--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমস্যাত পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মুম্বাইৰ মেট্ৰ'পলিটান মেজিষ্ট্ৰেট আদালতে মমতা বেনাৰ্জীক ২ মাৰ্চত আদালতত হাজিৰ হ'বলৈ চমন জাৰি কৰিছে। এজন বিজেপি নেতাই মমতাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সংগীতক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে। মুম্বাই ভ্ৰমণৰ সময়ত মমতা বেনাৰ্জীয়ে ৰাষ্ট্ৰীয় সংগীতক অপমান কৰাৰ অভিযোগ তুলি মুম্বাইৰ এজন বিজেপি নেতাই দাখিল কৰিছে এজাহাৰ। বিজেপি নেতাজনে অভিযোগ কৰিছিল যে মমতা বেনাৰ্জীয়ে মুম্বাই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰীয় সংগীতক অপমান কৰিছিল। মমতাই বহি বহি ৰাষ্ট্ৰীয় সংগীত গাইছিল আৰু ৪-৫ শাৰী গোৱাৰ পাছত তেওঁ থিয় হৈ ৰাষ্ট্ৰীয় সংগীত গাবলৈ আৰম্ভ কৰিছিল।সেয়াও তেওঁ আধাকৈ গাইছিল।বিজেপি নেতাজনে অভিযোগ কৰি কৈছিল যে মমতা বেনাৰ্জীয়ে ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইন, ১৯৭১ৰ অধীনত এই অপৰাধ কৰিছিল। অভিযোগকাৰীজনে অভিযোগ কৰিছিল যে আৰক্ষীৰ ওচৰত অভিযোগ কৰা স্বত্বেও কোনো এজাহাৰ দাখিল কৰা হোৱা নাছিল। সেয়েহে আদালতক মমতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ চেষ্টা কৰা হৈছে। মমতা বেনাৰ্জীয়ে দুমাহ পূৰ্বে মুম্বাই ভ্ৰমণ কৰিছিল। তাত তেওঁ এনচিপি নেতা শাৰদ পাৱাৰ, শিৱসেনাৰ নেতা সঞ্জয় ৰাউট আৰু আদিত্য ঠাকৰেকে ধৰি কেইবাজনো নেতাক লগ কৰিছিল। ইয়াৰ উপৰিও তেওঁ মুম্বাইত এখন সংবাদমেলো অনুষ্ঠিত কৰে। এই সময়ছোৱাত সংবাদমেল আৰম্ভ হোৱাৰ আগতে বহি বহি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সংগীত গাবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে ৰাষ্ট্ৰীয় সংগীতটো সম্পূৰ্ণকৈ নাগায় অসম্পূৰ্ণ কৰি ৰাখিছিল আৰু তেনেকৈয়ে সংবাদমেলখন অনুষ্ঠিত কৰিছিল। মমতা বেনাৰ্জীৰ এই আচৰণৰ বাবে বহুতো লোক ক্ষুব্ধ হৈছিল। আৰু পঢ়কঃ মই মুছলমান, যশ হিন্দু, আমাৰ পুত্ৰ হ’ব ছেক্যুলাৰঃ নুছৰত জাহান  

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম