--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শুকুৰবাৰে পুৱা পূব বেংগালুৰুৰ কেইবাখনো বিদ্যালয়ত বোমা আক্ৰমণৰ ভাবুকি দিয়াৰ কথা পোহৰলৈ আহে। প্ৰাথমিক অনুসন্ধানৰ পাছত আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি চহৰখনৰ চাৰিৰ পৰা পাঁচখন বিদ্যালয় আৰু গ্ৰামীন অঞ্চলৰৰ বিদ্যালয়ত বোমা আক্ৰমণৰ ভাবুকি দিয়া হৈছিল। 

এখন বিদ্যালয় কল্যাণ নগৰৰ বাবুচাবপলিয়াত অৱস্থিত আৰু আনখন চহৰৰ হাস্কুৰত অৱস্থিত। এই ভাবুকি সন্দৰ্ভত এজন জ্যেষ্ঠ বিষয়াই কয় যে বিদ্যালয়ত বোমা স্থাপন কৰা সম্পৰ্কীয় ভাবুকিৰ বাৰ্তাটো ইমেইলযোগে লাভ কৰা হৈছিল। সন্দেহ কৰা হৈছে যে পুৱা ১০:৪৫ বজাত, ১১:০৯ বজাত আৰু ১১:৩৬ বজাত অজ্ঞাত লোকে তিনিটা ইমেইল প্ৰেৰণ কৰিছে। 

এই ভাবুকি বাৰ্তা লাভ কৰাৰ পাছতে বিদ্যালয়কেইখনত উত্তেজনাৰ সৃষ্টি হয় আৰু তাৎক্ষণিকভাৱে বিদ্যালয় চৌহদ খালী কৰা হয়। লগতে আৰক্ষীক এই বিষয়ে অৱগত কৰাৰ লগতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়৷ ইয়াৰ উপৰি আৰক্ষীয়ে বিদ্যালয়সমূহত উপস্থিত হৈ ইমেইলবোৰৰ সত্যতা পৰীক্ষা কৰি আছে। ঘটনাস্থলীত
বোমা নিষ্ক্ৰিয়কাৰী দল আৰু স্নিফাৰ ডগৰো ব্যৱহাৰ কৰা হৈছে৷ 

মেইলযোগে প্ৰেৰণ কৰা বাৰ্তাত অজ্ঞাত লোকে প্ৰকাশ কৰে যে, ‘আপোনাৰ বিদ্যালয়ত এটা শক্তিশালী বোমা ৰখা হৈছে, এইটো এটা ধেমালি নহয়৷ তৎক্ষণাত আৰক্ষী আৰু বোমা বিশেষজ্ঞক খবৰ দিয়ক। অন্যথা আপোনাৰ লগতে শ শ জীৱন ক্ষতিগ্ৰস্ত হ'ব পাৰে, পলম নকৰিব৷ এতিয়া সকলো কেৱল আপোনাৰ হাতত আছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল