--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসংসদত এতিয়াৰে পৰা কোনেও কেতবোৰ বিশেষ শব্দ ব্যৱহাৰ কৰিব নোৱাৰিব। তেনে শব্দ কোনোৱাই ব্যৱহাৰ কৰিলে তাক অসংসদীয় শদ্ব হিচাবে বিবেচনা কৰা হ’ব। শেহতীয়াকৈ লোকসভা সচিবালয়ে প্ৰকাশ কৰা  অসংসদীয় শব্দৰ তালিকাৰ নতুন পুস্তিকাত   'জুমলাজীভি', 'কোভিড স্প্ৰেডাৰ' আৰু 'স্নুপগেট'ৰ দৰে শব্দ অন্তৰ্ভুক্ত কৰা হৈছে। 

কেৱল সেয়াই নহয়, 'চামচাগিৰি',  'দুৰ্নীতিগ্ৰস্ত','কোভিড স্প্ৰেডাৰ' আদি শব্দবোৰো কোনেও উভয় সদনৰ মজিয়াত উচ্চাৰণ কৰিব নোৱাৰিব। আনকি সাধাৰণতে ব্যৱহৃত শব্দ যেনে 'লজ্জিত', 'দুৰ্ব্যৱহাৰ,' 'বিশ্বাসঘাতকতা', 'দুৰ্নীতিগ্ৰস্ত', 'নাটক', 'ভণ্ডামি' আৰু 'অক্ষম' আদি শব্দবোৰৰো ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। 

পুস্তিকাখনৰ উদ্ধৃতি দি কোৱা হৈছে যে  লোকসভা আৰু ৰাজ্যসভা দুয়ো খন সদনতে  অসংসদীয় বুলি গণ্য কৰা হ'ব। অসংসদীয় শব্দৰ সংশোধিত পুস্তিকাখন ১৮ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ  বৰ্ষাকালীন অধিৱেশনৰ প্ৰস্তুত কৰা  হৈছে। অধিৱেশনৰ সময়ত, দুয়োখন সদনতে বিতৰ্কৰ সময়ত বা অন্য সময়তো কোনেও 'নৈৰাজ্যবাদী', 'শকুনি', 'স্বৈৰাচাৰী', 'বিনাশ পুৰুষ', 'খালিস্তানী' আদিৰ  দৰে শব্দও ব্যৱহাৰ কৰিব নোৱাৰিব। 

অসংসদীয় হিচাপে তালিকাভুক্ত কিছুমান হিন্দী শব্দৰ ভিতৰত আছে 'গাদ্দাৰ', 'গিৰগিট', 'চামচা', 'চামচাগিৰি', 'চেলা', 'ঘাদিয়ালী আনচু', 'অপমান', 'অসত্য', 'অহংকাৰ', 'দুৰ্নীতিগ্ৰস্ত', 'কলা দিন', 'কলা বজাৰী' আদি। বিৰোধী দলৰ  নেতাসকলে এনে নিষেধাজ্ঞাক তীব্ৰ  সমালোচনা কৰা দেখা গৈছে।ৰাজ্যসভাৰ সদস্য ডেৰেক অ'ব্ৰায়েনে চৰকাৰকসমালোচনা কৰি কয় যে তেওঁ এই সকলো বোৰ শব্দ সংসদত ব্যৱহাৰ কৰিব। এয়া সাংসদসকলৰ স্বাধীনতাৰ ওপৰত উৎপীড়ন বুলিও তেওঁ কয়।  দুৰ্নীতিগ্ৰস্ত, ভণ্ডামি, অক্ষম আদি শব্দ বোৰ বেয়া শব্দ নহয় বুলিও টিএমচিৰ নেতাজনে কয়। 

আন এগৰাকী  টিএমচি সাংসদ  মহুয়া মৈত্ৰই টুইট কৰিছে, "মূলতঃ চৰকাৰে বিৰোধীয়ে ব্যৱহাৰ কৰা সকলো শব্দ বৰ্জন কৰি বুজাই দিছে যে বিজেপিয়ে কেনেদৰে ভাৰতক ধ্বংস কৰিবলৈ ওলাইছে ।" জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সদস্য জয়ৰাম ৰমেশে কয় যে মোদী চৰকাৰৰ "স্বৰূপ উদঙাবলৈ"  ব্যৱহৃত সকলো শব্দ এতিয়া 'অসংসদীয়' বুলি গণ্য কৰা হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা