--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমস্যাত পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মুম্বাইৰ মেট্ৰ'পলিটান মেজিষ্ট্ৰেট আদালতে মমতা বেনাৰ্জীক ২ মাৰ্চত আদালতত হাজিৰ হ'বলৈ চমন জাৰি কৰিছে। এজন বিজেপি নেতাই মমতাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সংগীতক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে। মুম্বাই ভ্ৰমণৰ সময়ত মমতা বেনাৰ্জীয়ে ৰাষ্ট্ৰীয় সংগীতক অপমান কৰাৰ অভিযোগ তুলি মুম্বাইৰ এজন বিজেপি নেতাই দাখিল কৰিছে এজাহাৰ। বিজেপি নেতাজনে অভিযোগ কৰিছিল যে মমতা বেনাৰ্জীয়ে মুম্বাই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰীয় সংগীতক অপমান কৰিছিল। মমতাই বহি বহি ৰাষ্ট্ৰীয় সংগীত গাইছিল আৰু ৪-৫ শাৰী গোৱাৰ পাছত তেওঁ থিয় হৈ ৰাষ্ট্ৰীয় সংগীত গাবলৈ আৰম্ভ কৰিছিল।সেয়াও তেওঁ আধাকৈ গাইছিল।বিজেপি নেতাজনে অভিযোগ কৰি কৈছিল যে মমতা বেনাৰ্জীয়ে ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইন, ১৯৭১ৰ অধীনত এই অপৰাধ কৰিছিল। অভিযোগকাৰীজনে অভিযোগ কৰিছিল যে আৰক্ষীৰ ওচৰত অভিযোগ কৰা স্বত্বেও কোনো এজাহাৰ দাখিল কৰা হোৱা নাছিল। সেয়েহে আদালতক মমতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ চেষ্টা কৰা হৈছে। মমতা বেনাৰ্জীয়ে দুমাহ পূৰ্বে মুম্বাই ভ্ৰমণ কৰিছিল। তাত তেওঁ এনচিপি নেতা শাৰদ পাৱাৰ, শিৱসেনাৰ নেতা সঞ্জয় ৰাউট আৰু আদিত্য ঠাকৰেকে ধৰি কেইবাজনো নেতাক লগ কৰিছিল। ইয়াৰ উপৰিও তেওঁ মুম্বাইত এখন সংবাদমেলো অনুষ্ঠিত কৰে। এই সময়ছোৱাত সংবাদমেল আৰম্ভ হোৱাৰ আগতে বহি বহি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সংগীত গাবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে ৰাষ্ট্ৰীয় সংগীতটো সম্পূৰ্ণকৈ নাগায় অসম্পূৰ্ণ কৰি ৰাখিছিল আৰু তেনেকৈয়ে সংবাদমেলখন অনুষ্ঠিত কৰিছিল। মমতা বেনাৰ্জীৰ এই আচৰণৰ বাবে বহুতো লোক ক্ষুব্ধ হৈছিল। আৰু পঢ়কঃ মই মুছলমান, যশ হিন্দু, আমাৰ পুত্ৰ হ’ব ছেক্যুলাৰঃ নুছৰত জাহান  

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক