--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমে ভয়াৱহ সংকটৰ গ্ৰাসত ডুব যোৱাৰ উপক্ৰম হৈছে ভাৰতীয় অৰ্থনীতি। ভাৰতক প্ৰথমে পাঁচ ত্ৰিলিয়ন অৰ্থনীতি আৰু তাৰ পাছত একেকোবে ত্ৰিশ ত্ৰিলিয়ন অৰ্থনীতিৰ দেশ হিচাপে গঢ়ি তোলাৰ সপোন দেখা শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ দিনত দেশৰ প্ৰকৃত অৰ্থনৈতিক অৱস্থা শাসকপক্ষই দেশবাসীৰ আগত দাঙি ধৰা ছবিতকৈ সম্পূৰ্ণ পৃথক। আনহে নালাগে ভাৰতীয় ৰিজাৰ্ভ বেংকেই সকীয়াই দিছে যে, ভাৰতৰ সাম্প্ৰতিক অৰ্থনৈতিক অৱস্থাই ক্ৰমে শ্ৰীলংকাৰ গতি লোৱাৰ ফালেই অগ্ৰসৰ হৈছে। 

অনিয়ন্ত্ৰিত মুদ্ৰাস্ফীতি আৰু টকাৰ মূল্য হ্ৰাসে ভাৰতীয় অৰ্থনীতিক ডুবন্ত নাৱত পৰিণত কৰিলেও জনতাক ফাঁকি মৰাত কোনো ত্ৰুটি ৰখা নাই বিজেপিয়ে। এই ভয়াৱহ মন্দাৱস্থাক ঢাকিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে হিতাধিকাৰী সৃষ্টিৰ লোভনীয় আঁচনি। এনেদৰে হিতাধিকাৰীৰ নামত ন ন আঁচনি ঘোষণা কৰি আনফালে আকৌ অতিৰিক্ত কৰ বৃদ্ধিৰে জনতাৰ মূৰত ৰামটাঙোন শোধাই আহিছে বিজেপি চৰকাৰে।

দেশৰ এই ভগ্ন অৰ্থনীতিৰ উদ্ধাৰৰ হেতু এইবাৰ দেশৰ প্ৰাক্তন বিত্ত মন্ত্ৰী তথা কংগ্ৰেছ নেতা পি চিদাম্বৰমে বৰ্তমানৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনলৈ আগবঢ়াইছে এক অভিনৱ প্ৰস্তাৱ। অৰ্থনীতি উদ্ধাৰৰ প্ৰাসংগিক পদক্ষেপ হিচাপে এগৰাকী মুখ্য অৰ্থনৈতিক জ্যোতিষী নিয়োগৰ প্ৰস্তাৱ আগবঢ়াইছে চিদাম্বৰমে। 

স্বাভাৱিকতেই চিদাম্বৰমৰ এই পৰামৰ্শই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। অৱশ্যে এই পৰামৰ্শ  চিদাম্বৰমে গহীন অৰ্থত প্ৰদান কৰা নাই, ইয়া আঁৰত আছে বিজেপি চৰকাৰ তথা বিত্তমন্ত্ৰী সীতাৰমনলৈ তীব্ৰ উপহাস। 

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে মঙ্গলবাৰে নাছাৰ ঐতিহাসিক জেমছ ৱেব মহাকাশ দূৰবীণে বিশ্বব্ৰহ্মাণ্ডৰ নৱতম চাঞ্চল্যকৰ দৃশ্যসমূহ উন্মোচন কৰাৰ পাছত টুইট যোগে এইয়া প্ৰচাৰ কৰিছিল। ইয়াৰ পাছতে জেষ্ঠ অৰ্থনীতিবিদ চিদাম্বৰমে বিদ্ৰুপ কৰি কয় যে বিত্তমন্ত্ৰী গৰাকীয়ে নিজৰ দক্ষতা আৰু তেওঁৰ অৰ্থনৈতিক উপদেষ্টাসকলৰ আশা এৰি অৰ্থনীতিৰ উদ্ধাৰৰ বাবে গ্ৰহৰ ওপৰত ভৰসা কৰিবলৈ আৰম্ভ কৰিছে।

এক টুইট যোগে চিদাম্বৰমে কয়, "যিসময়ত দেশৰ মুদ্ৰাস্ফীতি ৭.০১ শতাংশ আৰু নিবনুৱাৰ হাৰ ৭.৮ শতাংশলৈ বৃদ্ধি হৈছে, সেই সময়ত বিত্ত মন্ত্ৰীয়ে বৃহস্পতি, প্লুটো আৰু ইউৰেনাছৰ ফটো টুইট কৰিছে। এই কথাত আমি কোনো প্ৰকাৰে আচৰিত হোৱা নাই।”

চিদাম্বৰমে লগতে কয় যে নিজৰ দক্ষতা আৰু তেওঁৰ অৰ্থনৈতিক উপদেষ্টাসকলৰ দক্ষতাৰ ওপৰত আশা এৰি দিয়াৰ পিছত বিত্ত মন্ত্ৰীয়ে এতিয়া গ্ৰহবোৰৰ ওপৰত অৰ্থনীতি উদ্ধাৰৰ বাবে ভৰসা কৰিছে। এই প্ৰক্ৰিয়াৰ আৰম্ভণি পদক্ষেপ হিচাপে সীতাৰমনে এগৰাকী নতুন চি ই এ অৰ্থাৎ মুখ্য অৰ্থনৈতিক জ্যোতিষী নিযুক্ত কৰা উচিত বুলি কটাক্ষ কৰে চিদাম্বৰমে। 

উল্লেখ্য যে, সম্প্ৰতি দেশৰ অৰ্থনৈতিক সংকটক অধিক ভয়াৱহ কৰি মুদ্ৰাস্ফীতিৰ হাৰ ৭.০১ শতাংশলৈ বৃদ্ধি পাইছে। আনহাতে ভাৰতীয় ইতিহাসত প্ৰথমবাৰৰ বাবে টকাৰ মূল্য সৰ্বনিম্ন হৈ ডলাৰৰ বিপৰীতে ৭৯.৬১ হৈ পৰিছে। মুদ্ৰাস্ফীতি ৰোধৰ বাবে বেংকৰ সুদৰ হাৰ পুনৰ বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনাৰ কথা পোহৰলৈ আহিছে। 

আনহাতে অত্যধিক কৰ আৰোপেৰে তথা নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ উদ্বেগজনক মূল্যবৃদ্ধিৰ দ্বাৰা জনসাধাৰণক মাধমাৰ শোধোৱাত কোনো কৃপণালি কৰা নাই চৰকাৰে। তাৰ পিছতো জনসাধাৰণক আভুৱা ভাৰিবলৈ চৰকাৰৰ মুখত ফাঁকিৰ ফুলজাৰি। এনে সময়তে প্ৰাক্তন বিত্তমন্ত্ৰী তথা অৰ্থনীতিবিদ চিদাম্বৰমে আগবঢ়োৱা এনে উপহাসমূলক পৰামৰ্শ খুবেই চৰ্চিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ