--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গাখীৰৰ সাগৰ! ভাৰতীয় পৌৰাণিক কাহিনীত ‘গাখীৰ নদী’ নামো উল্লেখ আছে যদিও অধিকাংশই ইয়াক উপমা হিচাপেহে গণ্য কৰে। কিন্তু সপোন সপোন যেন লগা এই কথা একেবাৰে সত্য। চকুৰ সন্মুখত গাখীৰৰ সাগৰ! এয়া কি সপোন নে ভ্ৰম?

 উল্লেখ্য যে এইটো কোনো সপোন বা ভ্ৰম নহয়। ই সম্পূৰ্ণ বাস্তৱিক। এবাৰ ‘গণেশ’ নামৰ এখন ইয়টৰ নাৱিকজনে পূব ভাৰত মহাসাগৰ পাৰ হৈ যাওঁতে হঠাতে তেওঁৰ চকু সন্মুখত আশ্চৰ্যকৰ ঘটনাটো ঘটে? বিশ্বাস কৰিব নোৱাৰাৰ আগতেই তেওঁ খৰধৰকৈ দৃশ্যটোৰ ছবি সংগ্ৰহ কৰে। তেওঁৰ সন্মুখৰ এই দৃশ্য সঁচাকৈয়ে মনোৰম।

 এই ঘটনাৰ ৩ বছৰৰ পাছত বিজ্ঞানীসকলে কৈছে যে নাৱিকজনে তোলা ছবিখন আচলতে গাখীৰৰ সাগৰৰ ছবি। গাখীৰৰ দৰে বগা পানীসদৃশ সাগৰ! সেই ছবিখনত কি আছিল? সাগৰৰ ওপৰৰ স্তৰ জিলিকি আছে তেওঁৰ চকু সন্মুখত বগা পানী। কিহৰ বাবে সাগৰৰ পৃষ্ঠভাগ ইমান চিকচিকিয়া গাখীৰৰ দৰে বগা হৈ পৰিছে? এইটো সত্য নে অসত্য?

 সত্য বা অসত্য যিয়েই নহওক কিয়, তথ্যবোৰ নতুন নহয়। মানে ৩ বছৰৰ আৱিষ্কাৰ নহয়। চাৰ্লছ ডাৰউইনে নিজেই ১৮৩০ চনত ক্ষুদ্ৰপথ এই পৰিঘটনা পৰিক্ষিত কৰিছিল। পাঁচ বছৰীয়া সমুদ্ৰ যাত্ৰাকালত তেওঁ এই গাখীৰৰ সাগৰ দেখিছিল। তেওঁ নিজৰ লেখাত উল্লেখ কৰিছে যে গোটেই যাত্ৰাটোত তেওঁ দেখা সুন্দৰ দৃশ্যবোৰৰ ভিতৰত এইটোৱেই হৈছে আটাইতকৈ মনোৰম।

তেতিয়াৰে পৰা ই কিহৰ বাবে হয় জানিবলৈ সকলো কৌতুহলী হৈ পৰিছে। এই সন্দৰ্ভত বহু গৱেষণাও অব্যাহত আছে। অঞ্চলটোৰ পৰা পানীও সংগ্ৰহ কৰা হৈছে গৱেষণাৰ বাবে।

 গৱেষণাত পোহৰলৈ আহিছে যে একপ্ৰকাৰৰ ‘বায়লুমিনেচেণ্ট বেক্টেৰিয়াৰ বাবেও এনেকুৱা হয়। সাগৰৰ পৃষ্ঠত যেতিয়া বৃহৎ পৰিমাণৰ এনে বেক্টেৰিয়া জমা হয় তেতিয়া দেখাত গাখীৰৰ দৰে বগা হৈ পৰে। ইয়াত ‘এলিবিব্ৰিঅ হাৰ্ভি নামৰ ‘বায়লুমিনেচেণ্ট বেক্টেৰিয়াৰ উপস্থিতি লক্ষ্য কৰা হৈছিল। যেতিয়া এই বেক্টেৰিয়াবোৰ সাগৰৰ পানীৰ ওপৰত জমা হয় তেতিয়া নীলা ৰঙৰ ৰং নিৰ্গত হয় হৈ পোহৰৰ বাবে বগা ৰং যেন প্ৰায়ে দেখা যায়। সাগৰত বিভিন্ন ধৰণৰ মাছ, জেলিফিছৰ দৰে বায়লুমিনেচেণ্ট জীৱও পোৱা যায়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান