--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃশেহতীয়াকৈ কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ খনে ৰাষ্ট্ৰীয় প্ৰতীকক নতুন ৰূপত স্থাপন কৰাৰ যি পদক্ষেপ গ্ৰহণ কৰিছে তাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে বিজেপিয়ে৷ উল্লেখ্য সোমবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰা নতুন সংসদ ভৱনৰ ওপৰত স্থাপিত  ৰাষ্ট্ৰীয় প্ৰতীকক লৈ এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে।

বিৰোধীয়ে অশোক স্তম্ভৰ প্ৰতি বিজেপিয়ে অসন্মাণ প্ৰদৰ্শন কৰা বুলি অভিযোগ উত্থাপন কৰিছে৷ ৰাষ্ট্ৰীয় প্ৰতীক বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰি বিৰোধীয়ে এনে কাৰ্য  তাৎক্ষণিক ভাবে বন্ধ কৰাৰ দাবী জনাইছে।  ইপিনে বিজেপিয়ে নতুন সংসদ ভৱনত স্থাপন কৰা অশোক স্তম্ভৰ প্ৰতীকটো সাৰনাথৰ এটা সঠিক প্ৰতিকৃতি বুলি দাবী কৰি কৈছে যে বিৰোধীয়ে ৰাজনৈতিক কাৰণত ইচ্ছাকৃতভাৱে এটাৰ পিছত আন এটা বিতৰ্ক সৃষ্টি কৰিবলৈ বিচাৰিছে। 

ৰাষ্ট্ৰীয় প্ৰতীকটো উন্মোচন কৰাৰ এদিন পিছত, টিএমচিৰ সাংসদ জৱাহৰ চিৰকাৰ আৰু মহুয়া মৈত্ৰই ৰাষ্ট্ৰীয় প্ৰতীক কাষ্টত সিংহৰ অভিব্যক্তকলৈ কেন্দ্ৰক আক্ৰমণ কৰে।টুইটাৰত দুখন ছবি শ্বেয়াৰ কৰি চিৰকাৰে কয়" আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক, ৰাজকীয় অশোক সিংহৰ এয়া অপমান। মূল প্ৰতীকটোক অৱজ্ঞা কৰি এই সংস্কৰণটো  মোদীৰ সংস্কৰণ হিচাবেহে যেন কৰা হৈছে আৰু ইয়াক নতুন সংসদ ভৱনৰ ওপৰত স্থাপন কৰা হৈছে " । 

লোকসভাৰ সাংসদ মহুয়া মৈত্ৰই  নতুন সংসদ ভৱনৰ ছাদত স্থাপন কৰা ব্ৰঞ্জৰ প্ৰতীকটোক অতীতৰ ভাস্কৰ্যৰ সৈতে তুলনা কৰি এয়া প্ৰতীকৰ বিকৃতকৰণ বুলি কৈছে৷ইফালে, কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়েও  সিংহৰ ৰাষ্ট্ৰীয় প্ৰতীকক  "বিকৃত সংস্কৰণ" নেকি বুলি প্ৰশ্ন কৰিছে।

তেওঁ এনে ধৰণৰ বিকৃতকৰণ পৰিহাৰ কৰিবলৈ দাবী জনাই কয় যে এনে কাৰ্যই দেশৰ সাংবিধানিক পৰম্পৰাত আঘাত কৰে৷আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ সৈতে খেল খেলাটো অন্যায়৷ প্ৰতীকৰ সিংহবোৰক কিয় হিংস্ৰ আৰু খঙাল ৰূপত প্ৰতিষ্ঠা কৰা হ’ল বুলিও কংগ্ৰেছে প্ৰশ্ন কৰিছে৷  এনে সমালোচনাৰ প্ৰত্যুত্তৰ দি কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে দুয়োটা গাঁথনিৰ তুলনা কৰোঁতে কোণ, উচ্চতা আৰু স্কেলৰ প্ৰভাৱক প্ৰশংসা কৰাৰ প্ৰয়োজন।

তেওঁ কয়" যদি কোনোবাই তলৰ পৰা সাৰনাথৰ প্ৰতীকটোলৈ চায়, তেন্তে ইয়াক বিতৰ্কৰ সূত্ৰপাত ঘটোৱা  প্ৰতীকৰ দৰেই শান্ত বা খঙাল যেন লাগিব,"। 

উল্লেখ্য মূল সাৰনাথ প্ৰতীকটো ১.৬ মিটাৰ ওখ ,আনহাতে নতুন সংসদ ভৱনৰ শীৰ্ষত থকা প্ৰতীকটোৰ উচ্চতা  ৬.৫ মিটাৰ৷ উল্লেখ্য সংসদ ভৱনত শেহতীয়াকৈ মোদীয়ে মুকলি কৰা ৰাষ্ট্ৰীয় প্ৰতীকৰ সিংহক অতি খঙাল ৰূপত থকা দেখা গৈছে৷ সেইবাবেই বিৰোধীয়ে এয়া অশোক স্তম্ভৰ প্ৰতি বিজেপিৰ অপমান বুলি কৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ