--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইনত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক হত্যা কৰিলে ৭.৫ কোটি টকাৰ পুৰস্কাৰ দিয়া হ'ব বুলি ঘোষণা কৰিছে ৰাছিয়াৰ এগৰাকী ব্যৱসায়ীয়ে। ৰাছিয়াৰ এই ব্যৱসায়ীগৰাকীৰ নাম এলেক্স কোনানিখিন। ৰাষ্ট্ৰপতি পুটিনক হত্যা বা গ্ৰেপ্তাৰ কৰিলে ৭.৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা এলেক্স কোনানিখিনৰ। এই সন্দৰ্ভত লোকজনে ছ'চিয়েল মিডিয়াত এক প'ষ্টো শ্বেয়াৰ কৰিছে। এলেক্স কোনানিখিনে ছ'চিয়েল মিডিয়াত পুটিনৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে-''জীৱিত বা মৃত। মই প্ৰতিশ্ৰুতি দিছো যে, যিজন লোকে সাংবিধানিক ভাৱে নাইবা যুদ্ধ অপৰাধী হিচাপে পুটিনক গ্ৰেপ্তাৰ বা হত্যা কৰিব তেওঁক ৭.৫ কোটি টকাৰ পুৰষ্কাৰ প্ৰদান কৰা হ'ব।'' পোষ্টটোত এলেক্সে আৰু কৈছিল যে ''পুটিন ৰাছিয়াৰ ৰাষ্ট্ৰপতি নহয়। তেওঁ এজন অপৰাধী। ৰাছিয়াৰ এজন নাগৰিক হিচাপে ৰাছিয়াক নাজীবাদ আৰু ইয়াৰ প্ৰভাৱৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰাটো মোৰ নৈতিক কৰ্তব্য।'' ৰাছিয়াৰ ব্যৱসায়ীয়ে নিজ দেশৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে কোৱা এই কথাই এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে। এলেক্স কোনানিখিনৰ এই প'ষ্ট এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। আৰু পঢ়কঃ মই ধুনীয়া আৰু ‘হট’ বাবে মোক ভাড়াঘৰৰ মালিকে উলিয়াই দিলে! মডেলৰ গুৰুতৰ অভিযোগ

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ