--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চমু চাপিছে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। অহা ১০ ফেব্ৰুৱাৰীৰ পৰা সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব উত্তৰ প্ৰদেশ, পঞ্জাব, মণিপুৰ, গোৱা আৰু উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচন। কিন্তু এটা দিশৰ পৰা এই নিৰ্বাচন ব্যতিক্ৰমী হ’বলৈ গৈ আছে। সেয়া হৈছে যে, এইবাৰ কোনো ধৰণৰ বৃহৎ ৰেলী, সমাৱেশ অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া হোৱা নাই নিৰ্বাচনত। নিৰ্বাচন আয়োগে দেশৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পদযাত্ৰা, চাইকেল ৰেলী, বৃহৎ ৰাজনৈতিক সভা আদি অনুষ্ঠিত কৰাত বাধা আৰোপ কৰি ৰাখিছে নিৰ্বাচন আয়োগে। কেইবাৰো এই নিষেধাজ্ঞা বৃদ্ধি কৰা হৈছে আৰু নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া বিভিন্ন ক’ভিড বিধিৰ মাজেৰেহে নিৰ্বাচনত অংশ ল’বলৈ ৰাজনৈতিক দলবোৰক অনুমতি দিয়া হৈছে। নিৰ্বাচন আয়োগৰ কঠোৰ ভূমিকাৰ বাবে প্ৰথমবাৰৰ বাবে দেশত ভাৰ্চুৱেল ৰেলী বা সমাৱেশৰ জৰিয়তে নিৰ্বচনী প্ৰচাৰ চলাবলৈ বাধ্য হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দল। নিৰ্বাচনী বিধি বলৱৎ কৰাৰ পাছৰে পৰাই এই ক’ভিড বিধিও বলৱৎ কৰিছিল নিৰ্বাচন আয়োগে। এতিয়া পুনৰ পদযাত্ৰা, চাইকেল ৰেলী বা আন নিৰ্বাচনী শোভাযাত্ৰাৰ ক্ষেত্ৰত বাধা-নিষেধ বৃদ্ধি কৰা হৈছে। অৱশ্যে আয়োগে ইনড’ৰ আৰু আউটড’ৰ নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত থকা বাধা-নিষেধ কিছু শিথিল কৰি দিছে। শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ প্ৰতিনিধিৰ সৈতে নিৰ্বাচন আয়োগৰ প্ৰতিনিধিয়ে মিলিত হৈ দেশৰ ক’ভিড পৰিস্থিতি সম্পৰ্কত আলোচনা কাৰৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰে। আয়োগে এক বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰে যে, ‘দেশৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ পাছত আউটড’ৰ আৰু ইনড’ৰ নিৰ্বাচনী সভাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা শিথিল কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। কিন্তু এতিয়াও পদযাত্ৰা, চাইকেল ৰেলী আদি অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হোৱা নাই। তদুপৰি নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ সময়ত বিভিন্ন জিলা প্ৰশাসনে জাৰি কৰা বাধা নিষেধসমূহ মানি চলিব লাগিব ৰাজনৈতিক দলসমূহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ