--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃশেহতীয়াকৈ কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ খনে ৰাষ্ট্ৰীয় প্ৰতীকক নতুন ৰূপত স্থাপন কৰাৰ যি পদক্ষেপ গ্ৰহণ কৰিছে তাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে বিজেপিয়ে৷ উল্লেখ্য সোমবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰা নতুন সংসদ ভৱনৰ ওপৰত স্থাপিত  ৰাষ্ট্ৰীয় প্ৰতীকক লৈ এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে।

বিৰোধীয়ে অশোক স্তম্ভৰ প্ৰতি বিজেপিয়ে অসন্মাণ প্ৰদৰ্শন কৰা বুলি অভিযোগ উত্থাপন কৰিছে৷ ৰাষ্ট্ৰীয় প্ৰতীক বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰি বিৰোধীয়ে এনে কাৰ্য  তাৎক্ষণিক ভাবে বন্ধ কৰাৰ দাবী জনাইছে।  ইপিনে বিজেপিয়ে নতুন সংসদ ভৱনত স্থাপন কৰা অশোক স্তম্ভৰ প্ৰতীকটো সাৰনাথৰ এটা সঠিক প্ৰতিকৃতি বুলি দাবী কৰি কৈছে যে বিৰোধীয়ে ৰাজনৈতিক কাৰণত ইচ্ছাকৃতভাৱে এটাৰ পিছত আন এটা বিতৰ্ক সৃষ্টি কৰিবলৈ বিচাৰিছে। 

ৰাষ্ট্ৰীয় প্ৰতীকটো উন্মোচন কৰাৰ এদিন পিছত, টিএমচিৰ সাংসদ জৱাহৰ চিৰকাৰ আৰু মহুয়া মৈত্ৰই ৰাষ্ট্ৰীয় প্ৰতীক কাষ্টত সিংহৰ অভিব্যক্তকলৈ কেন্দ্ৰক আক্ৰমণ কৰে।টুইটাৰত দুখন ছবি শ্বেয়াৰ কৰি চিৰকাৰে কয়" আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক, ৰাজকীয় অশোক সিংহৰ এয়া অপমান। মূল প্ৰতীকটোক অৱজ্ঞা কৰি এই সংস্কৰণটো  মোদীৰ সংস্কৰণ হিচাবেহে যেন কৰা হৈছে আৰু ইয়াক নতুন সংসদ ভৱনৰ ওপৰত স্থাপন কৰা হৈছে " । 

লোকসভাৰ সাংসদ মহুয়া মৈত্ৰই  নতুন সংসদ ভৱনৰ ছাদত স্থাপন কৰা ব্ৰঞ্জৰ প্ৰতীকটোক অতীতৰ ভাস্কৰ্যৰ সৈতে তুলনা কৰি এয়া প্ৰতীকৰ বিকৃতকৰণ বুলি কৈছে৷ইফালে, কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়েও  সিংহৰ ৰাষ্ট্ৰীয় প্ৰতীকক  "বিকৃত সংস্কৰণ" নেকি বুলি প্ৰশ্ন কৰিছে।

তেওঁ এনে ধৰণৰ বিকৃতকৰণ পৰিহাৰ কৰিবলৈ দাবী জনাই কয় যে এনে কাৰ্যই দেশৰ সাংবিধানিক পৰম্পৰাত আঘাত কৰে৷আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ সৈতে খেল খেলাটো অন্যায়৷ প্ৰতীকৰ সিংহবোৰক কিয় হিংস্ৰ আৰু খঙাল ৰূপত প্ৰতিষ্ঠা কৰা হ’ল বুলিও কংগ্ৰেছে প্ৰশ্ন কৰিছে৷  এনে সমালোচনাৰ প্ৰত্যুত্তৰ দি কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে দুয়োটা গাঁথনিৰ তুলনা কৰোঁতে কোণ, উচ্চতা আৰু স্কেলৰ প্ৰভাৱক প্ৰশংসা কৰাৰ প্ৰয়োজন।

তেওঁ কয়" যদি কোনোবাই তলৰ পৰা সাৰনাথৰ প্ৰতীকটোলৈ চায়, তেন্তে ইয়াক বিতৰ্কৰ সূত্ৰপাত ঘটোৱা  প্ৰতীকৰ দৰেই শান্ত বা খঙাল যেন লাগিব,"। 

উল্লেখ্য মূল সাৰনাথ প্ৰতীকটো ১.৬ মিটাৰ ওখ ,আনহাতে নতুন সংসদ ভৱনৰ শীৰ্ষত থকা প্ৰতীকটোৰ উচ্চতা  ৬.৫ মিটাৰ৷ উল্লেখ্য সংসদ ভৱনত শেহতীয়াকৈ মোদীয়ে মুকলি কৰা ৰাষ্ট্ৰীয় প্ৰতীকৰ সিংহক অতি খঙাল ৰূপত থকা দেখা গৈছে৷ সেইবাবেই বিৰোধীয়ে এয়া অশোক স্তম্ভৰ প্ৰতি বিজেপিৰ অপমান বুলি কৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন