--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীয়ে বৰ্তমান সংবাদ  শিৰোনাম দখল কৰি আছে। অয়ন মুখাৰ্জীৰ শেহতীয়াকৈ মুক্তি প্ৰাপ্ত চলচ্চিত্ৰ ব্ৰহ্মাস্ত্ৰৰ  সমালোচনা কৰাৰ পৰা এতিয়া কৰণ জোহৰৰ টক শ্ব' কফি উইথ কৰণৰ বিষয়ে তেওঁৰ মতামত আদিয়ে তেওঁক সংবাদ শিৰোনামত ৰাখিছে।

চলচ্চিত্ৰ নিৰ্মাতাজনে তেওঁৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত চলচ্চিত্ৰ দ্য কাশ্মীৰ ফাইলছৰ সফলতাৰ পিছত দেশবাসীৰ মাজত বেছ চৰ্চিত হৈ পৰিছে। কেতিয়াবা কেতবোৰ  বিতৰ্কিত মন্তব্যৰ বাবেও তেওঁ চৰ্চালৈ আহিছে। এটা নিউজ পৰ্টেলৰ সৈতে হোৱা শেহতীয়া সাক্ষাৎকাৰত,বিবেকে  প্ৰকাশ কৰিছে যে তেওঁ কৰণ জোহৰৰ অনুষ্ঠান কফি উইথ কৰণত উপস্থিত নাথাকে।

ব্ৰুট ইণ্ডিয়াৰ সৈতে এক শেহতীয়া সাক্ষাৎকাৰত বিবেক অগ্নিহোত্ৰীয়ে কৰণ জোহৰৰ দ্বাৰা পৰিচালিত জনপ্ৰিয় চেলিব্ৰিটি টক শ্ব' কফি উইথ কৰণৰ বিষয়ে মন্তব্য কৰে।  কাশ্মীৰ ফাইলছৰ পৰিচালকজনক সোধা হৈছিল যে  তেওঁক কফি উইথ কৰণত অতিথি হ'ব বুলি কেতিয়া আশা কৰিব পাৰিনে? বিবেক অগ্নিহোত্ৰীয়ে কয়  যে তেওঁ নিজকে তেনে ধৰণৰ প্ৰদৰ্শনীৰ বাবে উপযুক্ত বুলি নাভাবে।

তেওঁ লগতে কয় যে অনুষ্ঠানটোৰ বিষয়বস্তু হৈছে চেলিব্ৰেটীসকলৰ যৌন জীৱনৰ বিষয়ে আলোচনা কৰা আৰু টিভিত  এনে ধৰণৰ বিষয়বোৰৰ বিষয়ে মুকলি কৈ আলোচনা কৰা। নিজকে এজন অ-যৌন-কেন্দ্ৰিক ব্যক্তি বুলি অভিহিত কৰি বিবেকে কয়: "মই সেই শ্ব#টোলৈ নাযাওঁ, কাৰণ তাত মোৰ অৱদান দিবলৈ একো নাই। মানে, মই তেনে যৌনধৰ্মী কথা পাতিব নোৱাৰো, মই এতিয়া মধ্যবয়স্কতকৈ বেছি বয়সৰ। মোৰ দুটা সন্তান আছে। গতিকে মই নাযাওঁ... যৌনতা মোৰ জীৱনৰ প্ৰাথমিক চিন্তা নহয়। আৰু মই তাত বহি অস্বস্তি অনুভৱ কৰিম .. মই অতি আধ্যাত্মিক, মই খুব যৌন-কেন্দ্ৰিক ব্যক্তি নহয়, যদিও মই মোৰ পত্নীৰ সৈতে সেয়া উপভোগ কৰোঁ। কিন্তু মই তেনে লোক নহয়... যিয়ে তেওঁৰ জীৱনটো কেৱল যৌনতাৰ চাৰিওফালে ঘূৰাই লৈ ফুৰে ...  কোনে কাৰ সৈতে শুই আছে আদি কথাবোৰকলৈ চিন্তিত হৈ থাকে।"  

সাক্ষাৎকাৰটোত বিবেক অগ্নিহোত্ৰীয়ে লগতে কয় যে কৰণ জোহৰে তেওঁৰ  বন্ধু আৰু পৰিয়ালৰ বাবে তেওঁৰ টক শ্ব' কফি উইথ কৰণ সৃষ্টি কৰিছিল, যিসকলে টিভিত তেওঁলোকৰ ব্যক্তিগত জীৱনৰ বিষয়ে কথা পাতি ভাল পায়। কেৱল এয়াই নহয়, চলচ্চিত্ৰ নিৰ্মাতাজনে এইটোও স্বীকাৰ কৰিছে যে বহু লোক কৰণৰ অনুষ্ঠানৰ পক্ষত নাই ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?