--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চমু চাপিছে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। অহা ১০ ফেব্ৰুৱাৰীৰ পৰা সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব উত্তৰ প্ৰদেশ, পঞ্জাব, মণিপুৰ, গোৱা আৰু উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচন। কিন্তু এটা দিশৰ পৰা এই নিৰ্বাচন ব্যতিক্ৰমী হ’বলৈ গৈ আছে। সেয়া হৈছে যে, এইবাৰ কোনো ধৰণৰ বৃহৎ ৰেলী, সমাৱেশ অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া হোৱা নাই নিৰ্বাচনত। নিৰ্বাচন আয়োগে দেশৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পদযাত্ৰা, চাইকেল ৰেলী, বৃহৎ ৰাজনৈতিক সভা আদি অনুষ্ঠিত কৰাত বাধা আৰোপ কৰি ৰাখিছে নিৰ্বাচন আয়োগে। কেইবাৰো এই নিষেধাজ্ঞা বৃদ্ধি কৰা হৈছে আৰু নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া বিভিন্ন ক’ভিড বিধিৰ মাজেৰেহে নিৰ্বাচনত অংশ ল’বলৈ ৰাজনৈতিক দলবোৰক অনুমতি দিয়া হৈছে। নিৰ্বাচন আয়োগৰ কঠোৰ ভূমিকাৰ বাবে প্ৰথমবাৰৰ বাবে দেশত ভাৰ্চুৱেল ৰেলী বা সমাৱেশৰ জৰিয়তে নিৰ্বচনী প্ৰচাৰ চলাবলৈ বাধ্য হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দল। নিৰ্বাচনী বিধি বলৱৎ কৰাৰ পাছৰে পৰাই এই ক’ভিড বিধিও বলৱৎ কৰিছিল নিৰ্বাচন আয়োগে। এতিয়া পুনৰ পদযাত্ৰা, চাইকেল ৰেলী বা আন নিৰ্বাচনী শোভাযাত্ৰাৰ ক্ষেত্ৰত বাধা-নিষেধ বৃদ্ধি কৰা হৈছে। অৱশ্যে আয়োগে ইনড’ৰ আৰু আউটড’ৰ নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত থকা বাধা-নিষেধ কিছু শিথিল কৰি দিছে। শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ প্ৰতিনিধিৰ সৈতে নিৰ্বাচন আয়োগৰ প্ৰতিনিধিয়ে মিলিত হৈ দেশৰ ক’ভিড পৰিস্থিতি সম্পৰ্কত আলোচনা কাৰৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰে। আয়োগে এক বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰে যে, ‘দেশৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ পাছত আউটড’ৰ আৰু ইনড’ৰ নিৰ্বাচনী সভাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা শিথিল কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। কিন্তু এতিয়াও পদযাত্ৰা, চাইকেল ৰেলী আদি অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হোৱা নাই। তদুপৰি নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ সময়ত বিভিন্ন জিলা প্ৰশাসনে জাৰি কৰা বাধা নিষেধসমূহ মানি চলিব লাগিব ৰাজনৈতিক দলসমূহে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
মধ্য প্রাচ্যৰ পৰিস্থিতিয়ে বিশ্বলৈ বিনাশ মাতি আনিব পাৰে:ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান গুটাৰেছ
জুলাইত পৰিবহণ বিভাগৰ 'সম্পূৰ্ণ সেৱা মাহ'
UPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলক আছুৱে কৰিব সহায়
যদি আপুনি বৃদ্ধ বয়সলৈকে সুস্থ আৰু ফিট হৈ থাকিব বিচাৰে তেন্তে এই কাম কৰক
তিনিচুকীয়া  স্ক্ৰেপিং প্ৰতিষ্ঠানত চুৰি ডাম্পাৰ উদ্ধাৰৰ অভিযোগ
পাকিস্তানলৈ বোৱা সিন্ধুৰ জলধাৰাৰ গতি পৰিৱৰ্তন কৰিব ৰাজস্থানলৈ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত