--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গাখীৰৰ সাগৰ! ভাৰতীয় পৌৰাণিক কাহিনীত ‘গাখীৰ নদী’ নামো উল্লেখ আছে যদিও অধিকাংশই ইয়াক উপমা হিচাপেহে গণ্য কৰে। কিন্তু সপোন সপোন যেন লগা এই কথা একেবাৰে সত্য। চকুৰ সন্মুখত গাখীৰৰ সাগৰ! এয়া কি সপোন নে ভ্ৰম?

 উল্লেখ্য যে এইটো কোনো সপোন বা ভ্ৰম নহয়। ই সম্পূৰ্ণ বাস্তৱিক। এবাৰ ‘গণেশ’ নামৰ এখন ইয়টৰ নাৱিকজনে পূব ভাৰত মহাসাগৰ পাৰ হৈ যাওঁতে হঠাতে তেওঁৰ চকু সন্মুখত আশ্চৰ্যকৰ ঘটনাটো ঘটে? বিশ্বাস কৰিব নোৱাৰাৰ আগতেই তেওঁ খৰধৰকৈ দৃশ্যটোৰ ছবি সংগ্ৰহ কৰে। তেওঁৰ সন্মুখৰ এই দৃশ্য সঁচাকৈয়ে মনোৰম।

 এই ঘটনাৰ ৩ বছৰৰ পাছত বিজ্ঞানীসকলে কৈছে যে নাৱিকজনে তোলা ছবিখন আচলতে গাখীৰৰ সাগৰৰ ছবি। গাখীৰৰ দৰে বগা পানীসদৃশ সাগৰ! সেই ছবিখনত কি আছিল? সাগৰৰ ওপৰৰ স্তৰ জিলিকি আছে তেওঁৰ চকু সন্মুখত বগা পানী। কিহৰ বাবে সাগৰৰ পৃষ্ঠভাগ ইমান চিকচিকিয়া গাখীৰৰ দৰে বগা হৈ পৰিছে? এইটো সত্য নে অসত্য?

 সত্য বা অসত্য যিয়েই নহওক কিয়, তথ্যবোৰ নতুন নহয়। মানে ৩ বছৰৰ আৱিষ্কাৰ নহয়। চাৰ্লছ ডাৰউইনে নিজেই ১৮৩০ চনত ক্ষুদ্ৰপথ এই পৰিঘটনা পৰিক্ষিত কৰিছিল। পাঁচ বছৰীয়া সমুদ্ৰ যাত্ৰাকালত তেওঁ এই গাখীৰৰ সাগৰ দেখিছিল। তেওঁ নিজৰ লেখাত উল্লেখ কৰিছে যে গোটেই যাত্ৰাটোত তেওঁ দেখা সুন্দৰ দৃশ্যবোৰৰ ভিতৰত এইটোৱেই হৈছে আটাইতকৈ মনোৰম।

তেতিয়াৰে পৰা ই কিহৰ বাবে হয় জানিবলৈ সকলো কৌতুহলী হৈ পৰিছে। এই সন্দৰ্ভত বহু গৱেষণাও অব্যাহত আছে। অঞ্চলটোৰ পৰা পানীও সংগ্ৰহ কৰা হৈছে গৱেষণাৰ বাবে।

 গৱেষণাত পোহৰলৈ আহিছে যে একপ্ৰকাৰৰ ‘বায়লুমিনেচেণ্ট বেক্টেৰিয়াৰ বাবেও এনেকুৱা হয়। সাগৰৰ পৃষ্ঠত যেতিয়া বৃহৎ পৰিমাণৰ এনে বেক্টেৰিয়া জমা হয় তেতিয়া দেখাত গাখীৰৰ দৰে বগা হৈ পৰে। ইয়াত ‘এলিবিব্ৰিঅ হাৰ্ভি নামৰ ‘বায়লুমিনেচেণ্ট বেক্টেৰিয়াৰ উপস্থিতি লক্ষ্য কৰা হৈছিল। যেতিয়া এই বেক্টেৰিয়াবোৰ সাগৰৰ পানীৰ ওপৰত জমা হয় তেতিয়া নীলা ৰঙৰ ৰং নিৰ্গত হয় হৈ পোহৰৰ বাবে বগা ৰং যেন প্ৰায়ে দেখা যায়। সাগৰত বিভিন্ন ধৰণৰ মাছ, জেলিফিছৰ দৰে বায়লুমিনেচেণ্ট জীৱও পোৱা যায়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত চাঞ্চল্যকৰ অপহৰণ কাণ্ড! ২৮ বছৰীয়া এগৰাকী মহিলাক অপহৰণ
ইজৰাইল-ইৰানৰ যুদ্ধত আমেৰিকাৰ প্ৰৱেশ
দৰভংগা আদালতত গ্ৰেপ্তাৰ বিখ্যাত অধিবক্তা অম্বাৰ ইমাম হাছমী
কানাডাৰ পৰা ভাৰত জ্বলোৱাৰ পৰিকল্পনা খালিস্তানীৰ
মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ ছেমি ফাইনেলত
ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত