--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ঐতিহাসিক পৰ্যটনস্থলী অজন্তা আৰু ইলোৰা গুহা পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। ক’ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পোৱাৰ পাছত পৰ্যটকসকলৰ বাবে অজন্তা আৰু ইলোৰাৰ গুহা পুনৰ মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে মহাৰাষ্ট্ৰ চৰকাৰে। বুধবাৰৰ পৰা পৰ্যটক সকলৰ বাবে মুকলি কৰি দিয়া হয় অজন্তা আৰু ইলোৰা গুহা।অৱশ্যে পৰ্যটকসকলৰ বাবে কভিড প্ৰটকল বাহাল থাকিব। ক’ভিড ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ পৰ্যটকসকলৰ লগত থকাটো বাধ্যতামূলক বুলি নিৰ্দেশনা জাৰি কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। ইতিমধ্যে পৰ্যটকসকলৰ বাবে অনলাইন টিকট বুকিং মুকলি কৰা হৈছে। প্ৰতিবছৰে দেশ-বিদেশৰ অলেখ পৰ্যটকে অজন্তা আৰু ইলোৰাৰ গুহা চাবলৈ ভিৰ কৰেহি। ভাৰতীয় পুৰাতত্ত্ব গৱেষণাৰ ঔৰাংগাবাদ কেন্দ্ৰৰ বিষয়া ড০ মিলন কুমাৰ চাউলে অজন্তা আৰু ইলোৰাৰ গৃহ পৰ্যটক সকলৰ বাবে মুকলি কৰি দিয়াৰ পাছত পুনৰ বহুসংখ্যক পৰ্যটকে ভিৰ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে। উল্লেখযোগ্য যে ক’ভিড সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰাত ৮ জানুৱাৰীৰ পৰা বন্ধ কৰি দিয়া হৈছিল অজন্তা আৰু ইলোৰা গুহা। মহাৰাষ্ট্ৰ চৰকাৰে পৰ্যায়ক্ৰমে পৰ্যটকৰ বাবে আন আন পৰ্যটনস্থলীসমূহো মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু পঢ়কঃ ৰাষ্ট্ৰীয় সংগীতক অপমান! মমতা বেনাৰ্জীক চমন জাৰি মুম্বাই আদালতৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ