্ধাৰ হোৱাটোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতদহে থকা গাড়ীখন কেইবাদিনো ধৰি সেই স্থানত আছিল বুলি সন্দেহ কৰা হৈছে। গাড়ীখনৰ ভিতৰৰ পৰা দুৰ্গন্ধ আহিবলৈ আৰম্ভ কৰাৰ পাছতহে ঘটনাটোৰ কথা সদৰি হয়।  আশ্ৰমৰ কৰ্মচাৰীসকলে বাহনখন খোলাৰ পাছতে তাৰ ভিতৰত মৃতদেহটো দেখিবলৈ পায়। তাৰ পাছতে আৰক্ষীক ঘটনাৰ সবিশেষ অৱগত কৰা হয়।

আৰক্ষীয়ে গাড়ীখন  জব্দ কৰাৰ লগতে আশ্ৰমখন বন্ধ কৰে

ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে গাড়ীখন জব্দ কৰাৰ লগতে সমগ্ৰ আশ্ৰমখন বন্ধ কৰি দিছে আৰু তদন্ত চলাই আছে। আৰক্ষীয়ে প্ৰকাশ কৰে যে প্ৰাৰম্ভিক অনুসন্ধান অনুসৰি ধাৰণা কৰা হৈছে যে, হত্যাকাণ্ড সংঘটিত কৰি মৃতদেহ লুকুৱাই ৰখাৰ চেষ্টা কৰা হৈছিল। ঘটনাটো নগৰ কোতৱালী অঞ্চলৰ বিমৌৰ গাঁৱত অৱস্থিত আশাৰাম বাপুৰ আশ্ৰমত সংঘটিত হৈছিল, য'ত গাড়ীখন যোৱা কেইবাদিনো ধৰি ৰখাই থোৱা আছিল।

আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে

আৰক্ষীয়ে প্ৰকশ কৰে যে যেতিয়া আশ্ৰমৰ চকীদাৰে গাড়ীখন খুলি মৃতদেহটো উদ্ধাৰ কৰে তাৰ পাছতে তেওঁলোকে আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে গাড়ীখন জব্দ কৰে আৰু আশ্ৰমখন বন্ধ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষী আৰু ফৰেনচিক দলে আশ্ৰম আৰু গাড়ীখনৰ অনুসন্ধান কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল