ডিজিটেল ডেস্কঃবলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাই এতিয়াও দেশবাসীৰ মনত নানান উত্তৰহীন প্ৰশ্নৰ উদ্ৰেক ঘটাই আছে৷ কি কাৰণত সুশান্তই আত্মহত্যা কৰিলে সেয়া এতিয়াও ৰহস্য হৈয়েই আছে৷ ইয়াৰ মাজতে সুশান্তক অত্যধিক দ্ৰাগছত আসক্ত কৰোৱালৈ সুশান্তৰে প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীয়ে উদগনি যোগোৱা বুলি তথ্য প্ৰকাশ কৰিছে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ই৷
নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ই শেহতীয়াকৈ দাখিল কৰা অভিযোগনামাত এই কথা স্পষ্ট ভাবে কোৱা হৈছে যে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে তেওঁৰ প্ৰেমিক তথা অভিনেতা সুশান্ত সিং ৰাজপুতক বাবে নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰাত সহায় কৰাৰ লগতে তেওঁক "অত্যাধিক ড্ৰাগছ আসক্তি"ৰ বাবে উদগনি যোগাইছিল। উল্লেখ্য সুশান্ত সিং ৰাজপুতক ২০২০ চনৰ ১৪ জুনত তেওঁৰ বাসগৃহত মৃত অৱস্থাত পোৱা গৈছিল।
তেওঁৰ মৃত্যুৰ সৈতে সম্পৰ্কিত ড্ৰাগছ সম্পৰ্কীয় গোচৰৰ তদন্ত এনচিবি কৰি আছে৷ গোচৰটোত ৩৫ জন অভিযুক্তৰ বিৰুদ্ধে মুঠ ৩৮ টা অভিযোগ অনা হৈছে। নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স (এনডিপিএছ) আইনৰ অধীনত এনচিবিয়ে বিশেষ আদালতক প্ৰদান কৰা খচৰা অভিযোগত প্ৰতিজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগৰ বিৱৰণ দিয়া হৈছে। সুশান্ত সিং ৰাজপুতৰ তেতিয়াৰ প্ৰেমিকা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে খচৰা অভিযোগত কোৱা হৈছে, "ৰিয়া চক্ৰৱৰ্তীয়ে চেমুৱেল মিৰাণ্ডাৰ পৰা গাঞ্জা লাভ কৰিছিল, শ্বইক চাৰোবৰ্টি ,দীপেশ সাৱন্ত আৰু অন্যান্যসকলে সেই গাঞ্জা অভিনেতা সুশান্ত সিং ৰাজপুতক হস্তান্তৰ কৰিছিল আৰু মাৰ্চ ২০২০ ৰ পৰা ছেপ্টেম্বৰ ২০২০ লৈকে শ্বইক আৰু সুশান্ত সিং ৰাজপুতৰ নামত সেই গাঞ্জাৰ বাবে দিবলগীয়া ধন ৰিয়াৰ হাতেৰে পৰিশোধ কৰা হৈছিল।"
খচৰা অভিযোগত কোৱা হৈছে যে ৰিয়া চক্ৰৱৰ্তীয়ে এনেদৰে গাঞ্জা সৰবৰাহত সহায় কৰি অপৰাধ কৰিছে। চিকিৎসা বা বৈজ্ঞানিক উদ্দেশ্যৰ বাহিৰে গাঞ্জাৰ সৰবৰাহ ভাৰতত অবৈধ।সেয়ে ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰা আৰোপ কৰা হৈছে৷ গোচৰটোৰ ৩৫ জন অভিযুক্তৰ বিৰুদ্ধে সাধাৰণতে খচৰা অভিযোগত কোৱা হৈছে যে তেওঁলোক সকলোৱে "মাৰ্চ ২০২০ ৰ পৰা ডিচেম্বৰ ২০২০ লৈকে বলীউডত নিচাযুক্ত দ্ৰব্যৰ ক্ৰয়, বিক্ৰী, পৰিবহন, বিতৰণ, মুম্বাই মেট্ৰ'পলিটান অঞ্চলৰ ভিতৰত বৈধ অনুজ্ঞাপত্ৰ, অনুমতি বা অনুমোদন অবিহনে গাঞ্জা, চাৰচ, এলএছডি, কোকেইন আৰু অন্যান্য নিচাযুক্ত ঔষধ আৰু দ্ৰাগছ সৰবৰাহৰ দৰে অপৰাধ সংঘটিত কৰিছে।"
ইপিনে সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ অধিবক্তা বিকাশ সিঙে ৰাজপুতৰ আত্মহত্যাৰ বাবে কেৱল ড্ৰাগছকেই দায়ী কৰাৰ বিষয়ত আপত্তি দৰ্শাই আহিছে৷অধিবক্তাগৰাকীয়ে কৈ আহিছে যে এনচিবিয়ে প্ৰকৃততে মিডিয়াত চৰ্চিত হৈ থাকিব বিচাৰে। সেয়ে এনচিবিয়ে বলিউডক বদনাম কৰিবলৈ টাৰ্গেট কৰি লৈছে।
তদুপৰি তেওঁ কৈছিল যে এনচিবিয়ে ড্ৰাগছৰ অনিয়মীয়া ব্যৱহাৰকাৰীসকলকহে লক্ষ্য কৰি লৈছে। কিন্তু দিল্লীৰ দৰে চহৰসমূহৰ অভিজাত পাৰ্টিসমূহত আনকি শিশুসকলেও ড্ৰাগছ সেৱন কৰে। ক্ষমতাশালী লোকসকলো তাত উপস্থিত থাকে। সেয়ে উক্ত অভিজাত পাৰ্টিসমূহো ৰেইড কৰিবলৈ তেওঁ এনচিবিক পৰামৰ্শ দিছিল।
ৰিয়া চক্ৰৱৰ্তীয়ে সুশান্তক ড্ৰাগছ যোগান ধৰাৰ কেইবাটাও প্ৰমাণ ইতিমধ্যে এনচিবিয়ে লাভ কৰিছে৷ তেনে প্ৰমাণৰ ভিত্তিতে এনচিবিয়ে ৰিয়াৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে৷