--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় যে আপুনি যি কাম কৰি আছে তাৰ হিচাপ-নিকাচ ওপৰৱালাই কৰি আছে। মানুহে এই পৃথিৱীতে ভাল কৰ্মৰ ভাল ফল আৰু বেয়া কৰ্মৰ বেয়া ফল লাভ কৰে। সেয়েহে সকলো কাম ভাবি-চিন্তি কৰিব লাগে। এটা মন্দিৰত চোৰে চুৰ কৰিবলৈ গৈ যি ঘটনাৰ সন্মুখীন হ'ল সেয়া দেখি সকলোৱে কৈছে যে সকলোবোৰ ভগৱানৰে লীলা। আচলতে ঘটিছিল কি? এজন যুৱকে সুৰাৰ বাবে ধন গোটাবলৈ মন্দিৰত চুৰি কৰিবলৈ গৈছিল। কিন্তু ঈশ্বৰে যুৱকজনক যি শাস্তি দিলে তাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 

ভাইৰেল ভিডিঅ’টো অন্ধ্ৰ প্ৰদেশৰ (Andhra Pradesh)  শ্ৰীকাকুলামৰ কঞ্চলি মণ্ডলৰ যদুপুড়ি গাঁৱৰ বুলি জনা গৈছে। আৰ পাপা আৰো নামৰ এজন ৩০ বছৰীয়া যুৱক চুৰি কৰিবলৈ এটা মন্দিৰত উপস্থিত হৈছিল। যুৱকজন সুৰাৰ প্ৰতি ইমানেই আসক্ত যে সুৰাৰ বাবে ধন গোটাবলৈ সি মন্দিৰত চুৰি কৰাৰ কথা ভাবে। গাওঁখনৰ জামি য়েলাম্মা মন্দিৰৰ দেৱালত এটা যন্ত্ৰৰে ড্ৰিল কৰি সি এটা ডাঙৰ ছিদ্ৰ তৈয়াৰ কৰে আৰু সেই ছিদ্ৰটোৰে সোমাই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে। যুৱকজনে ভগৱানৰ মূৰ্তিত থকা ৰূপৰ অলংকাৰবোৰ চুৰি কৰে আৰু সেই ছিদ্ৰৰে আকৌ বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰে। কিন্তু আচৰিত কথাটো হ'ল যি ছিদ্ৰৰে যুৱকজন সহজেই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছিল সেই একেটা ছিদ্ৰৰে ওলাই অহাৰ সময়ত আৱদ্ধ হৈ পৰে। 

গোটেই নিশাটো সেই ছিদ্ৰটোতে আৰ পাপা আৰো আৱদ্ধ হৈ থাকে। সি চুৰি কৰা অলংকাৰবোৰ মাটিত পৰি গৈছিল। যেতিয়া ৰাতিপুৱা মন্দিৰটো খুলিবলৈ পুৰোহিতজন আহিছিল তেতিয়া তেওঁ চোৰটোক আৱদ্ধ হৈ থকা দেখে। পুৰোহিতজনে আৰক্ষীক লগালগ ফোন কৰি খবৰ দিয়ে। 

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অতি কষ্টেৰে চোৰটোক বাহিৰলৈ উলিয়াই আনে আৰু ঘটনাসন্দৰ্ভত এটা গোচৰ ৰুজু কৰে। যুৱকজনে সুৰাৰ বাবে চুৰি কৰা এয়াই প্ৰথম ঘটনা নহয়। সি ইতিমধ্যে কেইবাবাৰো চুৰি কৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ঘটনাটোৰ ভিডিঅ’ চাই মানুহে খুব আনন্দও লৈ আছে। বহুলোকে মন্তব্য কৰিছে যে ভগৱান যে সঁচাকৈয়ে আছে এই ঘটনাই তাকে প্ৰমাণ কৰে। একাংশই চোৰটোক ভগৱানে কঠোৰ শাস্তি দিয়া বুলি মন্তব্য কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস