--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীয়ে বৰ্তমান সংবাদ  শিৰোনাম দখল কৰি আছে। অয়ন মুখাৰ্জীৰ শেহতীয়াকৈ মুক্তি প্ৰাপ্ত চলচ্চিত্ৰ ব্ৰহ্মাস্ত্ৰৰ  সমালোচনা কৰাৰ পৰা এতিয়া কৰণ জোহৰৰ টক শ্ব' কফি উইথ কৰণৰ বিষয়ে তেওঁৰ মতামত আদিয়ে তেওঁক সংবাদ শিৰোনামত ৰাখিছে।

চলচ্চিত্ৰ নিৰ্মাতাজনে তেওঁৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত চলচ্চিত্ৰ দ্য কাশ্মীৰ ফাইলছৰ সফলতাৰ পিছত দেশবাসীৰ মাজত বেছ চৰ্চিত হৈ পৰিছে। কেতিয়াবা কেতবোৰ  বিতৰ্কিত মন্তব্যৰ বাবেও তেওঁ চৰ্চালৈ আহিছে। এটা নিউজ পৰ্টেলৰ সৈতে হোৱা শেহতীয়া সাক্ষাৎকাৰত,বিবেকে  প্ৰকাশ কৰিছে যে তেওঁ কৰণ জোহৰৰ অনুষ্ঠান কফি উইথ কৰণত উপস্থিত নাথাকে।

ব্ৰুট ইণ্ডিয়াৰ সৈতে এক শেহতীয়া সাক্ষাৎকাৰত বিবেক অগ্নিহোত্ৰীয়ে কৰণ জোহৰৰ দ্বাৰা পৰিচালিত জনপ্ৰিয় চেলিব্ৰিটি টক শ্ব' কফি উইথ কৰণৰ বিষয়ে মন্তব্য কৰে।  কাশ্মীৰ ফাইলছৰ পৰিচালকজনক সোধা হৈছিল যে  তেওঁক কফি উইথ কৰণত অতিথি হ'ব বুলি কেতিয়া আশা কৰিব পাৰিনে? বিবেক অগ্নিহোত্ৰীয়ে কয়  যে তেওঁ নিজকে তেনে ধৰণৰ প্ৰদৰ্শনীৰ বাবে উপযুক্ত বুলি নাভাবে।

তেওঁ লগতে কয় যে অনুষ্ঠানটোৰ বিষয়বস্তু হৈছে চেলিব্ৰেটীসকলৰ যৌন জীৱনৰ বিষয়ে আলোচনা কৰা আৰু টিভিত  এনে ধৰণৰ বিষয়বোৰৰ বিষয়ে মুকলি কৈ আলোচনা কৰা। নিজকে এজন অ-যৌন-কেন্দ্ৰিক ব্যক্তি বুলি অভিহিত কৰি বিবেকে কয়: "মই সেই শ্ব#টোলৈ নাযাওঁ, কাৰণ তাত মোৰ অৱদান দিবলৈ একো নাই। মানে, মই তেনে যৌনধৰ্মী কথা পাতিব নোৱাৰো, মই এতিয়া মধ্যবয়স্কতকৈ বেছি বয়সৰ। মোৰ দুটা সন্তান আছে। গতিকে মই নাযাওঁ... যৌনতা মোৰ জীৱনৰ প্ৰাথমিক চিন্তা নহয়। আৰু মই তাত বহি অস্বস্তি অনুভৱ কৰিম .. মই অতি আধ্যাত্মিক, মই খুব যৌন-কেন্দ্ৰিক ব্যক্তি নহয়, যদিও মই মোৰ পত্নীৰ সৈতে সেয়া উপভোগ কৰোঁ। কিন্তু মই তেনে লোক নহয়... যিয়ে তেওঁৰ জীৱনটো কেৱল যৌনতাৰ চাৰিওফালে ঘূৰাই লৈ ফুৰে ...  কোনে কাৰ সৈতে শুই আছে আদি কথাবোৰকলৈ চিন্তিত হৈ থাকে।"  

সাক্ষাৎকাৰটোত বিবেক অগ্নিহোত্ৰীয়ে লগতে কয় যে কৰণ জোহৰে তেওঁৰ  বন্ধু আৰু পৰিয়ালৰ বাবে তেওঁৰ টক শ্ব' কফি উইথ কৰণ সৃষ্টি কৰিছিল, যিসকলে টিভিত তেওঁলোকৰ ব্যক্তিগত জীৱনৰ বিষয়ে কথা পাতি ভাল পায়। কেৱল এয়াই নহয়, চলচ্চিত্ৰ নিৰ্মাতাজনে এইটোও স্বীকাৰ কৰিছে যে বহু লোক কৰণৰ অনুষ্ঠানৰ পক্ষত নাই ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement