--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসংসদত এতিয়াৰে পৰা কোনেও কেতবোৰ বিশেষ শব্দ ব্যৱহাৰ কৰিব নোৱাৰিব। তেনে শব্দ কোনোৱাই ব্যৱহাৰ কৰিলে তাক অসংসদীয় শদ্ব হিচাবে বিবেচনা কৰা হ’ব। শেহতীয়াকৈ লোকসভা সচিবালয়ে প্ৰকাশ কৰা  অসংসদীয় শব্দৰ তালিকাৰ নতুন পুস্তিকাত   'জুমলাজীভি', 'কোভিড স্প্ৰেডাৰ' আৰু 'স্নুপগেট'ৰ দৰে শব্দ অন্তৰ্ভুক্ত কৰা হৈছে। 

কেৱল সেয়াই নহয়, 'চামচাগিৰি',  'দুৰ্নীতিগ্ৰস্ত','কোভিড স্প্ৰেডাৰ' আদি শব্দবোৰো কোনেও উভয় সদনৰ মজিয়াত উচ্চাৰণ কৰিব নোৱাৰিব। আনকি সাধাৰণতে ব্যৱহৃত শব্দ যেনে 'লজ্জিত', 'দুৰ্ব্যৱহাৰ,' 'বিশ্বাসঘাতকতা', 'দুৰ্নীতিগ্ৰস্ত', 'নাটক', 'ভণ্ডামি' আৰু 'অক্ষম' আদি শব্দবোৰৰো ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। 

পুস্তিকাখনৰ উদ্ধৃতি দি কোৱা হৈছে যে  লোকসভা আৰু ৰাজ্যসভা দুয়ো খন সদনতে  অসংসদীয় বুলি গণ্য কৰা হ'ব। অসংসদীয় শব্দৰ সংশোধিত পুস্তিকাখন ১৮ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ  বৰ্ষাকালীন অধিৱেশনৰ প্ৰস্তুত কৰা  হৈছে। অধিৱেশনৰ সময়ত, দুয়োখন সদনতে বিতৰ্কৰ সময়ত বা অন্য সময়তো কোনেও 'নৈৰাজ্যবাদী', 'শকুনি', 'স্বৈৰাচাৰী', 'বিনাশ পুৰুষ', 'খালিস্তানী' আদিৰ  দৰে শব্দও ব্যৱহাৰ কৰিব নোৱাৰিব। 

অসংসদীয় হিচাপে তালিকাভুক্ত কিছুমান হিন্দী শব্দৰ ভিতৰত আছে 'গাদ্দাৰ', 'গিৰগিট', 'চামচা', 'চামচাগিৰি', 'চেলা', 'ঘাদিয়ালী আনচু', 'অপমান', 'অসত্য', 'অহংকাৰ', 'দুৰ্নীতিগ্ৰস্ত', 'কলা দিন', 'কলা বজাৰী' আদি। বিৰোধী দলৰ  নেতাসকলে এনে নিষেধাজ্ঞাক তীব্ৰ  সমালোচনা কৰা দেখা গৈছে।ৰাজ্যসভাৰ সদস্য ডেৰেক অ'ব্ৰায়েনে চৰকাৰকসমালোচনা কৰি কয় যে তেওঁ এই সকলো বোৰ শব্দ সংসদত ব্যৱহাৰ কৰিব। এয়া সাংসদসকলৰ স্বাধীনতাৰ ওপৰত উৎপীড়ন বুলিও তেওঁ কয়।  দুৰ্নীতিগ্ৰস্ত, ভণ্ডামি, অক্ষম আদি শব্দ বোৰ বেয়া শব্দ নহয় বুলিও টিএমচিৰ নেতাজনে কয়। 

আন এগৰাকী  টিএমচি সাংসদ  মহুয়া মৈত্ৰই টুইট কৰিছে, "মূলতঃ চৰকাৰে বিৰোধীয়ে ব্যৱহাৰ কৰা সকলো শব্দ বৰ্জন কৰি বুজাই দিছে যে বিজেপিয়ে কেনেদৰে ভাৰতক ধ্বংস কৰিবলৈ ওলাইছে ।" জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সদস্য জয়ৰাম ৰমেশে কয় যে মোদী চৰকাৰৰ "স্বৰূপ উদঙাবলৈ"  ব্যৱহৃত সকলো শব্দ এতিয়া 'অসংসদীয়' বুলি গণ্য কৰা হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱত বজ্ৰপাতৰ ফলত এজন মাছমৰীয়াৰ কৰুণ মৃত্যু
GMCHত আৰম্ভ হ’ব প্রটন বীম থেৰাপী; অসম হ’ব দেশৰ ভিতৰতে প্ৰথম
বিয়াৰ প্ৰলোভন দি সহবাস, গৰ্ভৱতী হোৱাৰ পিছত পৰিত্যাগ; ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিল যুৱতী
ইউটিউবাৰ ডেঞ্জাৰ বাপ্পীৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
পুৱা খালী পেটত খাওক এই ৪ বিধ বস্তু; জিলিকি উঠিব মুখমণ্ডল
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য