--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ঐতিহাসিক পৰ্যটনস্থলী অজন্তা আৰু ইলোৰা গুহা পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। ক’ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পোৱাৰ পাছত পৰ্যটকসকলৰ বাবে অজন্তা আৰু ইলোৰাৰ গুহা পুনৰ মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে মহাৰাষ্ট্ৰ চৰকাৰে। বুধবাৰৰ পৰা পৰ্যটক সকলৰ বাবে মুকলি কৰি দিয়া হয় অজন্তা আৰু ইলোৰা গুহা।অৱশ্যে পৰ্যটকসকলৰ বাবে কভিড প্ৰটকল বাহাল থাকিব। ক’ভিড ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ পৰ্যটকসকলৰ লগত থকাটো বাধ্যতামূলক বুলি নিৰ্দেশনা জাৰি কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। ইতিমধ্যে পৰ্যটকসকলৰ বাবে অনলাইন টিকট বুকিং মুকলি কৰা হৈছে। প্ৰতিবছৰে দেশ-বিদেশৰ অলেখ পৰ্যটকে অজন্তা আৰু ইলোৰাৰ গুহা চাবলৈ ভিৰ কৰেহি। ভাৰতীয় পুৰাতত্ত্ব গৱেষণাৰ ঔৰাংগাবাদ কেন্দ্ৰৰ বিষয়া ড০ মিলন কুমাৰ চাউলে অজন্তা আৰু ইলোৰাৰ গৃহ পৰ্যটক সকলৰ বাবে মুকলি কৰি দিয়াৰ পাছত পুনৰ বহুসংখ্যক পৰ্যটকে ভিৰ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে। উল্লেখযোগ্য যে ক’ভিড সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰাত ৮ জানুৱাৰীৰ পৰা বন্ধ কৰি দিয়া হৈছিল অজন্তা আৰু ইলোৰা গুহা। মহাৰাষ্ট্ৰ চৰকাৰে পৰ্যায়ক্ৰমে পৰ্যটকৰ বাবে আন আন পৰ্যটনস্থলীসমূহো মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু পঢ়কঃ ৰাষ্ট্ৰীয় সংগীতক অপমান! মমতা বেনাৰ্জীক চমন জাৰি মুম্বাই আদালতৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ