--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় যে আপুনি যি কাম কৰি আছে তাৰ হিচাপ-নিকাচ ওপৰৱালাই কৰি আছে। মানুহে এই পৃথিৱীতে ভাল কৰ্মৰ ভাল ফল আৰু বেয়া কৰ্মৰ বেয়া ফল লাভ কৰে। সেয়েহে সকলো কাম ভাবি-চিন্তি কৰিব লাগে। এটা মন্দিৰত চোৰে চুৰ কৰিবলৈ গৈ যি ঘটনাৰ সন্মুখীন হ'ল সেয়া দেখি সকলোৱে কৈছে যে সকলোবোৰ ভগৱানৰে লীলা। আচলতে ঘটিছিল কি? এজন যুৱকে সুৰাৰ বাবে ধন গোটাবলৈ মন্দিৰত চুৰি কৰিবলৈ গৈছিল। কিন্তু ঈশ্বৰে যুৱকজনক যি শাস্তি দিলে তাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 

ভাইৰেল ভিডিঅ’টো অন্ধ্ৰ প্ৰদেশৰ (Andhra Pradesh)  শ্ৰীকাকুলামৰ কঞ্চলি মণ্ডলৰ যদুপুড়ি গাঁৱৰ বুলি জনা গৈছে। আৰ পাপা আৰো নামৰ এজন ৩০ বছৰীয়া যুৱক চুৰি কৰিবলৈ এটা মন্দিৰত উপস্থিত হৈছিল। যুৱকজন সুৰাৰ প্ৰতি ইমানেই আসক্ত যে সুৰাৰ বাবে ধন গোটাবলৈ সি মন্দিৰত চুৰি কৰাৰ কথা ভাবে। গাওঁখনৰ জামি য়েলাম্মা মন্দিৰৰ দেৱালত এটা যন্ত্ৰৰে ড্ৰিল কৰি সি এটা ডাঙৰ ছিদ্ৰ তৈয়াৰ কৰে আৰু সেই ছিদ্ৰটোৰে সোমাই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে। যুৱকজনে ভগৱানৰ মূৰ্তিত থকা ৰূপৰ অলংকাৰবোৰ চুৰি কৰে আৰু সেই ছিদ্ৰৰে আকৌ বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰে। কিন্তু আচৰিত কথাটো হ'ল যি ছিদ্ৰৰে যুৱকজন সহজেই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছিল সেই একেটা ছিদ্ৰৰে ওলাই অহাৰ সময়ত আৱদ্ধ হৈ পৰে। 

গোটেই নিশাটো সেই ছিদ্ৰটোতে আৰ পাপা আৰো আৱদ্ধ হৈ থাকে। সি চুৰি কৰা অলংকাৰবোৰ মাটিত পৰি গৈছিল। যেতিয়া ৰাতিপুৱা মন্দিৰটো খুলিবলৈ পুৰোহিতজন আহিছিল তেতিয়া তেওঁ চোৰটোক আৱদ্ধ হৈ থকা দেখে। পুৰোহিতজনে আৰক্ষীক লগালগ ফোন কৰি খবৰ দিয়ে। 

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অতি কষ্টেৰে চোৰটোক বাহিৰলৈ উলিয়াই আনে আৰু ঘটনাসন্দৰ্ভত এটা গোচৰ ৰুজু কৰে। যুৱকজনে সুৰাৰ বাবে চুৰি কৰা এয়াই প্ৰথম ঘটনা নহয়। সি ইতিমধ্যে কেইবাবাৰো চুৰি কৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ঘটনাটোৰ ভিডিঅ’ চাই মানুহে খুব আনন্দও লৈ আছে। বহুলোকে মন্তব্য কৰিছে যে ভগৱান যে সঁচাকৈয়ে আছে এই ঘটনাই তাকে প্ৰমাণ কৰে। একাংশই চোৰটোক ভগৱানে কঠোৰ শাস্তি দিয়া বুলি মন্তব্য কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল