--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ পুনৰ সন্ত্ৰাসবাদীৰ ৰম্যভূমিত পৰিণত হৈছে ভূ-স্বৰ্গ খ্যাত জম্মু-কাশ্মীৰ। নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত চলি থকা সংঘৰ্ষই ভয়াৱহ ৰূপ ধাৰণ কৰিছে উপত্যকাটোত। বিগত কেইমাহমানৰ পৰা জম্মু-কাশ্মীৰত ধাৰাবাহিকভাৱে সংঘৰ্ষ হৈ আহিছে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত। এনে সংঘৰ্ষত নিহত হৈছে শতাধিক সন্ত্ৰাসবাদী সদস্যৰ। আনহাতে সন্ত্ৰাসবাদীৰ আক্ৰমণতো প্ৰাণ হেৰুৱাইছে নিৰাপত্তাৰক্ষীৰ লগতে কেইবাগৰাকীও সাধাৰণ নাগৰিকে।

এইদৰে উপত্যকাটোত ক্ৰমবৰ্ধমান সন্ত্ৰাসমূলক কৰ্মকাণ্ডৰ মাজতে মঙলবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণত জম্মু-কাশ্মীৰৰ ৰাজধানী চহৰ শ্ৰীনগৰত মৃত্যুক সাবটিবলগীয়া হৈছে এগৰাকী আৰক্ষী বিষয়াই। শ্ৰীনগৰৰ এটা আৰক্ষীৰ চেক পোষ্টত সন্ত্ৰাসবাদীয়ে অতৰ্কিতে আক্ৰমণ কৰাৰ ফলত আৰক্ষী বিষয়া গৰাকী নিহত হয়। এই আক্ৰমণত আন দুজন আৰক্ষী জোৱানো আহত হৈছে বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে।

দুয়োগৰাকী আহত জোৱানকে তাৎক্ষণিকভাৱে স্থানীয় এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। আনহাতে আক্ৰমণকাৰী সন্ত্ৰাসবাদী গোটটোৰ সন্ধান উলিওৱাৰ বাবে অঞ্চলটো ইতিমধ্যে ঘেৰাও কৰিছে আৰক্ষীয়ে।

সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত আৰক্ষী বিষয়াগৰাকীক সহকাৰী আৰক্ষী উপ পৰিদৰ্শক মুস্তাক আহমেদ বুলি চিনাক্ত কৰা হৈছে। কাশ্মীৰ আৰক্ষীৰ বিষয়াসকলে জানিবলৈ দিয়া মতে সন্ত্ৰাসবাদীয়ে লাল বজাৰৰ জিডি গোয়েঙ্কা বিদ্যালয়ৰ বাহিৰত আৰক্ষীৰ ওপৰত গুলীচালনা কৰিছিল।

এই অতৰ্কিত আক্ৰমণ আৰক্ষীয়ে প্ৰতিহত কৰিবলৈ প্ৰতি আক্ৰমণ কৰে যদিও আক্ৰমণকাৰী সন্ত্ৰাসবাদীৰ দলটো পলাই যাবলৈ সক্ষম হয় বুলি আৰক্ষীয়ে লগতে কয়।

উল্লেখ্য যে কাশ্মীৰত বৰ্তমান হিন্দু ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ অনুষ্ঠান অমৰনাথ যাত্ৰাৰ কাৰ্যসূচী চলি আছে। ইয়াৰ বাবে উপত্যকাটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। এই নিৰাপত্তাৰ বেহু ভাঙি সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা এই আক্ৰমণে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ