--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শুকুৰবাৰে পুৱা পূব বেংগালুৰুৰ কেইবাখনো বিদ্যালয়ত বোমা আক্ৰমণৰ ভাবুকি দিয়াৰ কথা পোহৰলৈ আহে। প্ৰাথমিক অনুসন্ধানৰ পাছত আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি চহৰখনৰ চাৰিৰ পৰা পাঁচখন বিদ্যালয় আৰু গ্ৰামীন অঞ্চলৰৰ বিদ্যালয়ত বোমা আক্ৰমণৰ ভাবুকি দিয়া হৈছিল। 

এখন বিদ্যালয় কল্যাণ নগৰৰ বাবুচাবপলিয়াত অৱস্থিত আৰু আনখন চহৰৰ হাস্কুৰত অৱস্থিত। এই ভাবুকি সন্দৰ্ভত এজন জ্যেষ্ঠ বিষয়াই কয় যে বিদ্যালয়ত বোমা স্থাপন কৰা সম্পৰ্কীয় ভাবুকিৰ বাৰ্তাটো ইমেইলযোগে লাভ কৰা হৈছিল। সন্দেহ কৰা হৈছে যে পুৱা ১০:৪৫ বজাত, ১১:০৯ বজাত আৰু ১১:৩৬ বজাত অজ্ঞাত লোকে তিনিটা ইমেইল প্ৰেৰণ কৰিছে। 

এই ভাবুকি বাৰ্তা লাভ কৰাৰ পাছতে বিদ্যালয়কেইখনত উত্তেজনাৰ সৃষ্টি হয় আৰু তাৎক্ষণিকভাৱে বিদ্যালয় চৌহদ খালী কৰা হয়। লগতে আৰক্ষীক এই বিষয়ে অৱগত কৰাৰ লগতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়৷ ইয়াৰ উপৰি আৰক্ষীয়ে বিদ্যালয়সমূহত উপস্থিত হৈ ইমেইলবোৰৰ সত্যতা পৰীক্ষা কৰি আছে। ঘটনাস্থলীত
বোমা নিষ্ক্ৰিয়কাৰী দল আৰু স্নিফাৰ ডগৰো ব্যৱহাৰ কৰা হৈছে৷ 

মেইলযোগে প্ৰেৰণ কৰা বাৰ্তাত অজ্ঞাত লোকে প্ৰকাশ কৰে যে, ‘আপোনাৰ বিদ্যালয়ত এটা শক্তিশালী বোমা ৰখা হৈছে, এইটো এটা ধেমালি নহয়৷ তৎক্ষণাত আৰক্ষী আৰু বোমা বিশেষজ্ঞক খবৰ দিয়ক। অন্যথা আপোনাৰ লগতে শ শ জীৱন ক্ষতিগ্ৰস্ত হ'ব পাৰে, পলম নকৰিব৷ এতিয়া সকলো কেৱল আপোনাৰ হাতত আছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস