--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ পুনৰ সন্ত্ৰাসবাদীৰ ৰম্যভূমিত পৰিণত হৈছে ভূ-স্বৰ্গ খ্যাত জম্মু-কাশ্মীৰ। নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত চলি থকা সংঘৰ্ষই ভয়াৱহ ৰূপ ধাৰণ কৰিছে উপত্যকাটোত। বিগত কেইমাহমানৰ পৰা জম্মু-কাশ্মীৰত ধাৰাবাহিকভাৱে সংঘৰ্ষ হৈ আহিছে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত। এনে সংঘৰ্ষত নিহত হৈছে শতাধিক সন্ত্ৰাসবাদী সদস্যৰ। আনহাতে সন্ত্ৰাসবাদীৰ আক্ৰমণতো প্ৰাণ হেৰুৱাইছে নিৰাপত্তাৰক্ষীৰ লগতে কেইবাগৰাকীও সাধাৰণ নাগৰিকে।

এইদৰে উপত্যকাটোত ক্ৰমবৰ্ধমান সন্ত্ৰাসমূলক কৰ্মকাণ্ডৰ মাজতে মঙলবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণত জম্মু-কাশ্মীৰৰ ৰাজধানী চহৰ শ্ৰীনগৰত মৃত্যুক সাবটিবলগীয়া হৈছে এগৰাকী আৰক্ষী বিষয়াই। শ্ৰীনগৰৰ এটা আৰক্ষীৰ চেক পোষ্টত সন্ত্ৰাসবাদীয়ে অতৰ্কিতে আক্ৰমণ কৰাৰ ফলত আৰক্ষী বিষয়া গৰাকী নিহত হয়। এই আক্ৰমণত আন দুজন আৰক্ষী জোৱানো আহত হৈছে বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে।

দুয়োগৰাকী আহত জোৱানকে তাৎক্ষণিকভাৱে স্থানীয় এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। আনহাতে আক্ৰমণকাৰী সন্ত্ৰাসবাদী গোটটোৰ সন্ধান উলিওৱাৰ বাবে অঞ্চলটো ইতিমধ্যে ঘেৰাও কৰিছে আৰক্ষীয়ে।

সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত আৰক্ষী বিষয়াগৰাকীক সহকাৰী আৰক্ষী উপ পৰিদৰ্শক মুস্তাক আহমেদ বুলি চিনাক্ত কৰা হৈছে। কাশ্মীৰ আৰক্ষীৰ বিষয়াসকলে জানিবলৈ দিয়া মতে সন্ত্ৰাসবাদীয়ে লাল বজাৰৰ জিডি গোয়েঙ্কা বিদ্যালয়ৰ বাহিৰত আৰক্ষীৰ ওপৰত গুলীচালনা কৰিছিল।

এই অতৰ্কিত আক্ৰমণ আৰক্ষীয়ে প্ৰতিহত কৰিবলৈ প্ৰতি আক্ৰমণ কৰে যদিও আক্ৰমণকাৰী সন্ত্ৰাসবাদীৰ দলটো পলাই যাবলৈ সক্ষম হয় বুলি আৰক্ষীয়ে লগতে কয়।

উল্লেখ্য যে কাশ্মীৰত বৰ্তমান হিন্দু ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ অনুষ্ঠান অমৰনাথ যাত্ৰাৰ কাৰ্যসূচী চলি আছে। ইয়াৰ বাবে উপত্যকাটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। এই নিৰাপত্তাৰ বেহু ভাঙি সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা এই আক্ৰমণে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দৰভংগা আদালতত গ্ৰেপ্তাৰ বিখ্যাত অধিবক্তা অম্বাৰ ইমাম হাছমী
কানাডাৰ পৰা ভাৰত জ্বলোৱাৰ পৰিকল্পনা খালিস্তানীৰ
মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ ছেমি ফাইনেলত
ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন
যুদ্ধত জড়িত হ'ব নে নহয় দুসপ্তাহত সিদ্ধান্ত ল'ব ট্রাম্পে
১০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইৰানে খুলি দিলে বন্ধ হৈ থকা আকাশমার্গ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত